33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসম৯৭ শতাংশ উত্তীৰ্ণতাৰে উজলিল কটহগুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুল

৯৭ শতাংশ উত্তীৰ্ণতাৰে উজলিল কটহগুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুল

৯৭ শতাংশ উত্তীৰ্ণতাৰে উজলিল কটহগুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুল

দুৰ্নীতিৰ দৰ্পণ, আনাৰুল হক, টুকটুকী,২৮ এপ্ৰিল : নগাঁও জিলাৰ বৃহত্তৰ কটহগুৰি টুকটুকীৰ আগশাৰী শিক্ষা অনুষ্ঠান কটহগুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উজ্বল সাফল্য অৰ্জন কৰি পুনৰায় গৌৰৱ কঢ়িয়াই আনিছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰা ফলাফল অনুসৰি বিদ্যালয়খনৰ কলা শাখাত ৯৭ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। এইবাৰ মুঠ ২৬৫ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৭৭ গৰাকী প্ৰথম বিভাগ, ১৫০ গৰাকী দ্বিতীয় বিভাগ আৰু ২৫ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ফলাফল ঘোষণাৰ লগে লগে বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়। এই উল্লেখযোগ্য সাফল্যত অভিভাৱক-অভিভাবিকা, স্থানীয় ৰাইজ আৰু শুভাকাংক্ষী সকলে বিদ্যালয়খনৰ পৰিচালনা সমিতি আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলক আন্তৰিক অভিনন্দন জনায়। বিদ্যালয়খনৰ এই কৃতিত্বই অঞ্চলটোৰ শিক্ষা ক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular