40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমমৈৰাবাৰী অঞ্চলত নিৰ্বাচনী তৎপৰতাৰ মাজতে জব্দ ১১ লাখ ২০ হাজাৰ

মৈৰাবাৰী অঞ্চলত নিৰ্বাচনী তৎপৰতাৰ মাজতে জব্দ ১১ লাখ ২০ হাজাৰ

মৈৰাবাৰী অঞ্চলত নিৰ্বাচনী তৎপৰতাৰ মাজতে জব্দ ১১ লাখ ২০ হাজাৰ

ইছফাকুৰ ৰহমান, দুৰ্নীতিৰ দৰ্পণ, মৈৰাবাৰী, ২৭ মাৰ্চ: ৰাজ্যজুৰি নিৰ্বাচনী প্ৰচাৰ চলি থকা সময়তে মৈৰাবাৰীত আজি নিৰ্বাচনী নিয়ম-নীতি ভংগৰ ঘটনা পোহৰলৈ আহিছে৷ বিভাগীয় নিৰ্দেশনা কঠোৰভাৱে ৰূপায়ণৰ অংশ হিচাপে চলোৱা এক তালাচী অভিযানত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় নিৰ্বাচনী বিষয়াসকল৷ তথ্য অনুসৰি, মৈৰাবাৰী বজাৰত অৱস্থিত ’জাহানাৰা মেডিকেল হল’ৰ সত্তাধিকাৰী ফুৰকান আলী নামৰ লোকজনৰ পৰা মৈৰাবাৰী পেট্ৰল পাম্পৰ সমীপতে চলোৱা চি আৰ পি এফ আৰু নিৰ্বাচনী কৰ্মচাৰীৰ যৌথ তালাচীত মুঠ নগদ ১১ লাখ ২০ হাজাৰ টকা জব্দ কৰা হৈছে৷ উক্ত ধনখিনি মৈৰাবাৰীৰ পৰা নগাঁও অভিমুখে লৈ যোৱা অৱস্থাত আছিল বুলি জানিব পৰা গৈছে৷ এই অভিযানটো নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়াসকল আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)ৰ যৌথ উদ্যোগত সম্পন্ন হয়৷ নিৰ্বাচনী সময়ছোৱাত অবৈধ ধনৰ চলাচল ৰোধ কৰাৰ উদ্দেশ্যে চলোৱা নিয়মীয়া তালাচীৰ অংশ হিচাপে এই সফলতা লাভ কৰা বুলি জানিব পৰা গৈছে৷ বৰ্তমান জব্দ কৰা ধনখিনি নিৰ্বাচনী বিষয়াৰ কৰ্তৃত্বত সংৰক্ষণ কৰি ৰখা হৈছে আৰু এই সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত আছে৷ ধনৰ উৎস আৰু ব্যৱহাৰৰ উদ্দেশ্য সম্পৰ্কে তদন্ত চলি থকা বুলি কৰ্তৃপক্ষই সদৰী কৰিছে৷ উল্লেখযোগ্য যে, আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মৈৰাবাৰী অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে আৰু এইধৰণৰ অভিযান আগন্তুক দিনসমূহতো অব্যাহত থাকিব বুলি জানিবলৈ দিছে৷

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular