সোণাপুৰৰ টেপেচীয়াত ‘গুৱাহাটী বিজ্ঞান নগৰী’ৰ আনুষ্ঠানিক উদ্বোধন মুখ্যমন্ত্রী ড° শৰ্মাৰ , আমিনগাঁও, মাজুলী, শিলচৰ, কলিয়াবৰ আৰু বঙাইগাঁৱত নির্মিত পাঁচটা জিলা বিজ্ঞান কেন্দ্ৰৰো আভাসীয়ভাৱে উদ্বোধন মুখ্যমন্ত্ৰীৰ , ২৫০ বিঘা মাটিত নির্মিত ‘গুৱাহাটী বিজ্ঞান নগৰী’ৰ পৰিসৰ কলকাতাৰ বিজ্ঞান নগৰীতকৈও বৃহৎ: মুখ্যমন্ত্রী , চন্দ্ৰপুৰত ইছৰোৰ কেন্দ্ৰ স্থাপনৰ জৰিয়তে অসমৰ মহাকাশ বিজ্ঞানৰ চৰ্চা আৰু অধিক শক্তিশালী হৈ উঠিব: মুখ্যমন্ত্রী
দিছপুৰ,পিএনচি, ১০ মার্চঃ ৰাজ্যত বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ দিশত এক সবল খোজ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰৰ টেপেচীয়াত নিৰ্মিত ‘গুৱাহাটী বিজ্ঞান নগৰী’ আনুষ্ঠানিকভাবে উদ্বোধন কৰে। অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ যুটীয়া প্ৰচেষ্টাত এই নগৰী নিৰ্মাণ কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ পৰাই মুখ্যমন্ত্ৰীয়ে আজি আমিনগাঁও, মাজুলী, শিলচৰ, কলিয়াবৰ আৰু বঙাইগাঁৱত নিৰ্মাণ কৰা পাঁচটা জিলা বিজ্ঞান কেন্দ্রও আভাসীয়ভাৱে মুকলি কৰে। উল্লেখযোগ্য যে এই অত্যাধুনিক বিজ্ঞান নগৰীৰ নিৰ্মাণত ২৮৮.১৩ কোটি টকা ব্যয় কৰা হৈছে। বর্তমান বিজ্ঞান নগৰীখনত ‘ইউৰেকা’ আৰু ‘স্পেচ অডিচী’ শীর্ষক দুটা মুখ্য শাখা সম্পূৰ্ণ হৈ উঠাৰ বিপৰীতে অতি সোনকালে ‘বিজ্ঞান আৱিষ্কাৰ’ আৰু ‘বিজ্ঞান উদ্যান’ নামৰ আন দুটা নতুন শাখা ইয়াত সংযোগ কৰা হ’ব। আনহাতে প্রায় ১৭৮.১৩ কোটি টকা ব্যয় সাপেক্ষে আজি উদ্বোধন কৰা বিজ্ঞান কেন্দ্ৰকেইটা নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰকেইটাৰ প্রতিটোতে বিজ্ঞান গেলেৰী, ৬৪ জনীয়া আসনৰ ডিজিটেল প্লেনেটেৰিয়াম, অডিটৰিয়াম আদিৰ ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এই বিজ্ঞান কেন্দ্র মুকলিৰ জৰিয়তে অসমে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত আজি এক সবল খোজ পেলাবলৈ সক্ষম হৈছে। শৈশৱতে কলিকতাৰ বিজ্ঞান সংগ্রহালয় দৰ্শন কৰি লাভ কৰা অভিজ্ঞতাৰ পৰাই গুৱাহাটীত এনে এক বিশ্বমানৰ বিজ্ঞান চহৰ নিৰ্মাণৰ সপোন দেখাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২৫০ বিঘা মাটিত নির্মিত এই বিজ্ঞান চহৰখন পৰিসৰৰ দিশৰ পৰা কলিকতাৰ বিজ্ঞান চহৰতকৈও বহুখিনি ডাঙৰ, কিয়নো কলিকতাৰ কেন্দ্ৰটো মাত্র ১২০ বিঘা মাটিতহে অৱস্থিত। ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে নৱ-প্ৰজন্মৰ বাবে হাতত লোৱা প্ৰকল্পসমূহৰ ভিতৰত এই প্রকল্পটো অন্যতম শ্রেষ্ঠ আৰু আকর্ষণীয়। তেওঁ কয় যে ইয়াত স্থাপন কৰা অত্যাধুনিক ‘স্পেচ ওডিচী’, ‘ইউৰেকা পেভিলিয়ন’ আৰু ‘ডিজিটেল প্লেনেটৰিয়াম’ৰ জৰিয়তে ছাত্র-ছাত্রীসকলে মহাকাশ ভ্ৰমণৰ পৰা আৰম্ভ কৰি চন্দ্ৰ অভিযান আৰু মিচন মঙ্গলৰ বাস্তৱধর্মী অভিজ্ঞতা লাভ কৰিব পাৰিব। তেওঁ লগতে কয় যে এআৰ (AR) আৰু ভিআৰ (VR) প্রযুক্তিৰ সহায়ত দৰ্শকে কাজিৰঙাৰ দৰে অভয়াৰণ্যৰ জীৱ-বৈচিত্র্যক অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব পাৰিব, যিটো কাজিৰঙালৈ গ’লেও হয়তো সম্ভৱ নহ’ব পাৰে। ড° শৰ্মাই স্পষ্ট কৰি কয় যে কেৱল আৱেগেৰে কোনো দিনে একোটা শক্তিশালী জাতি নিৰ্মাণ হ’ব নোৱাৰে; বৰঞ্চ জ্ঞান আৰু প্ৰজ্ঞাৰ চৰ্চাৰ জৰিয়তেহে সমাজ তথা জাতিটোক প্রকৃততে আগুৱাই নিব পৰা যায়। ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই কয় যে বর্তমান সময়ত অসমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান শিক্ষাৰ প্ৰতি অনীহা বৃদ্ধি পোৱাটো এক চিন্তনীয় বিষয় হৈ পৰিছে। তেওঁ আক্ষেপ কৰি কয় যে মেট্রিক পৰীক্ষাৰ পাছত বেছিভাগ ছাত্র-ছাত্রীয়েই কলা শাখাত নামভর্তি কৰে, যাৰ বাবে মেডিকেল বা ইঞ্জিনিয়াৰিং খণ্ডত অসমীয়া ল’ৰা-ছোৱালীৰ সংখ্যা ক্রমান্বয়ে হ্রাস পাইছে। তেওঁ কয় যে আমাৰ স্থানীয় সমস্যাসমূহৰ সমাধানৰ বাবে আমাক নিজাববীয়া বিজ্ঞানীৰ অত্যন্ত প্রয়োজন, কাৰণ চাহ উদ্যোগৰ সমস্যা বা এশিঙীয়া গঁড়ৰ গৱেষণা আমেৰিকাৰ বিজ্ঞানীয়ে আহি নকৰে। ড° শৰ্মাই কয় যে আমাৰ উঠি অহা প্ৰজন্মই ‘কোৰ চাইন্স’ (Core Science) পঢ়াত অধিক গুৰুত্ব দিলেহে ভৱিষ্যতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞানাগাৰসমূহ তথা ইছৰো (ISRO) বা ডিআৰডিঅ’ৰ (DRDO) দৰে প্ৰতিষ্ঠানত অসমে উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰিব। ড° শৰ্মাই কয় যে বিজ্ঞানৰ জনপ্রিয়তা বৃদ্ধিৰ বাবে ভৱিষ্যতে ৰাজ্যৰ প্ৰতিখন হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীক চৰকাৰী উদ্যোগত বিজ্ঞান চহৰ দৰ্শন কৰোৱাৰ ব্যৱস্থা গ্রহণ কৰা হ’ব। তেওঁ অভিভাৱকসকলক বিশেষভাবে আহ্বান জনায় যে তেওঁলোকে যাতে নিজৰ সন্তানৰ জন্মদিনৰ দৰে পৱিত্ৰ দিনটো এই বিজ্ঞান চহৰত অতিবাহিত কৰে, কিয়নো এয়া তেওঁলোকৰ বাবে শ্রেষ্ঠ শৈক্ষিক উপহাৰ হ’ব পাৰে। তেওঁ লগতে কয় যে আজিৰ যুগটো তথ্য-প্রযুক্তিৰ যুগ, সেয়েহে যুৱ-প্ৰজন্মই বিজ্ঞান চহৰৰ বিভিন্ন দিশ সামাজিক মাধ্যমত ‘ৰীলছ’ আদিৰ জৰিয়তে প্ৰচাৰ কৰি ইয়াৰ জনপ্রিয়তা বিশ্বজুৰি বৃদ্ধি কৰিব লাগে। তেওঁ কয় যে অনাগত দিনত চন্দ্ৰপুৰত ইছৰোৰ (ISRO) কেন্দ্ৰ স্থাপনৰ জৰিয়তে অসমৰ মহাকাশ বিজ্ঞানৰ চৰ্চা আৰু অধিক শক্তিশালী হৈ উঠিব। অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, লোক নির্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব পল্লৱ গোপাল ঝা, ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ সঞ্চালক প্রধান অৰিজিত দত্ত চৌধুৰী, অসম বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক তথা গুৱাহাটী বিজ্ঞান নগৰীৰ মুখ্য কাৰ্যবাহী বিষয়া ড° জয়দ্বীপ বৰুৱা, ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ সঞ্চালক সুজয় মজুমদাৰ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু কেইবাশ শিক্ষার্থী উপস্থিত থাকে।

