30 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমঅসম সত্ৰ মহাসভাৰ "মণিকাঞ্চন" অনুষ্ঠানত সংস্কৃত ভাষাত ৰচিত মহাপুৰুষ শঙ্কৰদেৱৰ জীৱনী গ্ৰন্থ...

অসম সত্ৰ মহাসভাৰ “মণিকাঞ্চন” অনুষ্ঠানত সংস্কৃত ভাষাত ৰচিত মহাপুৰুষ শঙ্কৰদেৱৰ জীৱনী গ্ৰন্থ উন্মোচন

অসম সত্ৰ মহাসভাৰ “মণিকাঞ্চন” অনুষ্ঠানত সংস্কৃত ভাষাত ৰচিত মহাপুৰুষ শঙ্কৰদেৱৰ জীৱনী গ্ৰন্থ উন্মোচন

দুৰ্নীতিৰ দৰ্পণ, কংকণ তালুকদাৰ, হাউলী, ২০ এপ্ৰিল: অসম সত্ৰ মহাসভাৰ উদ্যোগত ১৯ এপ্ৰিলত গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম সত্ৰ মহাসভাৰ দ্বাৰা পৰিচালিত পৰীক্ষা পৰিষদৰ শিক্ষক আৰু শিক্ষাৰ্থী সকলৰ মাজত “মণিকাঞ্চন” শীৰ্ষক এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা মতে ৰাতি পুৱা ১১ বজাত অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে । ইয়াৰ পিছত বিশিষ্ট সত্ৰীয়া শিল্পী কৃষ্ণ গোস্বামীৰ পৰিচালনাত পৰীক্ষা পৰিষদৰ স্নাতকোত্তৰ শিক্ষাৰ্থী সকলে বৰগীত পৰিৱেশন কৰে । অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই সঞ্চালনা কৰা এই অনুষ্ঠানত ধুবুৰীৰ সত্ৰশাল ৰামৰায় কুঠী সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানীয়ে সংস্কৃত ভাষাত ৰচনা কৰা মহা পুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ জীৱনী গ্ৰন্থ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্তৰ জগদীশ শৰ্মাই। গ্ৰন্থখন উন্মোচন কৰি অধ্যাপক গৰাকীয়ে সংস্কৃত বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰী প্ৰাপ্ত জিতেন্দ্ৰ নাথ প্ৰধানীৰ এনে সাহসী প্ৰচেষ্টাই গুৰুজনাৰ বৰ্ণিল জীৱন পৰিক্ৰমাই এক অনন্য ৰূপ পালে বুলি মত প্ৰকাশ কৰি ক্ৰমাৎ হেৰাই যাব ধৰা সংস্কৃত ভাষাত জগৎ গুৰু জনাৰ জীৱন বৃত্তান্ত ৰচনা কৰি সংস্কৃত সাহিত্যলৈ গ্ৰন্থ খনে এক অনবদ্য অৱদান আগবঢ়াব বুলি কয়। এই একেটা অনুষ্ঠানতে তিলোত্তমা দেৱীয়ে ৰচনা কৰা শিশু গ্ৰন্থ “ভাগৱতৰ সাধু” উন্মোচন কৰে অৱসৰ প্ৰাপ্ত আয়ুক্ত সচিব পৰমেশ দত্তই। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অৱসৰ প্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ আৰু অৱসৰ প্ৰাপ্ত তথ্য আয়ুক্ত মোহন মালাকাৰে অসম সত্ৰ মহাসভাই জন্ম লগ্নৰ পৰা গুৰু জনাৰ কৃষ্টি সংস্কৃতি আগুৱাই নি অসমীয়া আধ্যাত্মিক জীৱনক সমৃদ্ধ কৰাৰ বাবে গ্ৰহণ কৰি অহা প্ৰচেষ্টাৰ শলাগ লয় । অনুষ্ঠানটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱিস্থ কলা বিভাগৰ অধ্যাপক ড° প্ৰাঞ্জল শইকীয়া বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে । সন্ধিয়া নৃত্যাচাৰ্য ,পদ্মভূষণ যতীন গোস্বামীয়ে উদ্বোধন কৰা মণিকাঞ্চন সাংস্কৃতিক অনুষ্ঠানত পৰীক্ষা পৰিষদৰ শিক্ষাৰ্থী সকলে সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰে । 

RELATED ARTICLES
Lucknow
broken clouds
30 ° C
30 °
30 °
89 %
2.6kmh
61 %
Fri
36 °
Sat
36 °
Sun
32 °
Mon
33 °
Tue
36 °

Most Popular