দৰং জিলাত সম্ভাৱ্য আকাশমাৰ্গীয় আক্ৰমণৰ জৰুৰীকালীন সময়ছোৱাত ল’বলগীয়া সাৱধানতা তথা সুৰক্ষা প্ৰস্তুতিমূলক অনুশীলনীৰ সফল সমাপন*
ষ্টাফ ৰিপ’ৰ্টাৰ , দৰং , ১৭ মে’ : কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে যোৱাকালি অৰ্থাৎ ১৬ মে’ ২০২৬ তাৰিখে সন্ধিয়া ৬:০০ বজাৰ পৰা ৮:০০ বজালৈ দৰং জিলাত দৰং অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত আৰু গুৱাহাটীহাটীস্থিত ভাৰতীয় বায়ুসেনাৰ সহযোগত দৰং জিলা প্ৰশাসনৰ বিশেষ সহযোগত তথা এক জৰুৰীকালীন “Air Raid Mock Exercise” তথা সুৰক্ষা প্ৰস্তুতিমূলক অনুশীলন সফলতাৰে সম্পন্ন কৰা হয়।
এই গুৰুত্বপূৰ্ণ অনুশীলনৰ লক্ষ্য আছিল সম্ভাব্য আকাশমাৰ্গীয় আক্ৰমণ, যুদ্ধকালীন বিপদ বা যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সময়ত জনসাধাৰণ আৰু বিভিন্ন চৰকাৰী বিভাগসমূহক অধিক সজাগ, সচেতন আৰু কাৰ্যক্ষম কৰি তোলা। অনুশীলনৰ সময়ত অতিৰিক্ত জিলা আয়ুক্ত অনুৰাগ ফুকন উপস্থিত থাকি সমগ্ৰ কাৰ্যসূচী পৰ্যবেক্ষণ কৰাৰ লগতে অংশগ্ৰহণকাৰী দলসমূহক উৎসাহ আৰু প্ৰেৰণা যোগায়।
‘ সতৰ্ক থাকক, সচেতন থাকক, সুৰক্ষিত থাকক’- কথাষাৰক শিৰোধাৰ্য্য কৰি অনুষ্ঠিত কৰা এই অনুশীলনৰ অংশ হিচাপে “Danger Siren” আৰু “All Clear Siren” বজোৱা হয়। ৰৈ ৰৈ বাজি থকা চাইৰেণ (Intermittent Siren) ক “Danger Siren” বুলি কোৱা হয়, যিয়ে সম্ভাৱ্য বিপদ বা জৰুৰী অৱস্থাৰ সতৰ্কবাণী প্ৰদান কৰে। আনহাতে, অবিৰতভাৱে বাজি থকা চাইৰেণ (Continuous Siren) ক “All Clear Siren” বুলি কোৱা হয়, যিয়ে বিপদমুক্ত বা স্বাভাৱিক অৱস্থা পুনৰ ঘূৰি অহাৰ সংকেত প্ৰদান কৰে।
এই অনুশীলনৰ সময়ত ব্লেকআউট ব্যৱস্থা, সুৰক্ষিত স্থানলৈ স্থানান্তৰণ, আহত লোকৰ উদ্ধাৰ, জৰুৰীকালীন চিকিৎসা সহায় আৰু তাৎক্ষণিক সঁহাৰি ব্যৱস্থাৰ ওপৰত বাস্তৱসম্মত প্ৰদৰ্শন কৰা হয়। মংগলদৈ অসামৰিক চিকিৎসালয়, অগ্নি নিৰ্বাপক বাহিনী, APDCL, DDMA আৰু বিভিন্ন বিষয়াসকল তথা অন্যান্য সংশ্লিষ্ট বিভাগসমূহে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আন্তঃবিভাগীয় সমন্বয় আৰু সেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে।
এই অনুশীলনী কাৰ্য্যসূচী জিলা প্ৰশাসন ত্তথা আৰক্ষী প্ৰশাসন, স্বাস্থ্য বিভাগ, জিলা পৰিবহন বিষয়া, জিলা তথ্য আৰু জনসংযোগ বিভাগ তথা অন্যান্য সংশ্লিষ্ট বিভাগৰ সহযোগিতাত দৰং অসামৰিক প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা সফলতাৰে সমাপন কৰা হয়। উল্লেখ্য যে, এই অনুশীলন কাৰ্যসূচীৰ নেতৃত্বত আছিল দৰং অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত উপ নিয়ন্ত্ৰক পলাশ বৰুৱা।

