35.9 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমবিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ অভূতপূর্ব সহাৰিয়ে বৃদ্ধি কৰিছে বিজেপিৰ মনোবল , এই...

বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ অভূতপূর্ব সহাৰিয়ে বৃদ্ধি কৰিছে বিজেপিৰ মনোবল , এই বিশাল যাত্রাত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত হৈ ধেমাজি, চিচিবৰগাঁও আৰু জোনাই সমষ্টিত

বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ অভূতপূর্ব সহাৰিয়ে বৃদ্ধি কৰিছে বিজেপিৰ মনোবল , এই বিশাল যাত্রাত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত হৈ ধেমাজি, চিচিবৰগাঁও আৰু জোনাই সমষ্টিত

ষ্টাফ ৰিপৰ্টাৰ, বাইহাটা চাৰিআলি , ৫ মার্চ ২০২৬: আজি জনতাৰ আশীর্বাদ ল’বলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত হ’ব ধেমাজি, চিচিবৰগাঁও আৰু জোনাই সমষ্টিত। জ্যেষ্ঠ-বৃদ্ধ, যুৱক-যুৱতী, সৰ্বস্তৰৰ ৰাইজৰ ব্যাপক উৎসাহ আৰু সমর্থন অভূতপূর্ব আৰু ৰাজনৈতিক জীৱনৰ অকল্পনীয় ঘটনা বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। আজি সোঁৱণশিৰি মহাবিদ্যালয় খেলপথাৰ প্ৰাঙ্গনৰ পৰা বিজেপিৰ জন আশীর্বাদ যাত্রা আৰম্ভ হৈ মইনাপাৰা গাঁৱৰ মাজেৰে চিচিবৰগাঁও হৈ গোগামুখ চহৰ, চিমেনচাপৰি আদি অঞ্চলক স্পর্শ কৰি জোনাইত এই যাত্ৰাৰ সামৰণি পৰে। আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে ৰাজ্যিক মিডিয়া পেনেলিষ্ট আশীষ ভৰালীয়ে কয় যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই যাত্ৰা গুৰুত্বপূৰ্ণ হিচাপে বিবেচনাৰ হোৱাৰ লগতে জন আশীর্বাদ যাত্রাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আধুনিক অসমৰ খনিকৰ হিচাপে যি উল্লেখযোগ্য উন্নয়নৰ মাইলৰ খুটি স্থাপন কৰিলে, তাৰ চিন স্বৰূপে জন আশীৰ্বাদ যাত্ৰাত হাজাৰ হাজাৰ লোকে সমবেত হৈ মুখ্যমন্ত্রীক আশীৰ্বাদ আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে এই যাত্ৰাত অংশগ্ৰহণ কৰে। এই যাত্ৰাৰ সময়ছোৱাত অসম বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ অংশগ্রহণে তৃণমূল কর্মীসকলক অধিক উৎসাহিত কৰিছে। ধেমাজি, ডিব্রুগড়, গোলাঘাট আৰু তিনিচুকীয়া জিলাৰ ৰাইজে ইতিমধ্যে মুখ্যমন্ত্ৰীক আদৰিবলৈ জনাবলৈ বিপুল উৎসাহেৰে সহাৰি জনাইছে। এই উৎসাহ কেৱল চহৰসমূহতেই নহয়, গ্রাম্য অঞ্চলতো স্পষ্টভাৱে পৰিলক্ষিত হৈছে। শ্রীভৰালীয়ে উল্লেখ কৰে যে বিজেপি চৰকাৰৰ অধীনত এই জিলাসমূহে আন্তঃগাঁথনি উন্নয়নৰ পৰা আৰম্ভ কৰি ভূমি, জনসাধাৰণ আৰু বন্যপ্রাণী সুৰক্ষাৰ লগতে সাংস্কৃতিক পুনৰুজ্জীৱনৰ বাবে উল্লেখযোগ্য পৰিৱৰ্তন সাক্ষী হৈছে। ব্যাপক উচ্ছেদ অভিযানৰ জৰিয়তে হাজাৰ হাজাৰ বিঘা বেদখলীকৃত ভূমি উদ্ধাৰ কৰি অচিনাকি লোকৰ কবলৰ পৰা মুক্ত কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular