40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমভাস্কৰ্যশিল্প আৰু কাৰুশিল্পৰ প্ৰতিভাৰ গৰাকী মৰিগাঁৱৰ জয়ন্ত দাস

ভাস্কৰ্যশিল্প আৰু কাৰুশিল্পৰ প্ৰতিভাৰ গৰাকী মৰিগাঁৱৰ জয়ন্ত দাস

ভাস্কৰ্যশিল্প আৰু কাৰুশিল্পৰ প্ৰতিভাৰ গৰাকী মৰিগাঁৱৰ জয়ন্ত দাস

দুৰ্নীতিৰ দৰ্পন, মকিবুদ্দিন আহমেদ, মৰিগাঁও ১৭ মাৰ্চ: শিল্পজগতৰ এটা মৌন অথচ বলিষ্ঠ কণ্ঠস্বৰ হিচাপে শিল্পসাধনাৰ জৰিয়তে মৰিগাঁও জিলাৰ জালুগুটিৰ বাসিন্দা জয়ন্ত দাসে নগাওঁ কল্লোল চিত্ৰাংণ বিদ্যালয়ত চিত্ৰ শিক্ষাগ্ৰহণ কৰি নিজৰ কৰ্ম প্ৰতিভাৰে ৰাইজৰ মাজত উজলি উঠিছে৷ যি সময়ত দৰ্শন আৰু সৌন্দৰ্যৰ সংজ্ঞা প্ৰযুক্তি নিৰ্ভৰ যুগত প্ৰতিদিনে সলনি হৈ আছে৷ ঠিক তেনে সময়তে জয়ন্ত দাসৰ শিল্পযাত্ৰাই এক মূল্যবান সৃষ্টিশীল প্ৰতিবাদৰূপে উদ্ভাসিত হৈছে য’ত মাটিৰ স্পৰ্শ বাঁহ সৌন্দৰ্য আৰু চিন্তাৰ গভীৰতা সমন্বিত হৈ এটি সাংস্কৃতিক বৰ্ণালী গঢ়ি তোলে৷ শৈশৱৰে পৰা শিল্পত গভীৰভাৱে জড়িত হৈ থকা জয়ন্ত দাসে মৃৎশিল্প ভাস্কৰ্যশিল্প, কাৰুশিল্প আৰু Tharmocol fiber চিত্ৰশিল্পৰ জগতত ২০ বছৰৰো অধিক সময় ধৰি যি অবিচল সাধনা আৰু কৌশলী অৱদান আগবঢ়াই আহিছে সেইয়া নিঃসন্দেহে অসমৰ কৃষ্টিচেতনাৰ ভিতৰলৈ এটি দীৰ্ঘস্থায়ী অৱদান হিচাপে প্ৰমাণ কৰে৷ তেওঁৰ শিল্পসাধনাৰ আধাৰস্বৰূপে বিভিন্ন প্ৰাকৃতিক তথা প্ৰযুক্তিনিৰ্ভৰ কেঁচা সামগ্ৰী ব্যৱহাৰ কৰে বাঁহ কুঁহিলা কাঠ মাটিৰ লগতে আধুনিক ভাস্কৰ্য শিল্পত ফাইবাৰ কংক্ৰিট আৰু অন্যান্য কৃত্ৰিম সংমিশ্ৰণ উপাদানো অত্যন্ত কৌশলপূৰ্ণভাৱে ব্যৱহাৰ কৰে৷ এই সকলো মাধ্যমৰ দক্ষ ব্যৱহাৰে তেওঁৰ সৃষ্টি সমূহক বহুমাত্ৰিক আৰু যুগোপযোগী ৰূপ প্ৰদান কৰিছে৷ তেওঁৰ দৃষ্টিনন্দন সৃষ্টি যত ভাষা আন্দোলনৰ শ্বহীদ অনিল বৰা আৰু শ্বহীদ মতিৰাম বৰাৰ প্ৰতিমূৰ্তি নিৰ্মাণ৷ বটদ্ৰৱাৰ গঙ্গাত কালীয় দমনৰ ঐতিহাসিক দৃশ্যৰ ভাস্কৰ্য নিৰ্মাণ৷ তিৱা সাহিত্য সভাৰ জোঙাল বলহুৰ প্ৰতিমূৰ্তি নিৰ্মাণ৷ অসম সাহিত্য সভাৰ কেইবাজনো প্ৰাক্তন সভাপতি আৰু বিশিষ্ট সাহিত্যিকৰ ভাস্কৰ্য নিৰ্মাণ আৰু অসম সাহিত্য সভাৰ মূল তোৰণৰ নিৰ্মাণ এই সকলোবোৰ মাত্ৰ শিল্প নহয় বৰং ই অসমৰ ইতিহাস সাহিত্য আৰু সাংস্কৃতিক ধাৰাৰ প্ৰতিনিধিসকলৰ দৰ্শনক দৃশ্যত ৰূপান্তৰ কৰাৰ এক অনুপম প্ৰচেষ্টা৷ তেওঁৰ প্ৰতিটো সৃষ্টি যেন এক জীৱন্ত দলিল যি সময় সমাজ আৰু ঐতিহ্যক গভীৰভাৱে প্ৰতিফলিত কৰে৷ শিল্পৰ প্ৰতি গভীৰ অনুৰাগ আৰু নৈতিকতা ভিত্তিক দৃষ্টিভংগীৰেই তেওঁ প্ৰয়াত শিল্পগুৰু বৰেণ্য শিল্পী প্ৰণৱ বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠিত কল্লোল শিল্প প্ৰতিষ্ঠানত আনুষ্ঠানিকভাৱে শিল্প কলাৰ শিক্ষাগ্ৰহণ কৰিছিল৷ এই প্ৰতিষ্ঠানিক শিক্ষা তেওঁৰ মৌলিক দক্ষতা দৃশ্যধাৰণ ক্ষমতা আৰু আধুনিক শিল্পৰ প্ৰযুক্তিগত জ্ঞানক দৃঢ়ভাৱে গঢ়ি তোলাত সহায় কৰে৷ শিল্পৰ লগতে সমাজৰ প্ৰতি দায়িত্ববোধৰো এক নিদৰ্শন হিচাপে জয়ন্ত দাস ডাঙৰীয়াই ২০২৪ চনৰ ভাৰত টেক্স নতুন দিল্লী কাৰ্যসূচীত অংশগ্ৰহণ ২০২৫ চনত অসম বিজ্ঞান প্ৰযুক্তি পৰিষদৰ অধীনত বাঁহ শিল্পৰ প্ৰশিক্ষক হিচাপে কাৰ্যসম্পাদন ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰনালয়ৰ অধীনত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত হস্তশিল্প আৰু চিত্ৰশিল্পৰ সজাগতা সৃষ্টি আৰু প্ৰশিক্ষণ প্ৰদান ইত্যাদিৰ জৰিয়তে তেওঁ সমাজৰ ভিতৰত শিল্পসাহিত্যৰ বীজ ৰোপণ কৰি গৈছে৷ এই সকলোবোৰ দৃষ্টান্তই তেওঁৰ শিল্পক মাত্ৰ ব্যক্তিগত সাধনাৰ পৰিসৰত সীমাবদ্ধ নাৰাখি সমাজৰ সৈতে সংলগ্ন এক বৃহৎ মানৱিক আৰু সাংস্কৃতিক প্ৰয়াস হিচাপে প্ৰতিষ্ঠিত কৰে৷ তেওঁৰ শিল্পৰ বেছিভাগেই নিজৰ ৰাজ্য অসমৰ ইতিহাস জাতি স্মৃতি আৰু সাহিত্য সাধনাৰ সৈতে গভীৰভাৱে সংলগ্ন যিয়ে তেওঁৰ কৰ্মক এক প্ৰভাৱশালী সাংস্কৃতিক অভিযানলৈ ৰূপান্তৰিত কৰিছে৷ জয়ন্ত দাস কেৱল এজন শিল্পী নহয় তেওঁ অসমৰ মাটি সমাজ আৰু ঐতিহ্যৰ ভাষ্যকাৰ৷ তেওঁৰ শিল্পসাধনাই কেৱল সৌন্দৰ্যৰ বাবে নহয় বৰং এটি দিশ এটি প্ৰেৰণা আৰু এটি দায়িত্ববোধৰে পূৰ্ণ৷ তেওঁৰ জীৱন আৰু কৰ্মচিন্তা পৰৱৰ্তী প্ৰজন্মৰ শিল্পীসকলৰ বাবে এক আলোকস্তমভ হিচাপে পৰিগণিত হওক৷

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular