বাঁহজানীত সংগীত সূৰ্য জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তি উন্মোচন , ১২ ফুট দৈৰ্ঘ্যৰ সু-উচ্চ প্ৰতিমুৰ্ত্তি নিৰ্মাণ কৰিছে ভাস্কৰ্য শিল্পী মনজিৎ কলিতাই
ষ্টাফৰিপোৰ্টাৰ , দুৰ্নীতিৰ দৰ্পন , নলবাৰী , ২০ এপ্ৰিলঃ নলবাৰী জিলাৰ বাঁহজানীৰ অন্তৰ্গত বৰআজাৰা-চান্দকুছি সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত আৰু অগ্ৰগতি সংঘ,বৰআজাৰাৰ সহযোগত যোৱা শনিবাৰে সংগীত সূৰ্য জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হয়। বৰআজাৰা-চান্দকুছি সাংস্কৃতিক প্ৰকল্পৰ চৌহদত অনুষ্ঠিত কৰা প্ৰতিমূৰ্ত্তিটো সন্ধিয়া ৭-৩০ বজাত উন্মোচন কৰে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক শিল্পী অৰূপ মান্নাই। ১২ ফুট দৈৰ্ঘ্যৰ সু-উচ্চ প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতিমূৰ্ত্তিটো নিৰ্মাণ কৰি উলিয়াইছে ভাস্কৰ্য শিল্পী মনজিৎ কলিতাই।অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে কেবাগৰাকী বিশিষ্ট নাগৰিকে।তাৰ পিছতে “মায়াবিনী ৰাতিৰ বুকুত-“গীতেৰে প্ৰতিমূৰ্ত্তি উন্মোচনী সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভনীতে আদৰণি ভাষণ দিয়ে পৰিচালনা সমিতিৰ সভাপতি ড° বীৰেন কুমাৰ চক্ৰৱৰ্ত্তীয়ে । সাংস্কৃতিক প্ৰকল্পৰ বিভিন্ন দিশৰ ওপৰত এক অৱলোকন দাঙি ধৰে মুখ্য পৃষ্ঠপোষক ফনীন্দ্ৰ নাথ শৰ্মাই। উন্মোচন পৰিচালনা সমিতিৰ সম্পাদক শিৱ শংকৰ ডেকাই আঁত ধৰা আৰু সাংস্কৃতিক প্ৰকল্পৰ সম্পাদক জোন কুমাৰ বৰ্মনে সহযোগ কৰা উন্মোচনী সভাত অগ্ৰগতি সংঘৰ সভাপতি অশোক কুমাৰ শৰ্মা, নলবাৰী উপ পৌৰপতি ড° ৰবীন দাস, সমাজকৰ্মী ৰমাপতি শৰ্মা,অসম বাণিজ্য সংস্থাৰ উপাধ্যক্ষ মধুৰাম ডেকা, বিজেপি নেতা ডঃ মৃগাংক তালুকদাৰকে ধৰি বহুলোক উপস্থিত থাকে। সন্ধিয়া ৭ বজাত হিয়াৰ আমঠু জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমাৰ এক তথ্য চিত্ৰ প্ৰদৰ্শন কৰে। অসম সংগীত পৰিবেশনৰে উন্মোচনী সভা সামৰণি মৰা হয়। ইয়াৰ পিছতে নিশা সাংস্কৃতিক প্ৰকল্পৰ প্ৰাঙ্গপত মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়।

