হাইলাকান্দিত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ* *জিলা প্ৰশাসকৰ ওচৰ চাপিল AAMSU নিম্নমানৰ কামৰ তদন্ত আৰু দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী
প্ৰীতম দাস হাইলাকান্দি ১২ মে: হাইলাকান্দি জিলাৰ আলগাপুৰ কাটলিছড়া সমষ্টিৰ বোৱালিপাৰ নিতাইনগৰ পথৰ পৰা আলগাপুৰ নাৰায়ণপুৰ পথ হৈ মোহনপুৰ চৌৰঙ্গীলৈকে নিৰ্মীয়মাণ পথ উন্নয়ন প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক অনিয়ম আৰু নিম্নমানৰ কামৰ অভিযোগ উত্থাপিত হৈছে৷ বিষয়টোক লৈ স্থানীয় বাসিন্দাসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে৷ এই পৰিস্থিতিত জিলা প্ৰশাসকৰ হস্তক্ষেপ দাবী কৰি লিখিত স্মাৰকলিপি প্ৰদান কৰিছে অল আছাম মাইন’ৰিটি ষ্টুডেণ্টছ ইউনিয়ন (AAMSU)ৰ হাইলাকান্দি জিলা সমিতিয়ে৷ সংগঠনটোৰ অভিযোগ অনুসৰি NABARD-ৰ RIDF-XXX প্ৰকল্পৰ অধীনত চলি থকা এই গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ কাৰ্যত চৰকাৰী গাইডলাইন আৰু কাৰিকৰী মানদণ্ড সঠিকভাৱে পালন কৰা হোৱা নাই৷ বিশেষকৈ পথৰ মাটি ভৰ্তি চাইড এক্সটেনশ্যন, সমতলকৰণ আৰু মেটালিং কামত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰা হৈছে৷ AAMSU-ৰ ফালৰ পৰা জনোৱা হৈছে যে পথৰ মাজভাগত প্ৰয়োজনীয় উচ্চতা ৰক্ষা কৰা হোৱা নাই৷ ফলত বৰষুণৰ সময়ত পানী জমা হৈ পথটো দ্ৰুত ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা বৃদ্ধি পাইছে৷ ইয়াৰ লগতে সমতলকৰণৰ কামো নিয়ম অনুসৰি সম্পন্ন নোহোৱাত পথৰ বহু অংশ অসমান হৈ পৰিছে৷ সংগঠনটোৰ দাবী অনুসৰি পথ নিৰ্মাণত প্ৰয়োজনীয় পৰিমাণৰ মাটি ব্যৱহাৰ নকৰি কেৱল লালমাটিৰে নামমাত্ৰ ভৰ্তি কৰা হৈছে যিয়ে পথটোৰ দীৰ্ঘম্যাদী স্থায়িত্বক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে৷ স্মাৰকলিপিত আৰু উল্লেখ কৰা হৈছে যে প্ৰায় চাৰি কিলোমিটাৰ এলেকাজুৰি নিৰ্মাণ কাৰ্য নিৰ্ধাৰিত মানদণ্ডতকৈ বহু কম মানদণ্ডেৰে সম্পন্ন কৰা হৈছে৷ স্থানীয় বাসিন্দাসকলৰ অভিযোগ নতুনকৈ উন্নত মানৰ মেটালিং কৰাৰ পৰিবৰ্তে পুৰণি পিচৰ পথ ভাঙি সেই ভগ্ন সামগ্ৰী পুনৰ ব্যৱহাৰ কৰা হৈছে৷ ইয়াৰ ফলত পথটোৰ গুণগত মান ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছে বুলি দাবী কৰা হৈছে৷ সংগঠনটোৰ সদস্যসকলে অভিযোগ কৰিছে যে নিৰ্মাণ কাৰ্যত স্বচ্ছতাৰ অভাৱ আছে আৰু দায়িত্বপ্ৰাপ্ত সংস্থাৰ ফালৰ পৰা যথাযথ তদাৰকি কৰা হোৱা নাই৷ ফলস্বৰূপে চৰকাৰী ধন ব্যয় হোৱাৰ পিছতো সাধাৰণ ৰাইজ মানসম্পন্ন পথ সুবিধাৰ পৰা বঞ্চিত হৈ আছে৷ স্থানীয় বাসিন্দাসকলৰ মতে এই পথটো আলগাপুৰ নাৰায়ণপুৰ আৰু মোহনপুৰ অঞ্চলৰ লোকসকলৰ যাতায়াতৰ অন্যতম গুৰুত্বপূৰ্ণ মাধ্যম৷ সেয়ে নিম্নমানৰ কামৰ ফলত ভৱিষ্যতে সাধাৰণ ৰাইজে চূড়ান্ত দুৰ্ভোগৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে৷ AAMSU-য়ে জনাইছে যে এই বিষয়টো লৈ তেওঁলোকে পূৰ্বতেও সংশ্লিষ্ট বিভাগ আৰু কৰ্তৃপক্ষক অৱগত কৰিছিল৷ কিন্তু অভিযোগৰ পিছতো এতিয়ালৈকে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি সংগঠনটোৱে দাবী কৰিছে৷ সেয়েহে অবিলম্বে নিৰপেক্ষ তদন্ত চলাই দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সম্পূৰ্ণ কাম পুনৰ মানসম্পন্নভাৱে সম্পন্ন কৰাৰ দাবী জনোৱা হৈছে৷ ইফালে পথ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে সমগ্ৰ এলেকাজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ স্থানীয় ৰাইজৰ একাংশইও দ্ৰুত তদন্ত আৰু প্ৰশাসনিক হস্তক্ষেপৰ দাবী জনাইছে৷
হাইলাকান্দিত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ* *জিলা প্ৰশাসকৰ ওচৰ চাপিল AAMSU নিম্নমানৰ কামৰ তদন্ত আৰু দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী
Lucknow
overcast clouds
43.2
°
C
43.2
°
43.2
°
19 %
5.8kmh
88 %
Sun
43
°
Mon
45
°
Tue
45
°
Wed
46
°
Thu
47
°

