33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমবিশিষ্ট ব্যৱসায়ী আলহাজ মুহিয়ৎদ্দিন আহমেদৰ দেহাৱসান : নামতি অঞ্চলত গভীৰ শোকৰ ছাঁ

বিশিষ্ট ব্যৱসায়ী আলহাজ মুহিয়ৎদ্দিন আহমেদৰ দেহাৱসান : নামতি অঞ্চলত গভীৰ শোকৰ ছাঁ

বিশিষ্ট ব্যৱসায়ী আলহাজ মুহিয়ৎদ্দিন আহমেদৰ দেহাৱসান : নামতি অঞ্চলত গভীৰ শোকৰ ছাঁ

 নামতিৰ পৰা ৰাতুল শৰ্মা ১৩ মে :- বিশিষ্ট ব্যৱসায়ী, ধৰ্মপ্ৰাণ ব্যক্তি আলহাজ মুহিয়ৎদ্দিন আহমেদ (৭৬) য়ে কালি বাৰ্ধক্যজনিত কাৰণত শিৱসাগৰ জিলাৰ নামতি চাৰিআলি স্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ॥ ধৰ্মপ্ৰাণ, সমাজহিতৈষী ব্যক্তি হিচাপে পৰিচিত আলহাজ মুহিয়ৎদ্দিন আহমেদ বিভিন্ন সামাজিক আৰু জনকল্যাণমূলক কামত সদায় পূৰ্ণ সহযোগিতা আগবঢ়া আহিছিল ॥ অমায়িক স্বভাৱৰ ব্যক্তিজনৰ মৃত্যু খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে ॥ অগণন গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ॥ মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ-বোৱাৰী, তিনিগৰাকী জী-জোঁৱাই, নাতি-নাতিনীৰ লগতে বহু আত্মীয় স্বৰ্জনক ইহ-সংসাৰত এৰি থৈ গৈছে ॥ আনহাতে, আলহাজ মুহিয়ৎদ্দিন আহমেদৰ মৃত্যুত নামতি চাৰি আলি আৰু ধোদৰ আলি মছজিদ পৰিচালনা সমিতি, নামতি চাৰি আলি মেট্ৰ ক্লাৱ, নামতি প্ৰেছ ক্লাব, নামতি জ্যেষ্ঠ নাগৰিক সন্মিলন, সদৌ অসম গ্ৰাম্য ব্যৱসায়ী সন্থা, নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়, নামতি চাৰি আলি সন্মিলিত মুছলিম যুৱ সমাজ, আটাছুৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতি, নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ॥

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular