34.1 C
New Delhi
Saturday, August 1, 2026
spot_img
Homeঅসমনগাঁও জিলাত ফ্লাইং স্কোৱাডৰ অভিযান তীব্ৰতৰ, অবৈধ সুৰা জব্দ।

নগাঁও জিলাত ফ্লাইং স্কোৱাডৰ অভিযান তীব্ৰতৰ, অবৈধ সুৰা জব্দ।

নগাঁও জিলাত ফ্লাইং স্কোৱাডৰ অভিযান তীব্ৰতৰ, অবৈধ সুৰা জব্দ।

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ২২ মাৰ্চ:

বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অবৈধ সুৰাৰ বিৰুদ্ধে নগাঁও জিলা প্ৰশাসনে চলোৱা তীব্ৰ অভিযানত কালি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৮০ লিটাৰ চুলাই মদ আৰু বৃহৎ পৰিমাণৰ অবৈধ সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰা হয়। আবকাৰী বিভাগ আৰু বিধানসভা নিৰ্বাচনৰ ফ্লাইং স্কোৱাড দলৰ দ্বাৰা চলা যুটীয়া অভিযানত ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত জাজৰি বগৰীগুৰি অঞ্চলত ১০ লিটাৰ অবৈধ দেশীয় সুৰা আৰু ১৬০ কেজি সুৰা প্ৰস্তুত কৰাত ব্যৱহৃত সামগ্ৰী জব্দ কৰি অভিযানস্থলীতেই ৰাজহুৱাকৈ বিনষ্ট কৰা হয়। একেসময়তে ভিন ভিন দলৰ দ্বাৰা চলা অনুৰূপ অভিযানত বৰহমপুৰ সমষ্টিৰ পৰা ২৫ লিটাৰ, ধিঙৰ পৰা ২৪ লিটাৰ, নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰা ১৫ লিটাৰ সুৰা ১৮০ কেজি সামগ্ৰী, চামগুৰিৰ পৰা ৫ লিটাৰ সুৰা আৰু ১৫০ কেজি সামগ্ৰী আৰু ৰূপহীহাটৰ পৰা ১৩০ কেজি সামগ্ৰী জব্দ কৰি নষ্ট কৰা হয়। এই অভিযানৰ জৰিয়তে জিলাখনত চলি থকা এনে অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ স্বাৰ্থত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশ মৰ্মে আগন্তুক দিনবোৰত এই অভিযান অধিক তীব্ৰতৰ কৰি তোলা হ’ব। তেওঁ জনোৱা মতে, বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাখনতো “নিৰ্বাচনী আচৰণ বিধি” কঠোৰ ভাবে বলবৎ কৰা হৈছে। এই সময়ছোৱাত নিৰ্বাচনী প্ৰক্ৰিয়াটো নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে জিলাখনৰ চুকে-কোণে নিৰাপত্তা ব্যৱস্থা অত্যন্ত কটকটীয়া কৰি তুলিছে। বিশেষকৈ, নিৰ্বাচনী আচৰণ বিধিৰ দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি আৰু আৰক্ষী বাহিনীৰ পোনপটীয়া তত্ত্বাৱধানত জিলাখনৰ চাৰিওদিশে ফ্লাইং স্কোৱাড আৰু স্থিৰ নিৰীক্ষণ দল (Static Surveillance Team) সমূহে ২৪ ঘণ্টাই তহল দি আছে। বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত স্থাপন কৰা তালাচীৰ স্থানসমূহত আৰক্ষীয়ে সন্দেহযুক্ত বাহন আৰু সামগ্ৰীৰ ওপৰত তীব্ৰ তালাচী অভিযান অব্যাহত ৰাখিছে যাতে কোনো ধৰণৰ অনৈতিক কাৰ্যকলাপৰ দ্বাৰা নিৰ্বাচন প্ৰভাৱিত নহয়।

RELATED ARTICLES
Lucknow
scattered clouds
35 ° C
35 °
35 °
49 %
3.9kmh
46 %
Sat
36 °
Sun
37 °
Mon
34 °
Tue
27 °
Wed
29 °

Most Popular