29 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমমিছন বসুন্ধৰা ৩ৰ অগ্ৰগতি হাইলাকান্দীত ৭০টা প্ৰতিষ্ঠানলৈ ডিজিটেল ভূমি পট্টা প্ৰদান

মিছন বসুন্ধৰা ৩ৰ অগ্ৰগতি হাইলাকান্দীত ৭০টা প্ৰতিষ্ঠানলৈ ডিজিটেল ভূমি পট্টা প্ৰদান

মিছন বসুন্ধৰা ৩ৰ অগ্ৰগতি হাইলাকান্দীত ৭০টা প্ৰতিষ্ঠানলৈ ডিজিটেল ভূমি পট্টা প্ৰদান
প্ৰীতম দাস হাইলাকান্দি ২৭ ফেব্ৰুৱাৰী:
ৰাজ্য চৰকাৰৰ ‘মিছন বসুন্ধৰা ৩ কাৰ্যসূচীৰ অধীনত হাইলাকান্দি জিলাত ভূমি বন্দোবস্ত প্ৰক্ৰিয়াত লক্ষণীয় অগ্ৰগতি দেখা গৈছে। জিলাখনৰ বিভিন্ন স্কুল কলেজকে ধৰি মুঠ ৭০টা প্ৰতিষ্ঠানৰ হাতত ডিজিটেল ভূমি পট্টা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হৈছে। শুক্ৰবাৰে জিলা আয়ুক্তৰ সভাকক্ষত আয়োজিত এক সুশৃঙ্খল অনুষ্ঠানত জিলা আয়ুক্ত অভিষেক জৈনে লাভকাৰীসকলৰ হাতত এই পট্টাসমূহ প্ৰদান কৰে।প্ৰশাসনিক সূত্ৰে জনোৱা মতে বণ্টন কৰা ৭০টা পট্টাত মুঠ প্ৰায় ৪২ বিঘা ভূমি অন্তৰ্ভুক্ত আছে। ইয়াৰ ভিতৰত ৬৬টা চৰকাৰী শিক্ষা প্ৰতিষ্ঠান আৰু ৪টা ধৰ্মীয় প্ৰতিষ্ঠানে ভূমিৰ অধিকাৰ লাভ কৰিছে। সংশ্লিষ্ট মহলৰ মতে, ইয়াৰ ফলত দীৰ্ঘদিন ধৰি ভূমিৰ আইনী স্বীকৃতিৰ পৰা বঞ্চিত বহু প্ৰতিষ্ঠান উপকৃত হ’ব আৰু ভৱিষ্যতে অবকাঠামোগত উন্নয়ন তথা চৰকাৰী সুবিধা লাভ কৰা অধিক সহজ হ’ব অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰি অতিৰিক্ত জিলা আয়ুক্ত (এডিচি) ভেনলাল লিমপুই নামপুইয়ে কয় যে মিছন বসুন্ধৰাৰ মূল লক্ষ্য হৈছে খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহক স্বচ্ছ আৰু ডিজিটেল পদ্ধতিৰে ভূমিৰ অধিকাৰ প্ৰদান কৰা। তেওঁ লগতে উল্লেখ কৰে যে ডিজিটেল পট্টা প্ৰৱৰ্তনৰ ফলত ভূমি-সম্পৰ্কীয় নথিপত্ৰ সংৰক্ষণ যাচাই আৰু সেৱা প্ৰদান প্ৰক্ৰিয়া অধিক দ্ৰুত আৰু স্বচ্ছ হ’ব।ইদিনা ধেমাজিৰ পৰা ৰাজ্যিক স্তৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানটো বৃহৎ পৰ্দাত লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে হাইলাকান্দিৰ সভাকক্ষতো প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ ৰাজ্যৰ ৯৮টা বিধানসভা সমষ্টিৰ সৈতে সমন্বয় ৰাখি পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত মিছন বসুন্ধৰাৰ জৰিয়তে ভূমি সংস্কাৰ প্ৰক্ৰিয়াক অধিক জনমুখী আৰু প্ৰযুক্তিনিৰ্ভৰ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে বুলি উপস্থিত বিষয়া কৰ্মচাৰীয়ে জনায়।ভূমি পট্টা লাভ কৰা বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰশাসনৰ আন আন বিষয়া-কৰ্মচাৰীৰ লগতে মূণ স্বৰ্ণকাৰেও উপস্থিত থাকে। অনুষ্ঠানৰ অন্তত লাভকাৰীসকলৰ হাতত কিউআৰ ক’ড সংযুক্ত ডিজিটেল পট্টাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।উল্লেখযোগ্য যে বণ্টন কৰা ৭০টা ডিজিটেল পট্টাৰ ভিতৰত হাইলাকান্দি বিধানসভা সমষ্টিত সৰ্বাধিক ৪৭টা পট্টা প্ৰদান কৰা হৈছে। অৱশিষ্ট ২৩টা পট্টা কাটলিছৰা আলগাপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰতিষ্ঠানৰ মাজত বণ্টন কৰা হৈছে। প্ৰশাসনৰ মতে, আগন্তুক দিনতো এনে ধৰণৰ উদ্যোগ অব্যাহত থাকিব আৰু ভূমিহীনসকলৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰিবলৈ মিছন বসুন্ধৰাৰ কাৰ্যসূচী আৰু অধিক জোৰদাৰ কৰা হ’ব।

RELATED ARTICLES
Lucknow
overcast clouds
28 ° C
28 °
25.8 °
100 %
2.1kmh
96 %
Fri
36 °
Sat
35 °
Sun
31 °
Mon
34 °
Tue
33 °

Most Popular