31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমকলগাছিয়াৰ খেল্লী গাঁৱৰত ৰাব্বুল আল আমিন নামৰ এগৰাকী চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

কলগাছিয়াৰ খেল্লী গাঁৱৰত ৰাব্বুল আল আমিন নামৰ এগৰাকী চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

কলগাছিয়াৰ খেল্লী গাঁৱৰত ৰাব্বুল আল আমিন নামৰ এগৰাকী চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , বৰপেটা, ২৩ মে ঃ কলগাছিয়াত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ। কলগাছিয়া আৰক্ষী থানাত অন্তৰ্গত ৰামপুৰ খেল্লী গাঁৱৰ পৰা কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ হালৈৰ নেতৃত্বত গোপন অভিযান চলাই এজন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা চাইবাৰ অপৰাধীটো খেল্লী গাঁৱৰ জহুৰুল ইছলামৰ পুত্ৰ ৰাব্বুল আল আমিন বুলি জানিব পৰা গৈছে। অভিযানত যুৱক জনৰ লগতে ২৯৩ খন আধাৰ কাৰ্ড, ১০৯ খন আয়ুস্মান কাৰ্ড, ৬ খন বেংক পাচবুক আৰু ৫ টাকৈ চেকবুক, ১৪ ছিমকাৰ্ড, ৫১ খন পান কাৰ্ড সহ মোবাইল আৰু লেপটপ জব্দ কৰে আৰক্ষীয়ে। তেওঁ বিভিন্ন চাইবাৰ অপৰাধৰ লগত জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। তেওঁৰ লগত মফিদুল ইছলাম নামৰ আন এজন চাইবাৰ অপৰাধী জড়িত থকা বুলি অভিযোগ উত্থাপন হৈছে যদিও মফিদুল ইছলাম বৰ্তমান পলাতক হৈ আছে। সেয়ে এনে অপৰাধীক কঠোৰ হাতেৰে দমন কৰিবলৈ ৰাইজৰ সহযোগ বিচাৰিছে বৰপেটা জিলা অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ছমিৰণ বৈশ্যই।

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular