লিডুত বিশাল নিৰ্বাচনী সভাত ভাজপাৰ অধ্যক্ষ নীতিন নবীন
দুৰ্নীতিৰ দৰ্পণ, মাৰ্ঘেৰিটা, ২৯ মাৰ্চঃ বিধানসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যৰ নিৰ্বাচনী বতাহ ক্ৰমাৎ উত্তপ্ত হ’বলৈ আৰম্ভ কৰিছে।সকলো ৰাজনৈতিক দলে ভোট বিচাৰি ভোটদাতা ৰাইজৰ কাষ চপা পৰিলক্ষিত হৈছে। ৰাজনৈতিক দল সমূহে অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা।আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লিডুৰ বজাৰ হাইস্কুল খেলপথাৰত ভাৰতীয় জনতা পাৰ্টিয়ে অনুষ্ঠিত কৰে এক বিশাল নিৰ্বাচনী সভা। গেৰুৱা দলটোৰ তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি ভৱেশ দত্তই আঁত ধৰা এই সভাত আদৰণি ভাষণ দিয়ে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ভাজপাৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ নীতিন নবীন।ভাষণত সভাপতি গৰাকীয়ে কয় যে অসমত বিগত দহ বছৰত উন্নয়নৰ গতি ক্ষীপ্ৰতৰ হৈছে। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হোৱা সভাপতি গৰাকীয়ে অসমত বিজেপিয়ে হেট্ৰিক কৰিব অৰ্থাৎ তৃতীয় বাৰৰ বাবে অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে।ডাবোল ইঞ্জিন চৰকাৰৰ কাৰ্যকালত অসমে উন্নয়নৰ ক্ষেত্ৰত বহু আগুৱাই যোৱা বুলি মন্তব্য কৰে। সভাপতি গৰাকীয়ে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা ভাস্কৰ শৰ্মাক বিপুল ভোটত জয়ী কৰাৰ আহ্বান জনায়। অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু উন্নয়ন মূলক কাম কাজ সন্দৰ্ভত উল্লেখ কৰি সভাপতি গৰাকীয়ে ২০১৬ৰ আগতে অসমৰ উন্নয়নৰ গতি অতি মন্থৰ আছিল মন্তব্য কৰে।সভাত সতীশ গড়ৰ উপ মুখ্যমন্ত্ৰী অৰুণ চাহুৱেও নিৰ্বাচনী প্ৰচাৰ চলাই উন্নয়নৰ গতি অব্যাহত ৰখাৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান জনায়। সভাত ভাৰতীয় জনতা পাৰ্টীৰ মাৰ্ঘেৰিটা সদৰ মণ্ডলৰ সভাপতি সুমন খালেন, টাউন মণ্ডলৰ সভাপতি সুখদেৱ শৰ্মা আৰু ব্লক মণ্ডলৰ সভাপতি নৱ দত্তৰ আৰু জিলা সমিতিৰ সভাপতিৰ লগতে বহু কেই গৰাকী স্থানীয় নেতা উপস্থিত থাকে। ৰাষ্ট্ৰীয় সভাপতি গৰাকী বৰগোলাই দিহিং ক্ৰীড়া প্ৰকল্পৰ খেল পথাৰত নিৰ্মাণ কৰা অস্থায়ী হেলিপেডত আহি উপস্থিত হোৱাৰ লগে লগে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই আদৰণি জনায়।তাৰ পৰা এক বৃহৎ বাইক ৰেলীৰে সভাপতি গৰাকীক লিডু বজাৰ হাইস্কুল খেলপথাৰৰ সভাগৃহলৈ আদৰি আনে। সভাত কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।

