38.1 C
New Delhi
Thursday, April 30, 2026
spot_img
Homeঅসমধিং সমষ্টিত বিশাল ৰেলি উলিয়াই মনোনয়ন দাখিল ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ

ধিং সমষ্টিত বিশাল ৰেলি উলিয়াই মনোনয়ন দাখিল ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ

ধিং সমষ্টিত বিশাল ৰেলি উলিয়াই মনোনয়ন দাখিল ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ

ইছফাকুৰ ৰহমান, দুৰ্নীতিৰ দৰ্পণ, মৈৰাবাৰী, ২৩ মাৰ্চ: আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক পৰিৱেশ দিনক দিনে গৰম হৈ উঠাৰ মাজতেই আজি ধিং সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে আনুষ্ঠানিকভাৱে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে৷ মনোনয়ন দাখিল কৰাৰ অন্তিম দিনা নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই মনোনয়ন দাখিল কাৰ্যসূচীত নেতা জনৰ লগত দলীয় কৰ্মী-সমৰ্থকৰ ব্যাপক উপস্থিতি লক্ষ্য কৰা যায়৷ পুৱা ভাগতেই মৈৰাবাৰীত অৱস্থিত নিজৰ বাসগৃহৰ সন্মুখৰ পৰা এক বিশাল ৰেলিৰ আয়োজন কৰি সমৰ্থকসকলৰ সৈতে নগাঁও অভিমুখে ৰাওনা হয় প্ৰাৰ্থীজন৷ ৰেলিটোত সহস্ৰাধিক কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰি দলীয় পতাকা আৰু শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ মনোনয়ন দাখিলৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা আলাপত মেহবুব মুক্তাৰে কয় যে, “এইবাৰ ধিং সমষ্টিৰ ৰাইজে উন্নয়ন বিচাৰে৷ বহুদিন ধৰি চলি অহা ধৰ্মীয় ৰাজনীতিৰ পৰা ৰাইজে মুক্তি বিচাৰে৷ সেয়ে এইবাৰ ভোটাৰসকলে সঠিক সিদ্ধান্ত লৈ পৰিৱৰ্তন আনিব৷ ” তেওঁ আৰু কয় যে, ধিং সমষ্টিত এইবাৰ এআইইউডিএফ (AIUDF)ক ভোটাৰ ৰাইজে প্ৰত্যাখ্যান কৰিব আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ জয় নিশ্চিত৷ “আমাৰ প্ৰথম কথাও উন্নয়ন, শেষ কথাও উন্নয়ন, ” বুলি মন্তব্য কৰি তেওঁ ৰাইজৰ দলৰ জয় এইবাৰ নিশ্চিত বুলি আত্মবিশ্বাস ব্যক্ত কৰে৷ উল্লেখযোগ্য যে, ধিং সমষ্টিত এইবাৰ কংগ্ৰেছ দলৰ লগত মিত্ৰতা হোৱাত ৰাইজৰ দলৰ জয়ী হোৱাৰ আশা অধিক৷ তেনে পৰিস্থিতিত ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ এই মনোনয়ন দাখিল কাৰ্যসূচীয়ে সমষ্টিটোৰ ৰাজনৈতিক সমীকৰণত নতুন গতি আনিব বুলি ৰাজনৈতিক মত ব্যক্ত কৰিছে৷

RELATED ARTICLES
Lucknow
haze
29 ° C
29 °
29 °
58 %
5.1kmh
75 %
Thu
37 °
Fri
38 °
Sat
41 °
Sun
40 °
Mon
40 °

Most Popular