ভৰলুমুখত দানেশ গোস্বামা ডৰণ সেতু উদ্বোধন মুখ্যমন্ত্ৰা ড° শৰ্মাৰ , পাণবজাৰত শৰাইঘাট ৰণ স্মৃতিসৌধ উদ্বোধন আৰু ব্ৰহ্মপুত্ৰ নদীপাৰ উদ্যান সম্প্ৰসাৰণৰ শিলান্যাস কৰিলে মুখ্যমন্ত্ৰীয়ে , গৌৰৱময় ইতিহাসৰ সৈতে আধুনিক প্ৰজন্মক সংযোজিত কৰি অসমীয়া জাতি আগবাঢ়ি যাব লাগিব: মুখ্যমন্ত্রী
দিছপুৰ, পিএন চি, ৪মার্চ: গুৱাহাটীৰ যান-জট নিয়ন্ত্ৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ভৰলুমুখত নিৰ্মাণ কৰা দীনেশ গোস্বামী উৰণ সেতুখন উদ্বোধন কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে পাণবজাৰত শৰাইঘাট ৰণ স্মৃতিসৌধ উদ্বোধন আৰু ব্ৰহ্মপুত্র নদীপাৰ উদ্যান সম্প্ৰসাৰণ প্ৰকল্পৰ শিলান্যাস কৰে। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰিত্বত ৯৯ কোটি টকা ব্যয়ৰে সৰ্বমুঠ ১.০৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ক্ষীপ্ৰতাৰে নিৰ্মিত ৰে’ল উৰণ সেতুখনৰ বাবে ভৰলুমুখত ৰে’ল লাইনৰ ওপৰেৰে নিৰৱচ্ছিন্ন যান-বাহন চলাচল সম্ভৱ হ’ব, ৰে’ল ক্রছিংজনিত দুর্ঘটনা হ্রাস পাব আৰু ভৰলুমুখ ট্রেফিক পইন্টত যান-জট হ্রাস পাব। উৰণ সেতুখন প্রাক্তন কেন্দ্রীয় মন্ত্রী প্রয়াত দীনেশ গোস্বামীৰ নামেৰে নামকৰণ কৰা হৈছে। আনহাতে ঐতিহ্য, প্রকৃতি আৰু আধুনিকতাৰ সুন্দৰ সমন্বয়েৰে মহানগৰীৰ সৌন্দর্যবর্ধনৰ দিশত নৱতম সংযোজন হিচাপে প্রায় ২.৫ একৰ ভূমিত বিস্তৃত ব্ৰহ্মপুত্র নদীপাৰ উদ্যান প্ৰকল্পৰ তৃতীয় পৰ্যায়ৰ মুখ্য আকর্ষণ হৈছে সাংগীতিক ফোঁৱাৰাৰ সৈতে এটা পুখুৰী। পুখুৰীটোৰ কাষতে শৰাইঘাট যুদ্ধৰ মহানায়ক লাচিত বৰফুকনৰ সৈতে মোগলৰ বিৰুদ্ধে যুঁজ দিয়া বীৰ যোদ্ধাসকলৰ স্মৃতিত এটা স্মাৰক স্থাপন কৰা হৈছে। স্মাৰকটোৰ নক্সাত উজনি অসমৰ পৰম্পৰাগত আহোম স্থাপত্যৰ আৰ্হি অনুসৰণ কৰা হৈছে। ইয়াত শৰাইঘাট যুদ্ধৰ ১৩২ জন বীৰৰ নাম খোদিত কৰি তেওঁলোকৰ আত্মবলিদানক শ্রদ্ধা জনোৱা হৈছে। উৰণ সেতু উদ্বোধনী অনুষ্ঠানত মন্ত্রী জয়ন্ত মল্লবৰুৱা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। শৰাইঘাট ৰণ স্মৃতিসৌধ উদ্বোধনী আৰু ব্ৰহ্মপুত্র নদীপাৰ উদ্যানৰ সম্প্ৰসাৰণৰ শিলান্যাস উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° শৰ্মাই ভাষণ প্রদান কৰি কয় যে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদ্যাপনৰ সময়ত লাচিত বৰফুকনক কেন্দ্ৰ কৰি বহুতো লেখনি, প্রবন্ধ আৰু পুস্তিকা প্রকাশ হৈছিল। তাৰ আলমত লাচিত বৰফুকনৰ সৈতে শৰাইঘাটৰ যুদ্ধত যুঁজ দিয়া বীৰসকলৰ বিষয়ে এক সম্যক ধাৰণা সম্মুখলৈ আহিছিল। সাঁচিপাতৰ পুথিত বীৰ লাচিত বৰফুকনক বিভিন্ন ধৰণে সহায় কৰা স্বৰ্গদেউ, বুঢ়াগোঁহাই, বৰগোঁহাই আদিকে ধৰি ১৩২ গৰাকী বীৰৰ নাম পোৱা গৈছিল। তেওঁলোকৰ পদমর্যাদা অক্ষুণ্ণ ৰাখি এই ৰণ স্মৃতিসৌধটো নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়ে সেই সময়ৰ আহোম শাসন ব্যৱস্থা, যুদ্ধৰ প্ৰস্তুতি, স্বকীয় পৰম্পৰা, বিভিন্ন জাতি-জনগোষ্ঠীৰ সৈতে সমন্বয় আদিৰ বিষয়েও ৰাইজক অৱগত কৰিব। তেওঁ কয় যে গুৱাহাটী উচ্চ ন্যায়ালৰ মুখ্য ন্যায়াধীশৰ পুৰণা বাসভৱনটোক হেৰিটেজ চাইট হিচাপে সংৰক্ষণ কৰি তাত এটা টেক্সটাইল মিউজিয়াম গঢ়ি তোলাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে আৰু সেই বাসভৱনটোৰ পিছফালেৰে ব্ৰহ্মপুত্ৰ নদীৰ কাষেৰে ৰিভাৰ ফ্ৰণ্ট উদ্যানখন সংযোগ কৰাৰ বাবেও চিন্তা-চৰ্চা কৰা হৈছে। তেওঁ কয় যে অহা ১০ মার্চত উদ্বোধন হ’বলগীয়া নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈ উৰণ সেতুখন মহাৰাজ পৃথুৰ নামত নামকৰণ কৰাৰ সিদ্ধান্ত কৰা হৈছে। তদুপৰি যোৰহাটত অহা ১১ মার্চ তাৰিখে উদ্বোধন হ’বলগীয়া উৰণ সেতুখনৰ নাম ‘মণিৰাম-পিয়লি’ৰ নামেৰে নামকৰণ কৰা হ’ব। তেওঁ কয় যে প্রযুক্তিগত বিকাশৰ লগতে নতুন প্ৰজন্মই অসমৰ ঐতিহ্য, পৰম্পৰাৰ বিষয়ে অৱগত হ’ব লাগিব। গৌৰৱময় ইতিহাসৰ সৈতে আধুনিক প্ৰজন্মক সংযোজিত কৰি অসমীয়া জাতি আগবাঢ়ি যাব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আধুনিক অনুষ্ঠানসমূহ ঐতিহ্যৰ সৈতে সংযোজিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা গ্রহণ কৰিছে। এই স্মৃতিসৌধটোরে গৱেষণাৰ সমলো যোগাব বুলি তেওঁ ভাষণ প্রসংগত উল্লেখ কৰে।

