36.3 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমনৱহতীয়া আঞ্চলিক ভক্তপ্ৰাণ ৰাইজৰ উদ্যোগত শীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান

নৱহতীয়া আঞ্চলিক ভক্তপ্ৰাণ ৰাইজৰ উদ্যোগত শীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান

নৱহতীয়া আঞ্চলিক ভক্তপ্ৰাণ ৰাইজৰ উদ্যোগত শীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান
দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড ১৭ মে’ :- বিশ্বত শান্তি প্ৰতিষ্ঠা, মানৱ কল্যাণ তথা অঞ্চলৱাসীৰ মঙ্গল কামনাৰে জাগীৰোডৰ সমীপৰ নৱহতীয়া আঞ্চলিক ভক্তপ্ৰাণ ৰাইজৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে আজি অনুষ্ঠিত হয় শ্ৰীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান। নৱহতীয়া আঞ্চলিক ৰংগমঞ্চত অনুষ্ঠিত অনুষ্ঠানত ভাগৱত পাঠ আৰু ব্যাখ্যা আগবঢ়ায় উত্তৰ পূৱ ভাৰতৰ সুবৃহৎ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণাচাৰ্য মহেশ মহন্তই । আনহাতে অনুষ্ঠানৰ পূৰ্বে পুৱা ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰীশ্ৰী দহতীয়া সত্ৰৰ সত্ৰাধিকাৰ কমলাকান্ত মহন্তই। তোৰণ উন্মোচণ কৰে নবহতীয়া গাঁও প্ৰধান খগেন মহন্তই । গছপুলি ৰোপন কৰে ক্ৰমে কাৰ্বি ৱেলফেয়াৰ অট’ন’মাছ কাউন্সিলৰ সদস্য টিকেন বাংঠাই আৰু প্ৰাক্তন বনকৰ্মী প্ৰমোদ শইকীয়াই। লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি নিবেদন কৰে সৰ্বেশ্বৰ কলিতা আৰু যোগেন কলিতাই। আনহাতে এক আধ্যাত্মিক জ্ঞান আৰু ভক্তি ৰসেৰে মুখৰিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বৃহত্তৰ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগম হয় প্ৰায় তিনি শতাধিক ভকত-বৈষ্ণৱ তথা আই মাতৃৰ লগতে যুৱক যুৱতীসকল। উল্লেখ্য যে ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানটি শুভাৰম্ভ কৰে ব্যাখ্যাকাৰ লংকেশ্বৰ কলিতাই। ইফালে ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে শ্যামকানু সত্ৰৰ সত্ৰাধিকাৰ অতুল চন্দ্ৰ গোস্বামীয়ে।

RELATED ARTICLES
Lucknow
overcast clouds
36 ° C
36 °
36 °
41 %
6.1kmh
100 %
Wed
35 °
Thu
36 °
Fri
34 °
Sat
35 °
Sun
35 °

Most Popular