লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ডত ম’হ-ৰেলৰ সংঘৰ্ষ ৰোধৰ বাবে বিস্তৃত ব্যৱস্থা গ্ৰহণ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ
হাফলঙ, পিএনচি ৭ মে: উত্তৰ-পূব সীমান্ত ৰেলৱেই লামডিং মণ্ডলৰ অধীনৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ডত ম’হৰ সৈতে খুন্দা লগা ঘটনা ৰোধ কৰাৰ বাবে একাধিক সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰিছে৷ ৰেল পৰিচালন সুৰক্ষা আৰু পশুধনৰ সুৰক্ষা উভয়কে বিবেচনা কৰি উত্তৰ-পূব সীমান্ত ৰেলৱেই পূৰ্বতে যিসমূহ স্থানত এনে ঘটনা সঘনাই ঘটিছিল, সেইসমূহ স্থানত প্ৰতিৰোধমূলক ব্যৱস্থা তীব্ৰতৰ কৰি তুলিছে৷ সুৰক্ষা বৃদ্ধিৰ অংশ হিচাপে পাৰ্বত্য খণ্ডৰ গুৰুত্বপূৰ্ণ ৰেলৱে সুৰঙ্গসমূহৰ প্ৰৱেশ পথত ট্ৰেকৰ ওপৰলৈ গৰু-ম’হৰ চলাচল প্ৰতিৰোধ কৰাৰ বাবে ফেঞ্চিং নিৰ্মাণ কৰা হৈ আছে৷ সম্প্ৰতি সুৰঙ্গ নং ১৬ আৰু সেতু নং ২৬২ ৰ মাজত ট্ৰেকৰ উভয় দিশৰ প্ৰায় ১৫০ মিটাৰ দৈৰ্ঘ্য্যৰ ফেঞ্চিং নিৰ্মাণৰ কাম সফলতাৰে সম্পূৰ্ণ কৰা হৈছে৷ ইয়াৰ উপৰিও সুৰঙ্গ নং ১০ আৰু সুৰঙ্গ নং ১২ ৰ আশে পাশে ফেঞ্চিং নিৰ্মাণৰ কাম বৰ্তমান চলি আছে আৰু সোনকালে সম্পূৰ্ণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ এই পদক্ষেপসমূহৰ পৰিণামস্বৰূপে গৰু-ম’হ যাতে ৰেলপথত প্ৰৱেশ কৰিব নোৱাৰে সেই সম্ভাৱনা যথেষ্ট হ্ৰাস কৰিব, লগতে পশুধন-ৰেলৰ সংঘৰ্ষ ৰোধ কৰি পৰিচালন সুৰক্ষা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে৷ আন্তঃগাঁথনিগত পদক্ষেপৰ লগতে উত্তৰ-পূব সীমান্ত ৰেলৱেই বিশেষকৈ নিউ হাৰাঙ্গাজাও-ডিটকছৰা খণ্ডত ম’হৰ সৈতে ৰেলৰ খুন্দা লগা দুৰ্ঘটনা প্ৰৱণ অঞ্চলৰ আশে পাশে থকা গাঁওসমূহত ব্যাপক সচেতনতা অভিযানো চলাই আহিছে৷ ৰেলৱে বিষয়াবৰ্গই গাঁও পঞ্চায়ত আৰু স্থানীয় ৰাইজৰ সৈতে সমন্বয় সাধনেৰে জনসাধাৰণক ৰেলপথ আৰু সুৰঙ্গসমূহত গৰু-ম’হ প্ৰৱেশ কৰাৰ ফলত হোৱা বিপদ সম্পৰ্কে সচেতন কৰি আহিছে৷ এনে অভিযানসমূহত পেম্ফলেট বিতৰণ কৰা হৈছে আৰু সচেতনতা প’ষ্টাৰ প্ৰদৰ্শন কৰা হৈছে যাতে গাঁওবাসীয়ে জীৱজন্তুক ৰেলপথ আৰু ৰেলৱে পৰিসৰৰ পৰা আঁতৰত ৰাখে৷ উত্তৰ-পূব সীমান্ত ৰেলৱেই পাৰ্বত্য খণ্ডত সদায়েই সুৰক্ষিত আৰু নীৰৱচ্ছিন্ন ৰেল চলাচল নিশ্চিত কৰিবলৈ অহৰহ নিৰীক্ষণ, আন্তঃগাঁথনিৰ শক্তিশালীকৰণ আৰু সামূহিক অংশগ্ৰহণৰ জৰিয়তে সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে৷ উত্তৰ-পূব সীমান্ত ৰেলৱেই স্থানীয় ৰাইজ আৰু গো-পালকসকলক ৰেলৰ পৰিচালন সুৰক্ষিত কৰাৰ লগতে জীৱজন্তুৰ সৈতে দুৰ্ঘটনা ৰোধ কৰাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে৷

