35.2 C
New Delhi
Saturday, June 13, 2026
spot_img
Homeঅসমলক্ষীপুৰত ভয়ংকৰ দুৰ্ঘটনাৰ কৱলত পৰি মৃত্যু বৃদ্ধৰ

লক্ষীপুৰত ভয়ংকৰ দুৰ্ঘটনাৰ কৱলত পৰি মৃত্যু বৃদ্ধৰ

লক্ষীপুৰত ভয়ংকৰ দুৰ্ঘটনাৰ কৱলত পৰি মৃত্যু বৃদ্ধৰ

গুলশন আহমেদ খান, শিলচৰ, ২৮ ফেব্ৰুৱাৰী:- প্ৰতিবেদন।কাছাৰৰ জয়পুৰ কনকপুৰ সংঘটিত হল এক মৰ্মান্তিক পথ দুৰ্ঘটনা । ভয়ংকৰ এই দুৰ্ঘটনাত মৃত্যু হৈছে স্থানীয় ৰিয়াজ উদ্দিন নামৰ ৬০ বছৰীয়া এক বৃদ্ধৰ। জানিব পৰা মতে.. যোৱাকালি আবেলি ইফতাৰৰ কিছু সদয় পূৰ্বে বৃদ্ধ গৰাকীয়ে নিজ ঘৰৰ সম্মুখত ৰোজা ৰাখি ইফতাৰৰ সময়ৰ বাবে অপেক্ষা কৰি আছিলে। সেই সময়ত দ্ৰুতগতিত অহা এখন শিল বুজাই ডাম্পাৰ হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই বৃদ্ধ গৰাকীৰ ওপৰত বাগৰি পৰে। ফলত ডাম্পাৰৰ তলত চেপা পৰি থিতাতে মৃত্যু হয় বৃদ্ধ লোকজনৰ । ঘটনাৰ পাছত ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হলে আৰক্ষীৰ বিশাল বাহিনী ঘটনাস্থলীত গৈ উপস্থিত হয় । আৰক্ষীয়ে উত্তেজিত লোকক বুজনি দি কেইবা ঘণ্টা পাছত ডাম্পাৰ তলৰ পৰা বৃদ্ধ গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে। স্থানীয় ৰাইজৰ অভিযোগ ডাম্পাৰখনৰ চালক সুৰামত্ত অবস্থাত আছিলে। যাৰবাবে ভয়ংকৰ এই দুৰ্ঘটনা সংঘটিত হৈছে। ইপিনে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীত ডাম্পাৰ এৰি পলায়ন কৰে চালকে । চালকক বিচাৰি আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে অভিযান। মৰ্মান্তিক এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে। কিহেনো ৰোজা অবস্থাত মৃত্যু হৈছে বৃদ্ধ লোকজনৰ। 

RELATED ARTICLES
Lucknow
few clouds
39.1 ° C
39.1 °
39.1 °
24 %
2.1kmh
11 %
Sat
42 °
Sun
43 °
Mon
44 °
Tue
45 °
Wed
44 °

Most Popular