36.3 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমশিৱসাগৰৰ আখৈফুটীয়া ২ নং চাউলকৰা বামবাৰী গাঁওত সমূহীয়া বিবাহ অনুষ্ঠান

শিৱসাগৰৰ আখৈফুটীয়া ২ নং চাউলকৰা বামবাৰী গাঁওত সমূহীয়া বিবাহ অনুষ্ঠান

শিৱসাগৰৰ আখৈফুটীয়া ২ নং চাউলকৰা বামবাৰী গাঁওত সমূহীয়া বিবাহ অনুষ্ঠান

১৫মে,ডিমৌ:শিৱসাগৰৰ আখৈফুটীয়া ২ নং চাউলকৰা বামবাৰী গাঁওত সমূহীয়া বিবাহ অনুষ্ঠান৷বামবাৰী গাঁৱৰ গৰখীয়া মন্দিৰত বৃহস্পতিবাৰে সন্ধিয়া সম্পন্ন হয় এই বিবাহ অনুষ্ঠান৷মন্দিৰত ভাগৱতক সাক্ষী কৰি পাঠেকী, ভকত-বৈষ্ণৱৰ দ্বাৰা বিধি পাঠ আৰু আশিস শিৰত লৈ আনুষ্ঠানিকভাৱে বিবাহ বান্ধোনেৰে বান্ধ খায় ১৬ যোৰা বৰ-কইনাই৷ এসময়ত গন্ধৰ্ব বিবাহত আৱদ্ধ হোৱা বামবাৰী গাঁৱৰ বহু দম্পতীয়ে সাংসাৰিক জীৱন অতিবাহিত কৰি অহাৰ মাজতে সামাজিক ৰীতি-নীতি পালনত সন্মুখীন হোৱা কিছু বাধা নিলগোৱাৰ বাবে বৃহস্পতিবৰে গাঁওৰ গৰখীয়া মন্দিৰত সম্পন্ন হয় এক মাংগলিক বিবাহ অনুষ্ঠানৰ৷ মাহ-হালধিৰে গা-পা ধুই, আয়তীসকলৰ উৰুলিৰ মাজেৰে গৰখীয়া মন্দিৰত সমূহীয়া বিবাহ অনুষ্ঠানত ভাগ লয় ১৬ যোৰা বৰ-কইনাই৷ মন্দিৰত হৰিনাম শ্ৰৱণ আৰু জ্যেষ্ঠজনৰ সাংসাৰিক দিহা-পৰামৰ্শ আৰু আশীবাৰ্দ গ্ৰহণ কৰে বৰ-কইনাসকলে৷ বিবাহৰ মাংগলিক পৰ্বৰ সামৰণিত উলহ-মালহ পৰিবেশৰ মাজেৰে দৰা-কইনাক পৰিয়ালৰ লোকে স্ব-গৃহলৈ আদৰি নিয়ে৷৷

RELATED ARTICLES
Lucknow
overcast clouds
34.8 ° C
34.8 °
34.8 °
43 %
4.6kmh
97 %
Wed
35 °
Thu
36 °
Fri
34 °
Sat
35 °
Sun
35 °

Most Popular