32.9 C
New Delhi
Friday, June 5, 2026
spot_img
Homeসম্পাদকীয়আন্তৰ্জাতিক নাৰী দিৱস সম্পৰ্কে সম্যক আলোচনা

আন্তৰ্জাতিক নাৰী দিৱস সম্পৰ্কে সম্যক আলোচনা

আন্তৰ্জাতিক নাৰী দিৱস সম্পৰ্কে সম্যক আলোচনা

আয়শা ছিদ্দিকা (আছৰি) , বাংলিপাৰা, বৰপেটা
চৰ্চা কৰিলে দেখা যায় নিউয়ৰ্ক চহৰৰ সূতা কাৰখানাত মহিলা সকলৰ বাবে অমানৱিক পৰিৱেশ, কম মজুৰিৰ বিৰূদ্ধে প্ৰতিবাদ কৰিছিল । নাৰীৰ লগত হোৱা এনে অন্যায়, অমানৱীয় ব্যৱ্হাৰ, আৰু সুৰক্ষা বৈষম্য দূৰ কৰা, নাৰীৰ সম-অধিকাৰ, কৰ্মক্ষেত্ৰত সন্মান আৰু ভোটাধিকাৰ সুনিশ্চিত কৰা প্ৰতি লক্ষ্য ৰাখি ১৯১০ চনত ডেনমাৰ্কত অনুষ্ঠিত এক আন্তৰ্জাতিক সন্মিলনত ক্লৰা জেটকিনে নাৰী দিৱস পালনৰ এক প্ৰস্তাৱ আগবঢ়ায়, য’ত ১৭খন দেশৰ ১০০ গৰাকী নাৰীয়ে সন্মতি জনাইছিল বুলি উল্লেখ পোৱা যায়। তাৰ পিছত প্ৰথম বিশ্ব যুদ্ধৰ সমসাময়িক কালত ৰাছিয়াৰ মহিলাসকলে “অন্ন আৰু শান্তি”ৰ দাবীত খাদ্য সংকট আৰু যুদ্ধৰ বিৰুদ্ধে ধৰ্মঘট কৰিছিল বুলিও জনা যায়। মুঠতে বিংশ শতিকাৰ আৰম্ভণিতে ইউৰোপ আৰু আমেৰিকাত কৰ্মৰত নাৰীসকলৰ ভোটাধিকাৰ, উন্নত কৰ্ম পৰিৱেশ আৰু সম-অধিকাৰ আদায়ৰ সংগ্ৰামৰ উদ্ভৱ হৈছিল। জাৰ্মান সমাজতন্ত্ৰবাদী নেত্ৰী ক্লৰা জেটকিনৰ প্ৰস্তাৱত আন্তৰ্জাতিক ৰূপ দিয়া হয়। পৰৱৰ্তী সময়ত ১৯৭৫ চনত ৰাষ্ট্ৰসংঘই ইয়াক স্বীকৃতি প্ৰদান কৰে। আৰু তেতিয়াৰে পৰা প্ৰতি বছৰে ৮ মাৰ্চ তাৰিখে আন্তজাৰ্তিক নাৰী দিৱস হিচাপে উদযাপন কৰা হয়। এতিয়া কথা হ’ল যি নাৰীৰ অধিকাৰ সাব্যস্ত কৰিবলৈ, সমতা প্ৰদান কৰিবলৈ, সুৰক্ষা দিবলৈ, সম্মান দিবলৈ এই দিনটো যিমান উল্লাসেৰে পালন কৰা হয় জাকত জিলিকাকৈ, সিমান সুৰক্ষা,সন্মান, মৰ্যদা বাৰুকৈয়ে লাভ কৰে নে নাৰী সমাজে…? নাৰী দিৱসৰ লগত সংগতি ৰাখি সচেতন মহলে আগতীয়াকৈ অনুষ্ঠান, প্ৰতিষ্ঠান, কিম্বা সামাজিক মাধ্যম আদিত ৰচনা,প্ৰবন্ধ, কুইজ আজি প্ৰতিযোগিতা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। উদ্দেশ্য নাৰীৰ সম্মান, মৰ্যদা, অধিকাৰ অক্ষুণ্ণ ৰখা আৰু এই বিষয়ে নৱ প্ৰজন্মক সজাগ কৰি তোলা। নিঃসন্দেহ এইয়া অত্যন্ত প্ৰশংসনীয় এটা পদক্ষেপ বুলি ক’লেও বঢ়াই কোৱা নহ’ব। কিন্তু ভাৱ হয় মাত্ৰ এটা দিনৰ সম্মান, মৰ্যদা, অধিকাৰৰ বাবেই এই দিন পালন কৰা হয় চাগে। নহ’লে নাৰী দিৱসৰ দিনা ইমান ডাঙৰ ডাঙৰ শব্দৰ ভাষণ, সজাগতাৰ এনাজৰীৰে বান্ধিব খোজা সমাজত নাৰী সুৰক্ষা লৈ কিয় ইমান অতিংকিত হৈ জীয়াব লাগে। কিয় নাৰীৰ মৃত দেহ ৰাস্তাৰ, দাঁতিত, নৰ্দমাৰ কাষত, নতুবা পথাৰৰ মাজত অপ্ৰিতীকৰ অৱস্থাত উদ্ধাৰ হয়। কিয় বাৰু নাৰী নিৰুদ্দেশ হয় কিমানৰ খোজ পোৱাও নাযায়।