35.9 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমমৰিগাঁও জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অৰুণোদয় ৩.০ আঁচনিৰ অধীনত হিতাধিকাৰীসকলক আৰ্থিক সাহায্য...

মৰিগাঁও জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অৰুণোদয় ৩.০ আঁচনিৰ অধীনত হিতাধিকাৰীসকলক আৰ্থিক সাহায্য প্ৰদান সন্দৰ্ভত প্ৰস্তুতিমূলক সভা

মৰিগাঁও জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অৰুণোদয় ৩.০ আঁচনিৰ অধীনত হিতাধিকাৰীসকলক আৰ্থিক সাহায্য প্ৰদান সন্দৰ্ভত প্ৰস্তুতিমূলক সভা
দুৰ্নীতিৰ দৰ্পন, মৰিগাঁও , ৫ মাৰ্চ : মৰিগাঁও জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অৰুণোদয় ৩.০ আঁচনিৰ অধীনত হিতাধিকাৰীসকলক আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে আয়োজিত অনুষ্ঠান সন্দৰ্ভত এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত অহা ১০ মাৰ্চত মৰিগাঁও জিলাৰ প্ৰতিটো গাঁও পঞ্চায়ত আৰু পৌৰ এলেকাত আয়োজন কৰা অনুষ্ঠান সূচাৰুৰূপে যাতে সম্পন্ন হয় তাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হয়। সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰা, উন্নয়ন খণ্ড বিষয়াসকল, মৰিগাঁও পৌৰ সভাৰ কাৰ্যবাহী বিষয়া আৰু পঞ্চায়ত সচিবসকল উপস্থিত আছিল। উল্লেখ্য যে অহা ১০ মাৰ্চত মৰিগাঁও জিলাৰ ৮৪ টা গাঁও পঞ্চায়ত আৰু পৌৰ এলেকাৰ ৪ টা স্থানত সভা অনুষ্ঠিত কৰি অৰুণোদয় ৩.০ ৰ অধীনত হিতাধিকাৰীসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular