31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমপীৰে কামিল হজৰত মৌলানা শেখ গোলাম ৰব্বানী চাহাবৰ ইন্তেকাল

পীৰে কামিল হজৰত মৌলানা শেখ গোলাম ৰব্বানী চাহাবৰ ইন্তেকাল

পীৰে কামিল হজৰত মৌলানা শেখ গোলাম ৰব্বানী চাহাবৰ ইন্তেকাল

দুৰ্নীতিৰ দৰ্পণ সেৱা, ডবকা, ১২ মার্চ: আৰিফ মজুমদাৰৰ ৰিপৰ্ট, – কামিল হজৰত মৌলানা শেখ গোলাম ৰব্বানী চাহাবৰ ইন্তেকালত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। মঙ্গলবাৰে দিনৰ প্ৰায় ১: ৪৫ মিনিটত তেওঁ নিজ বাসভবনত শেষ নিঃশ্বাস ত্যাগ কৰে। তেওঁৰ ইন্তেকালত ধর্মীয় আৰু সামাজিক মহলত গভীৰ শোক প্ৰকাশ কৰা হৈছে। মৰহুম মৌলানা ৰব্বানী চাহাব অঞ্চলটোৰ বাবে এজন অভিভাবক সদৃশ ব্যক্তি আছিল। প্রকৃততে তেওঁ আছিল এজন পথপ্রদর্শক, যাৰ ছাঁত বহু ছাত্র, আলেম আৰু সাধাৰণ লোকে শিক্ষালাভ কৰি সমাজত প্রতিষ্ঠা লাভ কৰিছে। তেওঁৰ স্নেহ, উপদেশ আৰু দিকনির্দেশনাই বহু লোকৰ জীৱন আলোকিত কৰিছিল। জানিব পৰা মতে, পঞ্চাশৰ দশকত তেওঁ ভাৰতৰ প্ৰসিদ্ধ ইছলামিক শিক্ষা প্রতিষ্ঠান Darul Uloom Deoband ৰ পৰা শিক্ষা সমাপ্ত কৰি নিজ অঞ্চললৈ উভতি আহিছিল। তাৰ পিছতে তেওঁ হোজাই জিলাৰ ৰৌৱাৰপাৰ অঞ্চলত এখন মাদ্ৰাছা প্রতিষ্ঠা কৰে, যিখন আজিও এশ্বাতুল ইছলাম ৰৌৱাৰপাৰ মাদ্ৰাছা নামেৰে সুপৰিচিত আৰু বহু শিক্ষার্থীক দ্বীনি শিক্ষা প্রদান কৰি আহিছে। ইয়াৰ পিছত তেওঁ নিজৰ জন্মস্থান যমুনা গাঁৱত এখন ছোৱালী মাদ্রাছা স্থাপন কৰে। সেই প্রতিষ্ঠানত বহু ছোৱালীয়ে ইছলামিক শিক্ষা লাভ কৰাৰ সুযোগ লাভ কৰে। তেওঁৰ এই পদক্ষেপে অঞ্চলটোত ছোৱালীৰ দ্বীনি শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মৌলানা ৰব্বানী চাহাব আছিল অত্যন্ত সৰল, ধর্মভীৰু আৰু সমাজসেৱাত নিবেদিতপ্রাণ ব্যক্তি। জীৱনৰ বৃহৎ অংশ তেওঁ শিক্ষা বিস্তাৰ, ধর্মীয় দিকনির্দেশনা আৰু সমাজ সংস্কাৰৰ কামত ব্যয় কৰিছিল। তেওঁৰ ইন্তেকালত অঞ্চলটোৱে এগৰাকী জ্ঞানী আলেম, আধ্যাত্মিক পথপ্রদর্শক আৰু সমাজসেৱকক হেৰুৱালে বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে। উত্তৰ-পূব ভাৰতৰ এগৰাকী বিশিষ্ট আলিম আৰু পীৰে কামিল হজৰত মৌলানা গুলাম ৰব্বানী ছাহাবৰ বিয়োগ আমাৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেত আছিল এগৰাকী প্রখ্যাত ইছলামী বিদ্বান, আলেম আৰু সমাজৰ পথপ্রদর্শক। তেখেতৰ ইন্তেকালৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ ধৰ্মীয় আৰু সামাজিক ক্ষেত্ৰত এক বৃহৎ শূন্যতাৰ সৃষ্টি হৈছে। তেখেতে জীৱনৰ সম্পূৰ্ণ সময় ইছলামৰ শিক্ষা প্ৰচাৰ, সমাজক সঠিক পথত পৰিচালনা আৰু মানুহক নৈতিক মূল্যবোধৰ দিশে আগবঢ়াবলৈ উৎসর্গা কৰিছিল। তেখেতৰ জ্ঞান, উপদেশ আৰু দিশ-নিৰ্দেশ বহু লোকৰ জীৱনত আলোক পাত কৰিছিল। তেখেতৰ দৰে এজন বিদ্বান আলিমৰ মৃত্যুৱে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বাবে গভীৰ শোক আৰু অপূৰণীয় ক্ষতি কঢ়িয়াই আনিছে। তেওঁৰ ইন্তেকালত বহু ছাত্র, অনুগামী আৰু শুভাকাংক্ষীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আল্লাহৰ ওচৰত তেওঁৰ মাগফিৰাত কামনা কৰিছে। ইফালে, অসম ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মুস্তাক আনফৰ, উত্তৰ নোৱাবিল মিছবাহুল উলুম তহফিজুল কোৰআন আলিয়া মাদ্রাছা (আমবাৰী) মাদ্রাছা পৰিচালনা কমিটিৰ ফালৰপৰা কপিল উদ্দিন, হোজাই জিলা এমাৰতে শ্বৰয়ীয়াহ ও নদুৱাতুত তামীৰ আৰু যুৱ নদুৱতুত তামীৰৰ ফালৰ পৰা সাঃ সম্পাদক মইন উদ্দিন লস্কৰ, বদৰ উদ্দিন আজমল, ৰেজাউল কৰিম চৌধুৰী সহ বিভিন্ন জনে মৰহুম মৌলানা ৰবাণী চাহাবৰ ইন্তেকালত গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে মৰহুমৰ ৰূহৰ মাগফিৰাত কামনা কৰাৰ লগতে পৰিয়ালবর্গক এই কঠিন সময়ত ধৈৰ্য্য ধাৰণ কৰাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স সম্পূর্ণ ১০০ বছৰ আছিল। বুধবাৰে দিনৰ ২ বজাত তেওঁৰ নিজ বাস ভৱনৰ ওচৰৰ খেতি পখাৰতত জানাজাৰ নামাজ অনুষ্ঠিত হয়।

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular