36.3 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমশিৱসাগৰত অসামৰিক চিকিৎসালয়ৰ চিকিৎসক-কৰ্মচাৰীৰ বিহু নৃত্যঃ উলহ-মালহেৰে উদযাপন তৃতীয় বাৰ্ষিক বসন্ত উৎসৱ*

শিৱসাগৰত অসামৰিক চিকিৎসালয়ৰ চিকিৎসক-কৰ্মচাৰীৰ বিহু নৃত্যঃ উলহ-মালহেৰে উদযাপন তৃতীয় বাৰ্ষিক বসন্ত উৎসৱ*

শিৱসাগৰত অসামৰিক চিকিৎসালয়ৰ চিকিৎসক-কৰ্মচাৰীৰ বিহু নৃত্যঃ উলহ-মালহেৰে উদযাপন তৃতীয় বাৰ্ষিক বসন্ত উৎসৱ*

​ *দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ৭ মে’: * শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, পৰিচাৰিকা আৰু কৰ্মচাৰীসকল বিভিন্ন ৰোগীৰ লগত অহৰহ ব্যস্ত হৈ থকাৰ মাজতে আজি ক্ষন্তেক বিহু নাচি পৰম্পৰাৰ সৈতে একাত্ম হৈ পৰে৷ বিগত বছৰ সমূহৰ দৰে এইবাৰো চিকিৎসালয়খনৰ সমূহ চিকিৎসক আৰু কৰ্মচাৰীসকলৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে চিকিৎসালয় প্ৰাঙ্গনত তৃতীয় বাৰ্ষিক বসন্ত উৎসৱখনি উলহ-মালহেৰে পালন কৰা হয়৷ দৈনন্দিন কৰ্মব্যস্ততাৰ মাজতো বিহুৰ পৰম্পৰাক ধৰি ৰখাৰ প্ৰয়াসেৰে অনুষ্ঠিত কৰা এই বসন্ত উৎসৱৰ কাৰ্যসূচীৰ ভিতৰত বিহুৱান উত্তোলন কৰে চিকিৎসালয়ৰ অধীক্ষক ডাঃ সাধন বৰাই৷ ভাৰতৰত্ন ড° ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনোৱাৰ লগতে বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মাখন কলিতাই৷ ইয়াৰ পাছতেই বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ ঋত্বিক চেতিয়াই৷ বসন্ত উৎসৱৰ লগত সংগতি ৰাখি চিকিৎসালয়খনৰ কৰ্মচাৰী বৃন্দ আৰু পৰিচাৰিকা সকলে এক আকৰ্ষণীয় জেং বিহু প্ৰদৰ্শন কৰে৷ ইয়াৰ পাছত দুগৰাকী কণমানি শিল্পীয়ে জুবিন গাৰ্গৰ এটি গীতত নৃত্য প্ৰদৰ্শন কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়৷ ​একেটা অনুষ্ঠানতে চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ মাখন কলিতা, ডাঃ সাধন বৰা, ডাঃ সঞ্জু বুঢ়াগোহাঁই আৰু ডাঃ ৰাজীৱ পাংগিঙে ক্ৰমে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ গীতৰ উপৰি এটি কামৰূপী লোকগীত পৰিবেশন কৰে৷ অনুষ্ঠানত সাংবাদিক ৰাতু কুমাৰ দাস, পৰাগ শইকীয়া, হিমাংশু নেওগ, পৰিক্ষীত গগৈ, মুন্না আগৰৱালা, মনি গগৈ, উদিপ্ত দুৱৰা আৰু ইজাজ আহমেদক সম্বদ্ধৰ্না জনোৱাৰ লগতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মিণ্টু দাসকো সম্বদ্ধৰ্না জনোৱা হয়৷ উক্ত অনুষ্ঠানত ডাঃ ৰঞ্জিত হাজৰিকা, ডাঃ উদয়াদিত্য ৰাজখোৱা, ডাঃ সৌৰভ গগৈ, ডাঃ ৰাজীৱ পাংগিং, ডাঃ প্ৰশান্ত শৰ্মা, ডাঃ যদুমনি বৰা, ডাঃ ৰূপম কাকতিৰ উপৰিও চিকিৎসালয়খনৰ বহুকেইজন চিকিৎসক, কৰ্মচাৰী মদন সাহা, উজ্জ্বল দত্ত, হিমন্ত চুতিয়া, উপেন গগৈ, লক্ষিমাই বৰা, গীতাঞ্জলী সেনচোৱা, অনু বৰা, অসীমা বৰগোঁহাই আদি উপস্থিত থাকি অনুষ্ঠানটো সৰ্বাং সুন্দৰ কৰি তোলে৷ অনাগত দিনত চিকিৎসালয়খনত ইয়াতকৈও অধিক মনোগ্ৰাহী কৈ বসন্ত উৎসৱ উদযাপন কৰা হ’ব বুলি উদযাপন সমিতিৰ হৈ সভাপতি ডাঃ সাধন বৰা, কাৰ্যকৰী সভাপতি ডাঃ ঋত্বিক চেতিয়া আৰু সাধাৰণ সম্পাদক ডাঃ সঞ্জু বুঢ়াগোহাঁয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে, অনুষ্ঠানত কেইবাটাও আমন্ত্ৰিত হুঁচৰি দলৰ বিহু প্ৰদৰ্শনৰ লগতে কেইবাটাও সাংস্কৃতিক দলে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে৷ সন্ধিয়ালৈ জনপ্ৰিয় কণ্ঠ শিল্পী মিলন মিলিয়ে বহুকেইটা জনপ্ৰিয় আধুনিক গীত আৰু বিহু গীতেৰে ৰাইজক মন্ত্ৰমুগ্ধ কৰে৷

RELATED ARTICLES
Lucknow
overcast clouds
36 ° C
36 °
36 °
41 %
6.1kmh
100 %
Wed
35 °
Thu
36 °
Fri
34 °
Sat
35 °
Sun
35 °

Most Popular