গছবাৰী ঐতিহ্যমণ্ডিত নামঘৰত উলাহ-মালহেৰে দৌল উৎসৱৰ সফল সামৰণি
দুৰ্নীতিৰ দৰ্পন , মৰিগাঁও , ৫ মাৰ্চ: মৰিগাঁও জিলাৰ গছবাৰী তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে দৌল উৎসৱ।বসন্তৰ আগমণৰ লগে লগে সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও জিলাৰ গছবাৰী অঞ্চলটো এতিয়া ফাকুৰ ৰঙ আৰু হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। গছবাৰীৰ ঐতিহাসিক নামঘৰ প্ৰাংগণত অতি আধ্যাত্মিক পৰিৱেশৰ মাজেৰে উদযাপন কৰা হ’ল বাৰেৰহণীয়া দৌল উৎসৱ তথা ফাকুৱা। কেৱল এমুঠি ফাকুৱেই নহয়, বৰঞ্চ ভক্তিৰসৰ এক অপূৰ্ব সংমিশ্ৰণে সমগ্ৰ অঞ্চলটোলৈ নমাই আনিছে এক স্বৰ্গীয় পৰিৱেশ। ঐতিহ্যৰ সুবাস আৰু ঐতিহাসিক পৃষ্ঠভূমি গছবাৰী গাঁৱৰ এই দৌল উৎসৱৰ ইতিহাস অতি গৌৰৱোজ্জ্বল। স্থানীয় বয়োজ্যেষ্ঠসকলৰ মতে, এই পৰম্পৰাই স্বাধীনতাৰ পূৰ্বৰ সময়ছোৱাকো স্পৰ্শ কৰিছে। নামঘৰটোৰ প্ৰতিটো খুটা আৰু দেৱালত যেন বৈ আছে পুৰণি দিনৰ সেই ভক্তিৰ চানেকি। এসময়ত এই উৎসৱ সাতদিনীয়া ব্যাপক কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল। যদিও সময়ৰ পৰিবৰ্তন আৰু ব্যস্ততাৰ বাবে চলিত বৰ্ষত ইয়াক তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীলৈ পৰিবৰ্তন কৰা হৈছে, তথাপিও ৰাইজৰ উৎসাহ আৰু ভক্তিভাবত অলপো হ্ৰাস পোৱা নাই। বৰঞ্চ নতুন প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণে উৎসৱটিক এক নতুন মাত্ৰা প্ৰদান কৰিছে। উৎসৱৰ অন্তিমটো দিন আছিল আটাইতকৈ আকৰ্ষণীয়। পুৱাৰে পৰাই দবা-শংখৰ ধ্বনি আৰু গায়ন-বায়নৰ পদচালিত সমগ্ৰ গছবাৰী অঞ্চল কঁপি উঠে। মহিলা আৰু পুৰুষৰ পৃথক পৃথক নাম-কীৰ্তনে এক আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলে। বিয়লিৰ ভাগত আবাল-বৃদ্ধ-বনিতা সকলোৱে ইজনে সিজনক ফাকুৰে বোলাই এক অনাবিল আনন্দত আত্মহাৰা হৈ পৰে। বগা ধুতি আৰু চাদৰ-মেখেলাত ফাকুৰ ৰঙ পৰি যেন এক বসন্তৰ দাপোণহে গঢ়ি তুলিলে। পৰম্পৰা অনুসৰি মহাপ্রভুক দৌলত আৰোহণ কৰাই যি বিশেষ ভক্তিভাব প্ৰদৰ্শন কৰা হয়, সেয়া আছিল উৎসৱৰ অন্যতম মূল কেন্দ্ৰবিন্দু। উৎসৱৰ সামৰণি অনুষ্ঠানত স্থানীয় উদ্যোক্তাসকলে কয় যে, দৌল উৎসৱ কেৱল এটা ধৰ্মীয় অনুষ্ঠান নহয়, ই হ’ল জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে একত্ৰিত হোৱাৰ এক মহান মঞ্চ। “গছবাৰীৰ এই উৎসৱে শিকাইছে কেনেকৈ বিভেদ পাহৰি সকলোৱে একেলগে আগুৱাই যাব লাগে এই ঐতিহাসিক নামঘৰটোৱে সদায় শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা বিলাই আহিছে। লগতে তেঁওলোকে আশা কৰে যে আগন্তুক বছৰবোৰত এই উৎসৱে আৰু অধিক বিশাল ৰূপ ল’ব।” — স্থানীয় গণ্য-মান্য ব্যক্তি। উৎসৱৰ শেষত গাঁৱৰ প্ৰতিগৰাকী ৰাইজৰ মুখত বিৰিঙি উঠা হাঁহি আৰু সন্তুষ্টিয়েই প্ৰমাণ কৰে যে গছবাৰীৰ এই দৌল উৎসৱ সফল হৈছে। ৰাইজৰ প্ৰাৰ্থনা— জগতৰ মংগল হওক, শান্তি বিৰাজ কৰক আৰু ফাকুৰ ৰঙৰ দৰেই সকলোৰে জীৱন ৰঙীন হৈ পৰক তাৰে কামনা কৰে সকলোৱে।
গছবাৰী ঐতিহ্যমণ্ডিত নামঘৰত উলাহ-মালহেৰে দৌল উৎসৱৰ সফল সামৰণি
Lucknow
broken clouds
34.5
°
C
34.5
°
34.5
°
28 %
0.5kmh
76 %
Fri
42
°
Sat
41
°
Sun
44
°
Mon
45
°
Tue
45
°

