30 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমমৈৰাবাৰীত নিৰ্বাচনী প্ৰচাৰ, AIMIM চীফ আছাদুদ্দিন ওৱেছিৰ:জন সমুদ্ৰত পৰিণত মৈৰাবাৰী ইন্দিৰা গান্ধী...

মৈৰাবাৰীত নিৰ্বাচনী প্ৰচাৰ, AIMIM চীফ আছাদুদ্দিন ওৱেছিৰ:জন সমুদ্ৰত পৰিণত মৈৰাবাৰী ইন্দিৰা গান্ধী খেল পথাৰ

মৈৰাবাৰীত নিৰ্বাচনী প্ৰচাৰ, AIMIM চীফ আছাদুদ্দিন ওৱেছিৰ:জন সমুদ্ৰত পৰিণত মৈৰাবাৰী ইন্দিৰা গান্ধী খেল পথাৰ

ইছফাকুৰ ৰহমান, দুৰ্নীতিৰ দৰ্পণ, মৈৰাবাৰী, ২ এপ্ৰিল: মৰিগাঁও জিলাৰ মৈৰাবাৰীত আজি এ আই ইউ ডি এফৰ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজন কৰা হয়, য’ত অংশগ্ৰহণ কৰে AIMIM দলৰ মুৰব্বী আছাদুদ্দিন ওৱেছিয়ে৷ লাহৰীঘাট বিধানসভা সমষ্টিৰ AIUDF প্ৰাৰ্থী ছিদ্দিক আহমেদ আৰু ধিং বিধানসভা সমষ্টিৰ AIUDF প্ৰাৰ্থী মতিউৰ ৰহমানৰ সমৰ্থনত আয়োজন কৰা এই সভাত ওৱেছিয়ে দুয়ো প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়৷ তেওঁ ভাষণ প্ৰসংগত বিজেপি আৰু কংগ্ৰেছ—উভয় দলক তীব্ৰ সমালোচনা কৰি কয় যে, এই দুয়ো দলে বছৰৰ পাছত বছৰ অসমৰ জনসাধাৰণক উন্নয়নৰ প্ৰতিশ্ৰুতি দিলেও বাস্তৱত সেই প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে৷ ওৱেছিয়ে তেওঁৰ ভাষণত AIUDF দলৰ মুখ্য নেতা বদৰুদ্দিন আজমলক অসমৰ সংখ্যালঘু জনসাধাৰণৰ “ত্ৰাণকৰ্তা” বুলি অভিহিত কৰি কয় যে, আজমলে সদায় সংখ্যালঘু লোকসকলৰ অধিকাৰ আৰু স্বাৰ্থ ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আহিছে৷ একে সময়তে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি তীব্ৰ সমালোচনা আগবঢ়ায় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন নীতি-নিয়মৰ বিৰুদ্ধে মত প্ৰকাশ কৰে৷ সভাখনত উপস্থিত লোকসকলৰ উত্তেজনা আৰু সঁহাৰিয়ে নিৰ্বাচনী পৰিৱেশক অধিক উজ্জীৱিত কৰি তোলে৷ উক্ত নিৰ্বাচনী সভাত প্ৰায় ২০ হাজাৰতকৈ অধিক লোক উপস্থিত আছিল৷ বৃহৎ জনসমাগমত নেতা জনৰ ভাষণে আগন্তুক নিৰ্বাচনক লৈ লাহৰিঘাট, ধিং তথা সমগ্ৰ অঞ্চলটোত ৰাজনৈতিক পৰিস্থিতি অধিক তীব্ৰ হৈ উঠাৰ সংকেত প্ৰদান কৰিছে৷

RELATED ARTICLES
Lucknow
broken clouds
29.3 ° C
29.3 °
29.3 °
74 %
3.5kmh
63 %
Tue
29 °
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °

Most Popular