39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমভূত বাংলাত পৰিণত হৈছে দৰঙৰ জংঘলপাৰা উপ-স্বাস্থ্যকেন্দ্ৰ

ভূত বাংলাত পৰিণত হৈছে দৰঙৰ জংঘলপাৰা উপ-স্বাস্থ্যকেন্দ্ৰ

ভূত বাংলাত পৰিণত হৈছে দৰঙৰ জংঘলপাৰা উপ-স্বাস্থ্যকেন্দ্ৰ

ষ্টাফ ৰিপ’ৰ্টাৰ: দৰং; ১৩ মে-ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি চৰকাৰে বিভিন্ন সময়ত দাবী কৰি আহিছে৷ যদিও আজিৰ দিনত এক ব্যতিক্ৰমী ছবি দেখা গৈছে দৰঙৰ দলগাঁও সমষ্টিত৷ দৰং জিলাৰ দলগাঁও সমষ্টিৰ জংঘলপাৰাত গ্ৰামাঞ্চলৰ স্বাস্থ্যখণ্ডৰ পুতৌলগা ছবিয়ে চৰকাৰী ফোঁপোলা স্বৰূপটোকে উদঙাইছে৷ অঞ্চলটোৰ ৰাইজৰ স্বাস্থ্য সেৱাৰ বাবে নিৰ্মাণ কৰা জংঘলপাৰা উপ-স্বাস্থ্যকেন্দ্ৰটো৷ আজিৰ তাৰিখত ভূত বাংলালৈ পৰিণত হৈছে উপ-স্বাস্থ্যকেন্দ্ৰটো৷ ২০১৮ চনতে এই উপ-স্বাস্থ্যকেন্দ্ৰটোৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছিল৷ স্থানীয় ৰাইজে আশা কৰিছিল যে এই কেন্দ্ৰটোৰ জৰিয়তে নিজ এলেকাতে প্ৰাথমিক চিকিৎসা লাভ কৰিবলৈ সক্ষম হ’ব৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে নিৰ্মাণৰ ৭ বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈকে কেন্দ্ৰটোত এজনো চিকিৎসক বা স্বাস্থ্যকৰ্মী নিয়োগ নকৰিলে চৰকাৰে৷ চিকিৎসক আৰু কৰ্মচাৰীৰ অভাৱত বন্ধ হৈ থকা কেন্দ্ৰটো বৰ্তমান হাবি-বননিৰে আৱৰি ধৰিছে৷ লক্ষাধিক টকা ব্যয় কৰি নিৰ্মাণ কৰা চৰকাৰী গৃহটো এতিয়া অৰ্ধ-নিৰ্মিত আৰু জহি-খহি যোৱা অৱস্থাত পৰি আছে৷ খিৰিকীৰ আইনা ভগাৰ লগতে দেৱালবোৰতো পানী সোমাই নষ্ট হ’বলৈ ধৰিছে৷ দিনৰ পোহৰতে এতিয়া স্বাস্থ্যকেন্দ্ৰটোৱে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ নিৰ্জন আৰু নিবিড় হোৱা হেতুকে প্ৰৱেশ কৰা ভয়ৰ কাৰণ হৈ পৰিছে৷ স্বাস্থ্যকেন্দ্ৰটোৰ এনে দুৰাৱস্থাক লৈ এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ৷ চৰকাৰে ঢাক-ঢোল বজাই থকা স্বাস্থ্য সেৱাৰ নমুনা ইয়াতেই প্ৰমাণিত বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে৷ সামান্য জ্বৰ-কাহ হ’লেও অঞ্চলটোৰ দৰিদ্ৰ জনসাধাৰণে বহু কিলোমিটাৰ দূৰৈৰ চিকিৎসালয়লৈ ঢাপলি মেলিব লগা হয়৷ বিভাগীয় কৰ্তৃপক্ষ তথা স্বাস্থ্যমন্ত্ৰীৰ ওচৰত স্থানীয় ৰাইজে দাবী জনাইছে যে অতি সোনকালে জংঘলপাৰা উপ-স্বাস্থ্যকেন্দ্ৰটো কাৰ্যক্ষম কৰি তুলিব লাগে আৰু যথোপযুক্ত সুবিধাৰ সৈতে স্থায়ীভাৱে চিকিৎসক তথা স্বাস্থ্যকৰ্মী নিয়োগ কৰিব লাগে৷

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular