30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমমিজোৰামৰ কেইফাংত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কাছাৰৰ দুই যুৱকে

মিজোৰামৰ কেইফাংত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কাছাৰৰ দুই যুৱকে

মিজোৰামৰ কেইফাংত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কাছাৰৰ দুই যুৱকে

গুলশন আহমেদ খান শিলচৰ, ২৬ এপ্ৰিল:- মিজোৰামৰ সাইতুৱাল জিলাৰ কেইফাং চহৰ সংলগ্ন অঞ্চলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কাছাৰ জিলাৰ ধলাই অঞ্চলৰ দুইজন যুৱকৰ মৃত্যু ঘটে। মৃতসকল হৈছে খুলিছড়াৰ বাসিন্দা চালক আকমল হুছেইন লস্কৰ (সাহিন) আৰু সহ-চালক ৰাহুল আলম মজুমদাৰ। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা নিশা আদা ভৰ্তি এখন লৰি শিলচৰ অভিমুখে আহি থকা সময়ত পাহাৰীয়া ৰাস্তাত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। এএস ০১এছচি ৭৩৪৩ নম্বৰৰ লৰিখন ৰাস্তাৰ পৰা ছিটকি গৈ কেইফুট গভীৰ খাদত পৰি ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ঘটনাস্থলতেই দুইজনৰ মৃত্যু ঘটে। এই হৃদয়বিদাৰক ঘটনাৰ খবৰ খুলিছড়া অঞ্চলত পোৱাৰ লগে লগে শোকৰ ছাঁ নামি আহিছে। মৃতসকলৰ পৰিয়াল ইতিমধ্যে মিজোৰামলৈ ৰাওনা হৈছে। এই আকস্মিক দুৰ্ঘটনাত দুইজন যুৱকৰ মৃত্যুত সমগ্ৰ অঞ্চলত গভীৰ শোক আৰু স্তব্ধতাৰ পৰিৱেশে বিৰাজ কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular