30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমসদৌ অসম জোলহা জনগোষ্ঠী সন্মিলনীৰ ৪ৰ্থ বাৰ্ষিক ৰাজ্যিক অধিৱেশন 

সদৌ অসম জোলহা জনগোষ্ঠী সন্মিলনীৰ ৪ৰ্থ বাৰ্ষিক ৰাজ্যিক অধিৱেশন 

সদৌ অসম জোলহা জনগোষ্ঠী সন্মিলনীৰ ৪ৰ্থ বাৰ্ষিক ৰাজ্যিক অধিৱেশন 
দুৰ্নীতিৰ দৰ্পণ, কংকণ তালুকদাৰ, ২৬ এপ্ৰিল, হাউলী : 
সদৌ অসম জোলহা জনগোষ্ঠী সন্মিলনীৰ ৪ৰ্থ‌‌‌ বাৰ্ষিক ৰাজ্যিক অধিৱেশনখন আজি হাউলী চণ্ডী বৰুৱা স্মৃতি ভৱনত এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয় । কাৰ্যসূচী অনুসৰি পুৱা ৬ বজাত জাকিৰ হুছেইনৰ পৰিচালনাত ছাফাই অভিযান হয় । ৭ বজাত সন্মিলনীৰ পতাকা উত্তোলন কৰা হয় । পতাকা উত্তোলন কৰে জোলহা জনগোষ্ঠী সন্মিলনীৰ সভাপতি আবুল হুছেইনে, ৭- ১৫ বজাত স্মৃতি তৰ্পন, ৭-৩০ বজাত গছপুলি ৰোপণ আৰু ৯ বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হয় । দুপৰীয়া ১২ বজাত হোৱা ভোজন বিৰতিৰ পিছত আবেলি ২ বজাত সন্মিলনীৰ সভাপতি আবুল হুছেইনৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হয় । সভাৰ উদ্দেশ্য আৰু প্ৰতিবেদন পাঠ কৰে সন্মিলনীৰ সাধাৰণ সম্পাদক তাজ উদ্দিন আহমেদে । অধিৱেশনত অসমৰ বিভিন্ন জিলাৰ পৰা ভালে সংখ্যক প্ৰতিনিধি উপস্থিত থাকে। আজিৰ সভাত আগন্তুক লোকপিয়লত ‘জোলহা’ হিচাপে জনগোষ্ঠীয় পৰিচয় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । আজিৰ সভাত সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক জাকিৰ হুছেইন শিকদাৰ উপস্থিত থাকি সমগ্ৰ অসমত থকা প্ৰায় তিনি লাখ ‘জোলহা’ জনগোষ্ঠীৰ লোকক সৰ্বতোপ্ৰকাৰে সহায় কৰাৰ আশ্বাস প্ৰদান কৰে । সাহিত্যিক ইছমাইল হোছেইনে তথ্যভিত্তিক আৰু‌ বিজ্ঞানভিত্তিক আলোচনাচক্ৰ, গবেষণা আদিৰ দ্বাৰা জনগোষ্ঠীটোৰ বৌদ্ধিক ভেটি টনকিয়াল কৰিব লাগিব বুলি পৰামৰ্শ আগবঢ়ায়

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular