মৰিগাঁও নিৰ্বাচন জিলাত বিধানসভা নিৰ্বাচন ২০২৬ সন্দৰ্ভত সংবাদমেল, ৯৬৮টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব ৭৬৭৪৩৯ গৰাকী ভোটাৰে
দুৰ্নীতিৰ দৰ্পন, মকিবুদ্দিন আহমেদ, মৰিগাঁও সদৰ ১৭ মাৰ্চঃ অসম বিধানসভা নিৰ্বাচন ২০২৬ ৰ লগত সংগতি ৰাখি জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া অনামিকা তেৱাৰীয়ে আজি এখন সংবাদমেল সম্বোধন কৰে৷ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলত জিলা নিৰ্বাচন বিষয়াগৰাকীয়ে বিধানসভা নিৰ্বাচনৰ জৰুৰী দিনসমূহৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰাৰ লগতে নিৰ্বাচনী আৰ্হি আচৰণ বিধিৰ ওপৰতো আলোকপাত কৰে৷ ১৫ মাৰ্চত ভাৰতীয় নিৰ্বাচন আয়োগে সংবাদমেলযোগে প্ৰকাশ কৰা মতে, ২৩ মাৰ্চ হৈছে মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন৷ মৰিগাঁও নিৰ্বাচন জিলাৰ ৫২ নং জাগীৰোড সমষ্টি, ৫৩ নং লাহৰীঘাট সমষ্টি আৰু ৫৪ নং মৰিগাঁও সমষ্টিৰ বাবে প্ৰাৰ্থীসকলে জিলা আয়ুক্তৰ কাৰ্যালয়ত দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব৷ ২৪ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষণ আৰু ২৬ মাৰ্চ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন৷ ৯ এপ্ৰিলত সমগ্ৰ ৰাজ্যতে এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ আৰু ৪ মে’ত হ’ব ভোটগণনা৷ উল্লেখযোগ্য যে, মৰিগাঁও নিৰ্বাচন জিলাত মুঠ ৯৬৮টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ’ব৷ ইয়াৰে ৫২ নং জাগীৰোড বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৩৩৫ টা, ৫৩ নং লাহৰীঘাট বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৩৫৫টা আৰু ৫৪ নং মৰিগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২৭৮ টা৷ মৰিগাঁও নিৰ্বাচন জিলাৰ ১৭২টা ভোটগ্ৰহণ কেন্দ্ৰ জটিল হিচাপে চিহ্নিত কৰা হৈছে৷ আনহাতে কেৱল মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ৫০ টা৷ ইয়াৰে ৫২ নং জাগীৰোড বিধানসভা সমষ্টিত ২০ টা, ৫৩ নং লাহৰীঘাট বিধানসভা সমষ্টিত দুটা, ৫৩ নং মৰিগাঁও বিধানসভা সমষ্টিত ২৮টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ’ব৷ জিলাখনত মুঠ ভোটদাতাৰ সংখ্যা ৭৬৭৪৩৯ জন৷ ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ সৈতে সম্পৰ্কিত যিকোনো তথ্য পাবৰ বাবে অথবা যিকোনো অভিযোগ দাখিলৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ত ২৪ ঘণ্টাই কাৰ্যকৰী হৈ থকা এটি নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে৷ ৰাইজে নিৰ্বাচন সংক্ৰান্তিয় যিকোনো ওজৰ আপত্তি দাখিলৰ বাবে নিয়ন্ত্ৰণ কক্ষ অথবা নিৰ্বাচনী শাখাৰ ১৯৫০ নম্বৰত যোগাযোগ কৰিব লাগিব৷ আজিৰ সংবাদমেলত অতিৰিক্ত জিলা আয়ুক্ত অনসুয়া শৰ্মা আৰু নিৰ্বাচন বিষয়া ইন্দ্ৰজিৎ দাসেও নিৰ্বাচনৰ বিভিন্ন বিষয় উপস্থাপন কৰাৰ লগতে সকলোৰে সহায়-সহযোগিতা কামনা কৰে৷

