34.1 C
New Delhi
Saturday, August 1, 2026
spot_img
Homeঅসমসৰ্বধৰ্মৰ আশীষ লৈ যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সাজু গৌৰৱ গগৈ

সৰ্বধৰ্মৰ আশীষ লৈ যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সাজু গৌৰৱ গগৈ

সৰ্বধৰ্মৰ আশীষ লৈ যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সাজু গৌৰৱ গগৈ

​ষ্টাফ ৰিপৰ্টাৰ, উজনি- শিৱসাগৰ, ২৩ মাৰ্চঃযোৰহাট বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজত আজি এক বিশেষ তাৎপৰ্যপূৰ্ণ দিন। সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনত এক ব্যতিক্ৰমী আধ্যাত্মিক যাত্ৰাৰে দিনটোৰ আৰম্ভণি কৰে।নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱাৰ পূৰ্বে গৌৰৱ গগৈয়ে যোৰহাটৰ বিভিন্ন ধৰ্মীয় উপাসনা স্থলীত উপস্থিত হৈ আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হয়।​প্ৰাৰ্থীগৰাকীয়ে প্ৰথমে যোৰহাটৰ গুৰুদ্বাৰত উপস্থিত হৈ সেৱা জনোৱাৰ লগতে তৰাজান মছজিদত দোৱা কৰি আশীৰ্বাদ লয়। ইয়াৰ উপৰিও চাৰ্চ গৃহত উপস্থিত হৈও প্ৰাৰ্থনা কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। সৰ্বধৰ্মৰ এই আশীৰ্বাদ শিৰত লৈ গৌৰৱ গগৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈছে জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ। হাজাৰ হাজাৰ সমৰ্থকৰ এক বিশাল সমদলৰ সৈতে আজি বিয়লি তেওঁ আনুষ্ঠানিকভাৱে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। যোৰহাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া গৌৰৱ গগৈৰ এই যাত্ৰাই এতিয়া যোৰহাটৰ আকাশ-বতাহ উত্তাল কৰি তুলিছে।

RELATED ARTICLES
Lucknow
scattered clouds
35 ° C
35 °
35 °
49 %
3.9kmh
46 %
Sat
36 °
Sun
37 °
Mon
34 °
Tue
27 °
Wed
29 °

Most Popular