35.5 C
New Delhi
Monday, June 15, 2026
spot_img
Homeঅসমসদৌ অসম লেখিকা সমাৰোহ সমিতি,দিল্লী শাখা আৰু গুৰগাঁও শাখাৰ দ্বাৰা আন্তৰ্জাতিক নাৰী...

সদৌ অসম লেখিকা সমাৰোহ সমিতি,দিল্লী শাখা আৰু গুৰগাঁও শাখাৰ দ্বাৰা আন্তৰ্জাতিক নাৰী দিৱস পালন

সদৌ অসম লেখিকা সমাৰোহ সমিতি,দিল্লী শাখা আৰু গুৰগাঁও শাখাৰ দ্বাৰা আন্তৰ্জাতিক নাৰী দিৱস পালন

দূৰ্নীতিৰ দৰ্পণ সেৱা , ডবকা: ১০ মাৰ্চ, দিল্লীৰ পৰা শৰ্মীষ্ঠা বৰ্মনৰ সহযোগত আৰিফ মজুমদাৰ- সদৌ অসম লেখিকা সমাৰোহ সমিতি,দিল্লী শাখাই গুৰগাঁও শাখাৰ সহযোগত নাৰী দিৱসৰ দিনা শ্ৰীমন্ত শংকৰদেৱ ভৱন প্ৰেক্ষাগৃহত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।গুৰগাঁও শাখাৰ সভানেত্ৰী ডাঃ গীতা বৰুৱা নাথৰ সঞ্চালনা কৰা এই সভাত দিল্লী শাখাৰ সম্পাদিকা শৰ্মীষ্ঠা বৰ্মনে প্ৰথমে সমবেত ৰাইজক আদৰণি জনাই আৰু সভাৰ উদ্দেশ্য ব্যাখা কৰে। তাৰ পাছত বন্তি প্ৰজ্বলন কৰি সভাৰ শুভাৰম্ভ কৰা হয়। পৰৱৰ্তী কাৰ্যসূচীত দিল্লী শাখাৰ সাংস্কৃতিক সম্পাদিকা ৰীম পাঠকৰ তত্ত্বাৱধানত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ সমবেত কণ্ঠৰে পৰিৱেশন কৰা হয়। পৰৱৰ্তী কাৰ্যসূচীত অসম এচোছিয়েচনৰ সভাপতি দীপাঞ্জলী দত্তই ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমীয়া নাৰীৰ ভূমিকাৰ ওপৰত বক্তৃতা আগবঢ়ায়।সভাত অসমৰ পৰা অহা লেখিকা যথাক্ৰমে ডা০ মৰমী হাজৰিকা ৰাভা, বাণী ফুকন আৰু ৰূপা চুতীয়াক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছত ড০ জয়ন্তীমালা দেবীয়ে আন্তৰ্জাতিক নাৰী দিৱসৰ ওপৰত চমু ভাষণ প্ৰদান কৰে। কাৰ্যসূচীমতে দিল্লী শাখাৰ তৰফৰপৰা বিশেষ নাৰী সন্মান আগবঢ়োৱা হয়। তেখেতসকল হৈছে যথাক্ৰমে, ১) ড০ মলয়া খাওন্দ (তেখেত দিল্লী শাখাৰ সভানেত্ৰী, বাৰ খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছে। ‘দাদিবুঢ়া’ নামৰ এখন উৰিয়া গ্ৰন্থ অনুবাদ কৰি সাহিত্য অকাডেমীৰ পুৰস্কাৰ লাভ কৰিছিল। ) ২)ডাঃ গীতা বৰুৱা নাথ ( তেখেত এগৰাকী সুদক্ষা চিকিৎসকৰ উপৰিও গুৰগাঁও শাখাৰ সভানেত্ৰী। ইতিমধ্যে কেবাখনো গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। তেখেত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপসভানেত্ৰী তথা সাহিত্য চৰ্চাৰ ক্ষেত্ৰত বিশেষ বঁটা লাভ কৰিছে।) ৩) ড০ জয়ন্তীমালা দেবী (অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দি আহিছে আৰু সকলোকে সচেতন কৰি আহিছে। তেখেতে বিশেষকৈ অনুবাদ সাহিত্যৰ ওপৰত কাম কৰি আহিছে আৰু ইতিমধ্যে তেখেতৰ ষোল্ল খন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে।) ৪)ৰূপশিখা শইকীয়া বৰা ( তেখেত দিল্লী স্কুল অব ইকনমিক্সৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰি চাৰ্টাড একাউটেণ্ট হয়। অইল ইণ্ডিয়া লিমিটেডৰ বিত্ত বিভাগৰ নিৰ্দেশক হিচাপে অবসৰ গ্ৰহণ কৰিছে। ) এই বিশেষ নাৰীসকলৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰে আগমণি দত্তই। পৰৱৰ্তী কাৰ্যসূচীত বিশিষ্ট গায়িকা ঝীম পাঠকে গীত পৰিৱেশন কৰি সমবেত ৰাইজক আপ্লুত কৰে। পৰৱৰ্তী কাৰ্যসূচীত সাতগৰাকী লেখিকাৰ গ্ৰন্থ উন্মোচন কৰা হয়। লেখিকাসকল যথাক্ৰমে, ড০ জয়ন্তীমালা দেবী.অৰুণিমা শৰ্মা মহাপাত্ৰ, অৱন্তী চক্ৰৱৰ্তী,ৰূপাঞ্জলী শইকীয়া, শ্যামলিমা কাকতি, ড০ দীপজ্যোতি কোঁৱৰ, শৰ্মীষ্ঠা বৰ্মন, ৰ’জী বৰুৱা। তাৰ পাছত অৱন্তী চক্ৰৱৰ্তী ডাঙৰীয়ানীয়ে একক অভিনয় কৰি দৰ্শকক মুগ্ধ কৰে। শেষৰ কাৰ্যসূচীত ডিমাছা বাইডিমা নৃত্য আৰু এটি বিহু নৃত্য পৰিৱেশন কৰা হয়। ডিমাছা নৃত্য পৰিৱেশন কৰে জোনালী লাংথাছা, সুস্মিতা বৰ্মন, সুনন্দা হাস্নু আৰু শৰ্মীষ্ঠা বৰ্মন। বিহু নৃত্য পৰিৱেশন কৰে প্ৰীতি ফুকনে। সভাৰ সামৰণিত সমবেত কন্ঠৰে অসম সঙ্গীত পৰিৱেশন কৰা হয়। উল্লেখযোগ্য যে সভাত উপস্থিত ৰাইজক ডাঃ গীতা বৰুৱা নাথে তেখেতৰ ‘শ্ৰী মা বৈভৱ লক্ষ্মী ব্ৰত কথা’ৰ অসমীয়া আৰু ইংৰাজী সংকলন উপহাৰ দিয়ে।

RELATED ARTICLES
Lucknow
clear sky
40.2 ° C
40.2 °
40.2 °
16 %
4.9kmh
5 %
Mon
40 °
Tue
43 °
Wed
45 °
Thu
45 °
Fri
46 °

Most Popular