সেই নাৰী কিশোৰী হওক, প্ৰাপ্ত বয়স্ক হওক, বৃদ্ধ হওক কিম্বা পানী কেঁচুৱা কোনো এক বয়সৰ নাৰীও ৰক্ষা নপৰে।তেন্তে এই দিৱস পালন কৰাৰ কোনো প্ৰাসংগিকতা আছেনে বাৰু। নিশ্চয় নাই। নাৰী সুৰক্ষা, মৰ্যদা, অধিকাৰৰ গান গাই গাই বছৰৰ এটা দিনত নাৰী দিৱস নামৰ মোহৰ লগাই উদযাপন কৰিলেই প্ৰকৃতপক্ষে নাৰীৰ মৰ্যদা, সুৰক্ষা, অধিকাৰ অক্ষুণ্ণ নাথাকে কেতিয়াও। হয় নাৰী সংসাৰৰ লগতে সমাজৰ দায়িত্ব ল’ব পৰা হৈছে, সামাজিক কাম-কাজৰ লগতে ৰাজনৈতিক ক্ষেত্ৰতো নিজৰ স্থান বনাবলৈ সক্ষম হৈছে। নাৰী আজি মহাকাশত যাব পৰা হৈছে। ভাল গৃহিনীৰ পৰা আৰম্ভ কৰি শিক্ষক, বিজ্ঞানী, চিকিৎসক, সকলো ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। এটা সময়ত নাৰী সমাজৰ বোজা বোলা মনোভাৱটো বৰ্তমান আঁতৰ হৈছে ঠিকেই কিন্তু নাৰীৰ মৰ্যদা, সুৰক্ষাৰ দিশটো আজিও নাজুক (দুৰ্বল)। যাৰ বাবে আজিও নাৰী চিকিৎসক হওক, শিক্ষয়ত্ৰী,হওক কিম্বা শিক্ষাৰ্থী ধৰ্ষণৰ দৰে অমানৱীয় কামৰ স্বীকাৰ হ’বলগীয়া হয়। নিজৰ বুদ্ধিমত্তা, পাৰদৰ্শিতা লৈ বহু বিভ্ৰান্তিৰ সন্মুখীন হ’ব লগীয়াও হয়। নাৰী দিৱস পালনৰ অৰ্থ মাথোঁ এটা দিনৰ সম্মান প্ৰদৰ্শন হ’ব নালাগে। নাৰীয়ে যাতে মুক্ত মনে সমাজত বিচৰণ কৰিব পাৰে কোনো ভয়, আতংকৰ অবিহনে সেই ব্যৱস্থা কৰিব লাগে। কেৱল অনুষ্ঠানত পাতি আমি নাৰীক সম্মান কৰা উচিত,মৰ্যদা দিয়া উচিত এনে ভাষণ মষিমূৰ কৰি প্ৰকৃতপক্ষে নাৰীক এইটো অনুভৱ কৰোৱাত গুৰুত্ব দিব লাগে যে সঁচা অৰ্থত নাৰীৰ মৰ্যদা অক্ষুণ্ণ আছে, নাৰীৰ অধিকাৰৰ বাবে ৰাজপথত নামিব নালাগে,দিন হওক ৰাতি হওক সকলোতে নাৰী সুৰক্ষিত। নিৰ্ভয়ে নিজৰ কৰ্ম সংস্থান, অনুষ্ঠান আদিত যোগদান কৰিব পাৰে। হিন্দীত এষাৰ কথা আছে ” ডৰ কে আগে জিত হে” ইমান ভয়, আতংক, অসুৰক্ষিত পৰিৱেশৰ মাজতো নাৰী পিছুৱাই থকা নাই ক্ৰমগতিত আগুৱাই হৈ আছে। নাৰী যে সদায় সাহসী দুৰ্বল নহয় এই কথাৰ প্ৰমাণ বাৰে বাৰে দি গৈছে। এনে সহসীকতাৰ বাবেই নাৰী আজি বিশ্বদৰবাৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। সমস্ত নাৰী সমাজলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰীতিভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

RELATED ARTICLES
Lucknow
broken clouds
34.5 ° C
34.5 °
34.5 °
28 %
0.5kmh
76 %
Fri
42 °
Sat
41 °
Sun
44 °
Mon
45 °
Tue
45 °

Most Popular