34.3 C
New Delhi
Thursday, July 30, 2026
spot_img
Homeঅসমপশ্চিম বংশৰ মৌজা বে-চৰকাৰী পঞ্চায়ত: ২৫ গৰাকী কৃতীমানক সম্বৰ্ধনা

পশ্চিম বংশৰ মৌজা বে-চৰকাৰী পঞ্চায়ত: ২৫ গৰাকী কৃতীমানক সম্বৰ্ধনা

পশ্চিম বংশৰ মৌজা বে-চৰকাৰী পঞ্চায়ত: ২৫ গৰাকী কৃতীমানক সম্বৰ্ধনা

দুৰ্নীতিৰ দৰ্পণ হাজো,১০ মে’: হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম বংশৰ মৌজা বে- চৰকাৰী পঞ্চায়তৰ উদ্যোগত প্ৰতিবছৰে মৌজা খনৰ অধীনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা ত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক উদগণি যোগাই আহিছে।এই বেলিও সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ ছাত্ৰী সকল ক অভিনন্দন জনোৱাৰ উদ্দেশ্যে আজি বিয়লি চাৰি বজাত বামুন্দী তৰুণ সংঘ আৰু পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।বে-চৰকাৰী পঞ্চায়তৰ সভাপতি বলেন চন্দ্ৰ মেধিৰ সভাপতিত্বত অনুস্থিত সভাৰ উদ্দেশ্যে বাখ্যা কৰে সম্পাদ ক নিকুঞ্জ কুমাৰ শৰ্মাই।সভাৰ আৰম্ভণিতে ছাত্ৰী সকলে সমবেত সংগীত পৰিৱেশন কৰে।সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিশ্বজিত দাসে ভাষণত কয় যি সকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত সফলতা লাভ কৰিছে তেওঁ লোকে অধিক আনন্দ আৰু যি সকলে উন্নত ধৰণে সফলতা লাভ কৰিব পৰা নাই তেও লোকে মনত বিফলতা শব্দটি আনিব নালাগে।কাৰণ বিফলতাই হে সফলতাৰ বাট দেখুৱাব পাৰে।তেওঁ ছাত্ৰ ছাত্ৰী সকলক জীৱনত কৃতকাৰ্য কেনেকৈ লাভ কৰিব পাৰে উদাহৰণ সহ বুজাই দিয়ে।সভাত এমট্ৰনৰ উপ প্ৰৱন্ধক তথা দাপোনৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ, শুৱালকুছি বি এম এছ কলেজৰ অধ্যক্ষ ড৹ নিহাৰ ৰঞ্জন কলিতা,বামুন্দী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সূৰ্যকান্ত কলিতাই ছাত্ৰ ছাত্ৰী সকলে নিষ্ঠা, একাগ্ৰতা আৰু হোৱা আগ্ৰহেৰে আগবাঢ়িলে নিশ্চয় সফলতা লাভ কৰিব পাৰি বুলি উল্লেখ কৰি সকলোৰে উজ্বল ভৱিষ্যত কামনা কৰে। হালোগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিপক কলিতা,লাহ পদ্মৰাম ভৰালী হাইস্কুলৰ প্ৰধান শিক্ষক মহেশ কলিতা,বামুন্দী হাই স্কুলৰ প্ৰধান শিক্ষক ইম ফাৰুল হক তালুকদাৰ, বামুন্দী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য নিভাষ কলিতা,প্ৰধান শিক্ষয়ি ত্ৰী বিচিত্ৰা কলিতা,কে চি কেৰ অধ্যক্ষ পৰশমণি কলিতায়ো ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য আগবঢ়াই।সভাত ছাত্ৰ ছাত্ৰীৰ হৈ তৃষ্ণা কলিতাই তেওঁ পৰীক্ষাত কেনেকৈ কৃতকাৰ্য লাভ কৰিব পাৰি সুন্দৰকৈ বুজাই দিয়ে।অৱসৰী বিষয় শিক্ষক মদন নাথে ছাত্ৰ ছাত্ৰী সকলৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰে। সভাত ৰ’জি ব্যাস, হিমচতা কলিতাই ৰাভা সংগীত পৰিৱেশন কৰে।এই সভাতে সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক ফুলাম গামোচা,অভিনন্দন পত্ৰ আৰু কিতাপৰ টোপোলাৰে অভি নন্দন জনাই।তাৰোপৰি বামুন্দী পৰীক্ষা কেন্দ্ৰৰ ভিতৰ ত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা(৯৮) তিনি গৰাকী কৃতী মানক বঁটা প্ৰদান কৰা হয়।

RELATED ARTICLES
Lucknow
overcast clouds
32.2 ° C
32.2 °
32.2 °
57 %
6.7kmh
100 %
Thu
32 °
Fri
33 °
Sat
36 °
Sun
32 °
Mon
30 °

Most Popular