38.3 C
New Delhi
Monday, July 27, 2026
spot_img
Homeঅসমমঙলদৈ চহৰত জাকত জিলিকা ৭৬ বছৰৰ মজিদ পুনৰ নিৰ্মিত

মঙলদৈ চহৰত জাকত জিলিকা ৭৬ বছৰৰ মজিদ পুনৰ নিৰ্মিত

মঙলদৈ চহৰত জাকত জিলিকা ৭৬ বছৰৰ মজিদ পুনৰ নিৰ্মিত

ছিপাঝাৰৰ পৰা জেহিৰুল আলমৰ প্ৰতিবেদন, দুৰ্নীতিৰ দৰ্পণ ২২ মে’:-মঙলদৈ কৰিমচক জামেমজিদৰ সভাপতি ইস্কেন্দাৰ মিৰ্জা আৰু সম্পাদক মোখলেছুৰ ৰহমানৰ ,সহ সম্পাদক খাইৰুল ইছলাম বৰা,উপ সভাপতি কমৰুল হকৰ,সুৰছিত আহমেদৰ নেতৃত্বত মঙলদৈৰ চহৰৰ জাকত জিলিকা ৭৬ বছৰৰ পুৰণি জামেমজিদ ৰাইজৰ বিভিন্ন দান-বৰঙণিৰে দুখন নতুন চাট নিৰ্মাণ কৰা হয়। আজি পুৱা ফজৰৰ নামাজৰ পিছতে ইমাম মুফতি মৌলানা আটাউৰ ৰহমান মিছবাহীৰ নেতৃত্বত কৰিমচকৰ ৰাইজৰ সহযোগত উক্ত চাট দুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। দুপৰীয়া জুম্মা নামাজৰ পিছতে পাছ শতাধিক লোকৰ উপস্থিতি মৌলানা কাৰী আব্দুল হক ৰেজবী চাহেবে ভাষন প্ৰসংগত কয় যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ। এই দেশত সকলো ধৰ্মৰ লোক নিজৰ নিজৰ ধৰ্ম পালন কৰি আছে।যি সকলে দেশ ৰক্ষাৰ কাৰণে প্ৰাণ আহুতি দিছে তেওঁ লোকৰ কাৰণেও দোৱা কৰিছে।যি সকল ব্যক্তিয়ে মজিদৰ বাবে দান বৰঙণিৰে সহায় সহযোগিতা আগবঢ়োৱা সকলৰ বাবে দোৱা হয়। সদৌ শেষত কৰিমচক জামে মছজিদ পৰিচালনা সমিতিয়ে সকলোকে ধন্যবাদ দিয়ে।,মুফটি খাইৰুল ইছলামকে ধৰি বিভিন্ন হাফিজ কাৰী মৌলানা আদিকে ধৰি মিলাদশ্বৰীফ খনি অনুষ্ঠিত হয়। উক্ত মিলাদে মেহফিল শেষ হোৱাৰ পিছত সমগ্ৰ ৰাজ্য তথা বিশ্ব বাসীৰ শান্তিৰ বাবে দোৱা কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
36.7 ° C
36.7 °
36.7 °
43 %
3.2kmh
100 %
Mon
37 °
Tue
36 °
Wed
36 °
Thu
37 °
Fri
34 °

Most Popular