35.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমশগুণৰ উপস্থিতি হ্ৰাসকলৈ বিশেষজ্ঞ সৌৰভ বৰকটকীৰ উদ্বেগ প্ৰকাশ

শগুণৰ উপস্থিতি হ্ৰাসকলৈ বিশেষজ্ঞ সৌৰভ বৰকটকীৰ উদ্বেগ প্ৰকাশ

শগুণৰ উপস্থিতি হ্ৰাসকলৈ বিশেষজ্ঞ সৌৰভ বৰকটকীৰ উদ্বেগ প্ৰকাশ

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ৩০ মাৰ্চঃ দ-পৰ্বতীয়া অঞ্চলৰ বাসিন্দা মনজিৎ বৰাই আজি সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীক শগুণৰ উপস্থিতি সম্পৰ্কে এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে৷ বাৰ্তাটো লাভ কৰাৰ পিছতেই বৰকটকীয়ে ততালিকে উক্ত স্থানত উপস্থিত হৈ আঘাতপ্ৰাপ্ত শগুণটোক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰে৷ পিছত শগুণটোৰ অৱস্থা সুস্থ হোৱাত বন বিভাগৰ হাতত গতাই দিয়ে৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি সৌৰভ বৰকটকীয়ে তেজপুৰ অঞ্চলত শগুণৰ অৱস্থা সন্দৰ্ভত অধ্যয়ন চলাই আহিছে আৰু বিভিন্ন ঠাইৰ পৰা তথ্য সংগ্ৰহ কৰি আহিছে৷ তেওঁ জনোৱা অনুসৰি, তেজপুৰত দেখা পোৱা অধিকাংশ শগুণ লাওখোৱা অঞ্চলৰ পৰা আহি এই অঞ্চলত সোমাই পৰে৷ তেজপুৰত শগুণৰ সংখ্যা ক্ৰমে হ্ৰাস পাই অহা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰি বৰকটকীয়ে কয় যে, “শগুণসমূহৰ বাসস্থান ধ্বংস, খাদ্যৰ অভাৱ, আৰু পৰিবেশ দূষিত কৰণেই শগুণবোৰ হ্ৰাস হোৱাৰ মূল কাৰণ৷ বিশেষকৈ মৃত জীৱ-জন্তুৰ সংখ্যা হ্ৰাস পোৱাৰ ফলতেই শগুণসমূহে খাদ্য লাভ কৰাত বঞ্চিত হৈছে৷ আন কেতবোৰ কাৰণৰ ভিতৰত – আজিকালি কিছুমান মৃত জীৱ-জন্তুৰ শৰীৰত পোৱা কিছুমান ঔষধৰ উপস্থিতি আৰু তেনে জন্তুৰ মাংস ভক্ষণৰ ফলতো আজিকালি শগুণে মৃত্যুৰ হাৰ বাঢ়ি গৈছে৷ ইয়াৰ উপৰিও মানুহৰ কাৰ্যকলাপ আৰু নগৰীকৰণে শগুণৰ স্বাভাৱিক জীৱনচক্ৰত প্ৰভাৱ পেলাইছে৷ ” তেওঁ আৰু কয় যে, এই সমস্যাটো সমাধানৰ বাবে জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰা, বনাঞ্চল সংৰক্ষণ কৰা আৰু শগুণৰ বাবে উপযোগী পৰিবেশ সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়৷ প্ৰকৃতিৰ পৰিষ্কাৰক হিচাপে পৰিচিত শগুণসমূহৰ সংৰক্ষণৰ বাবে সকলো স্তৰৰ লোকে একেলগে আগবাঢ়ি অহাতো বৰ্তমান সময়ৰ দাবী বুলি বিশেষজ্ঞ গৰাকীকে মত প্ৰকাশ কৰে৷

RELATED ARTICLES
Lucknow
haze
37 ° C
37 °
37 °
13 %
2.6kmh
16 %
Thu
40 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular