সমগ্ৰ ৰাজ্যই পালন কৰিব জুবিন বিহীন প্ৰথমটো ব’হাগ, সোঁৱৰিব কালজয়ী গীত “মায়াবিনী ৰাতিৰ বুকুত
চিৰাজুলীৰ পৰা শ্ৰী প্ৰবোধ কুমাৰ দাসৰ প্ৰতিবেদন, ১৩ এপ্ৰিল, দুৰ্নীতিৰ দৰ্পণ: ৰাজ্যৰ বিধানসভা নিৰ্বাচন শেষ হোৱাৰ লগে লগে আৰম্ভ হ’ল ৰঙালী বিহুৰ পাৰ ভঙা উসাহ-উদ্দীপনা৷ প্ৰান্তে -প্ৰান্তে আৰম্ভ হোৱা দেখা পোৱা গ’ল বিহুৰ নৃত্য, ধোলৰ প্ৰশিক্ষণৰ কৰ্মশালা৷ বিহুৰ এই উচাসৰ মাজতেই দেখা গ’ল আমাৰ আটাইৰে মৰমৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ জুবিন বিহীন প্ৰথমটো ব’হাগ৷ হেজাৰ হেজাৰ শ্ৰোতা- দৰ্শকৰ মন জয় কৰিবলৈ আমাৰ মৰমৰ জুবিন এইবাৰ আমাৰ মাজত নাহে৷ নাহে গাবলৈ “মায়াবিনী ৰাতিৰ বুকুত ৷“ শুনিবলৈ নাপাম ঐ নাহৰ গীতৰ সুমধুৰ গুঞ্জন৷ চিংগাপুৰত হোৱা ৰহস্যজনক জুবিনৰ মৃত্যুৰ বাতৰি আজিও প্ৰতিজন অসমীয়া, জুবিন প্ৰেমী ৰাইজে পাহৰিব পৰা নাই৷ ৩৮ হাজাৰত কৈয়ো অধিক গীতৰ স্ৰষ্টা জুবিন গাৰ্গ অবিহনে এইবাৰ অসমীয়াই উদাস, নীৰস ভাৱেই পালন কৰিব লাগিব জুবিন বিহীন প্ৰথমটো ব’হাগ৷ জুবিন আছিল ভগৱানৰ দুত, এটা যুগৰ সৃষ্টি কাৰী বহু প্ৰতিভাসম্পন্ন এগৰাকী ব্যক্তি৷ শিশু সুলভ মনৰ অধিকাৰী জুবিনক শিশু, চেমনীয়া ল’ৰা -ছোৱালী সকলোৰে মন জয় কৰিবলৈ সক্ষম হোৱা এইগৰাকী মহান যুগৰ স্ৰষ্টাৰ অবিহনে এইবাৰ অসমীয়াই কিদৰে বিহু উদযাপন কৰিব সেয়া হয়তো এক সপোন৷

