39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমবিহালী বিধানসভা সমষ্টিত বিজেপিৰ বৃহৎ জয়: ৬০,৭০৩ টা ভোটৰ ব্যৱধানত জয়ী মুনীন্দ্ৰ...

বিহালী বিধানসভা সমষ্টিত বিজেপিৰ বৃহৎ জয়: ৬০,৭০৩ টা ভোটৰ ব্যৱধানত জয়ী মুনীন্দ্ৰ দাস

বিহালী বিধানসভা সমষ্টিত বিজেপিৰ বৃহৎ জয়: ৬০,৭০৩ টা ভোটৰ ব্যৱধানত জয়ী মুনীন্দ্ৰ দাস

দূৰ্নীতি দৰ্পন, বিহালী ৪ মে’ঃ- সদ্যঘোষিত নিৰ্বাচনী ফলাফল অনুসৰি বিহালী বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) প্ৰাৰ্থী মুনীন্দ্ৰ দাসে এক বৃহৎ বিজয় সাৱ্যস্ত কৰিছে। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী চি.পি.আই.এম.এল (CPI-ML) দলৰ প্ৰাৰ্থী জ্ঞানেন্দ্ৰ চৰকাৰক ৬০,৭০৩ টা ভোটৰ বিশাল ব্যৱধানত পৰাস্ত কৰি সমষ্টিটো নিজৰ দখললৈ নিবলৈ সক্ষম হয়। চূড়ান্ত ফলাফলৰ পৰিসংখ্যা অনুসৰি, বিজেপিৰ মুনীন্দ্ৰ দাসে সৰ্বাধিক ৮৭,২২৪ টা ভোট লাভ কৰি বিজয়ীৰ হাঁহি মাৰে। আনহাতে, তেওঁৰ মূল প্ৰতিদ্বন্দ্বী জ্ঞানেন্দ্ৰ চৰকাৰে মাত্ৰ ২৬,৫২১ টা ভোটতে ক্ষান্ত থাকিবলগীয়া হয়। নিৰ্বাচনত অৱতীৰ্ণ হোৱা আন আন প্ৰাৰ্থীসকলৰ ভোটৰ পৰিসংখ্যা তলত উল্লেখ কৰা হ’ল- মুনীন্দ্ৰ দাস (বিজেপি) ৮৭,২২৪ টা ভোট, জ্ঞানেন্দ্ৰ চৰকাৰে (চি.পি.আই.এম.এল) ২৬,৫২১ টা ভোট,অজয় সিনহা (নিৰ্দলীয়) ১৩,২৯৪ টা ভোট, প্ৰণব প্ৰাণ ৰবি দাস (গণ সুৰক্ষা পাৰ্টী) ১,৯৯৯ টা ভোট লাভ কৰিৱলৈ সক্ষম হয়৷ লক্ষণীয়ভাৱে, এই নিৰ্বাচনত বিহালী সমষ্টিৰ ৩,৩৯৭ গৰাকী ভোটাৰে প্ৰাৰ্থীসকলৰ কাকো পছন্দ নকৰি ‘ন’টা’ (NOTA – None of the Above) বিকল্প বাছনি কৰে। মুনীন্দ্ৰ দাসৰ এই বৃহৎ জয়ে বিহালী সমষ্টিত বিজেপিৰ সবল স্থিতি আৰু ৰাইজৰ বিপুল সমৰ্থনৰ কথাকে পুনৰবাৰ প্ৰতিপন্ন কৰিছে। বিজয়ী প্ৰাৰ্থীগৰাকীক দলীয় কৰ্মী আৰু সমৰ্থকসকলে উষ্ম আদৰণি জনোৱাৰ লগতে সমগ্ৰ সমষ্টিটোত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। আনহাতে, বিহালীৰ নৱ নিৰ্বাচিত বিজেপি বিধায়ক মুনীন্দ্ৰ দাসে বিজয় সাৱ্যস্ত কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকালত কয় যে- ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ প্ৰতি অসম আৰু অসমীয়া ৰাইজৰ অকুণ্ঠ মৰম, বিস্বাস আছে৷ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ কঠোৰ পৰিশ্ৰম, জাতীয় জীৱনৰ প্ৰতি থৰা দ্বায়ৱদ্ধতাত হেতু পুনৰ বাৰ ৰাজ্যত বিজেপি নেতৃত্বত চৰকাৰ গঠন হ’ব৷ নিশ্চিতভাৱে, ৰাজ্যৰ ৰাজনীতিৰ ঐতিহাসিক বিজয় ফলাফলৰ কৃতিত্বৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ৷ তেখেতৰ আশীৰ্ৱাদ, মৰম,স্নেহত আমি বিহালীৰ পৰা বিজয় সাৱস্ত্য কৰিৱলৈ সক্ষম হৈছোঁ৷ বিজয়ী প্ৰাৰ্থী মুনীন্দ্ৰ দাসে লগতে কয় যে, মোৰ দৰে এগৰাকী অতিসাধাৰণ কৰ্মী, যাৰ কেউ কিছু বুলিৱলৈ ধন,সা-সম্পতি আদি একোৱেই নাই তেনে এগৰাকী যুৱকক কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্ব, মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তদেৱে দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰাত ধন্যৱাদ জনাইছোঁ৷ তদুপৰি ৭১ নং বিহালী বিধান সভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়োৱা চিপিআই(এম-এল)দলৰ প্ৰাৰ্থী জ্ঞানেন্দ্ৰ চৰকাৰ, গণ সুৰক্ষা পাৰ্টী প্ৰনব প্ৰাণ ৰবিদাস আৰু নিৰ্দলীয় প্ৰাৰ্থী অজয় কুমাৰ সিনহাক গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে ধন্যৱাদ জ্ঞাপন কৰি অনাগত দিনত বিৰোধী হিচাপে গঠনমুলক সমালোচনা, দিহা-পৰামৰ্শ, সহায়-সহযোগিতা বিচাৰিছে৷

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular