সৰ্বভাৰতীয় শৰীৰ চৰ্চাত অসমৰ বৃহৎ সফলতাঃ ২০২৬ বৰ্ষৰ ‘মিষ্টাৰ ইণ্ডিয়া’ পৰিতোষ ৰয়ক শিৱসাগৰত উষ্ম আদৰণি*
দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ , শিৱসাগৰ, ২৬ এপ্ৰিলঃ শিৱসাগৰৰ সুসন্তান পৰিতোষ ৰয়ৰ বৃহৎ সাফল্যত শিৱসাগৰ চহৰ উৎসৱমুখৰ হৈ পৰে। বিহাৰৰ গয়াত যোৱা ১২ আৰু ১৩ এপ্ৰিলত ইণ্ডিয়ান বডি বিল্ডিং এণ্ড ফিটনেচ ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা ১৯ তম সৰ্বভাৰতীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত ২০২৬ চনৰ ‘মিষ্টাৰ ইণ্ডিয়া’ খিতাপ অৰ্জন কৰা পৰিতোষ ৰয়ক শিৱসাগৰত বিপুল ৰাজহুৱা সম্বৰ্দ্ধনা জনোৱা হয়। শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত সদৌ অসম ফিজিক এণ্ড ফিটনেচ এচোছিয়েশ্যনৰ সভাপতি জয়ন্ত ৰাজকোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ সম্বৰ্দ্ধনা সভাখন আঁত ধৰে ৰাজ্যিক সম্পাদক অতনু বৰুৱাই। জিলা শৰীৰ চৰ্চা সন্থা, জিলা শক্তি উত্তোলন সন্থা, সদৌ অসম পাঞ্জা সন্থা আৰু শিৱসাগৰ প্ৰেছ ক্লাবকে আদি কৰি জিলাখনৰ বিভিন্ন দল-সংগঠনে মিষ্টাৰ ইণ্ডিয়া পৰিতোষ ৰয়ৰ লগতে পদকপ্ৰাপ্ত সকলো প্ৰতিযোগীক উষ্ম আদৰণি জনায়। উল্লেখ্য যে, এই সৰ্বভাৰতীয় প্ৰতিযোগিতাত অসমৰ ১৭ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি ১৫ জনে বিভিন্ন শাখাত স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। পুৰুষৰ ৮ টা বিভাগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অসমৰ দলটোৱে ৫ টা সোণ, ২ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদকৰ উপৰিও অন্যান্য স্থান দখল কৰিবলৈ সক্ষম হয়। ফলাফল অনুসৰি, ৫৫ কেজি শাখাত দিপু দত্তই প্ৰথম, ৬০ কেজিত সন্তোষ য়াদবে প্ৰথম, ৬৫ কেজিত মুজাহিদুল ইচলামে দ্বিতীয় আৰু ৭৫ কেজিত সন্তোষ বড়োৱে প্ৰথম স্থান লাভ কৰে। আনহাতে ৮০ কেজি শাখাত পৰিতোষ ৰয়ে প্ৰথম হোৱাৰ লগতে আকিউৰ জামানে তৃতীয়, কূলদীপ গগৈয়ে চতুৰ্থ আৰু পংকজ কুন্দুৱে পঞ্চম স্থান পায়। ৮৫ কেজিত মানৱ ডেকাই তৃতীয় আৰু ৮৫ কেজিৰ উৰ্ধৰ শাখাত বিতুমণি চেতিয়াই প্ৰথম স্থান দখল কৰে। মাষ্টাৰ্ছ শাখাত মোজাহিদূল ইছলামে দ্বিতীয়, দিলীপ কুমাৰ দেউৰীয়ে চতুৰ্থ আৰু পংকজ কূন্ডূৱে পঞ্চম স্থান লাভ কৰাৰ বিপৰীতে মেন মডেল ফিজিকত জোনাক দৈমাৰীয়ে চতুৰ্থ আৰু মহিলা মডেল ফিজিকত জুৱাই সেনগুপ্তাই তৃতীয় স্থান লাভ কৰে। আয়োজিত এই বিশেষ অনুষ্ঠানত সদৌ অসম ফিজিক এণ্ড ফিটনেচ ফেডাৰেশ্যনৰ উপ-সভাপতি ঘনকৃঞ্চ গোহাঁইও উপস্থিত থাকে বুলি জিলা শৰীৰ চৰ্চা সন্থাৰ সম্পাদক পুৰুষোত্তম কলিতাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

