হাইলাকান্দীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু ভিত্তিপ্ৰস্তৰ স্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
প্ৰীতম দাস হাইলাকান্দি ১৪ মাৰ্চ:
জিলাখনৰ সামগ্ৰিক উন্নয়নক অধিক গতি দিয়াৰ উদ্দেশ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে শনিবাৰে হাইলাকান্দীত একাধিক গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু ভিত্তিপ্ৰস্তৰ স্থাপন কৰে। বিভিন্ন অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰৰ মূলমন্ত্ৰ হৈছে চৰকাৰ জনতাৰ ওচৰলৈ যাব, জনতাই চৰকাৰৰ ওচৰলৈ যাব নালাগে।মুখ্যমন্ত্ৰীয়ে হাইলাকান্দী জিলাত ১২.৬৫ কোটি টকা ব্যয়ে নিৰ্মিত হাইলাকান্দী চাৰ্কল ভৱনৰ উদ্বোধন কৰে। ইয়াৰ লগতে ৭.৬৭ কোটি টকা ব্যয়ে নিৰ্মিত হাইলাকান্দী চৰকাৰী ভিএমএইচএছ বিদ্যালয়ৰ নতুন ভৱনৰো উদ্বোধন কৰে। তাৰোপৰি হাইলাকান্দী জিলা ষ্টেডিয়ামত প্ৰায় ২.৯৮ কোটি টকা ব্যয়ে নিৰ্মিত বহুতলীয়া যুৱ আৱাসনো উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এনে ধৰণৰ অবকাঠামোগত উন্নয়নে জিলাৰ যুৱ সমাজৰ বিভিন্ন কাৰ্যকলাপত নতুন গতি আনিব।ইয়াৰ উপৰিও জিলাখনৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ উদ্দেশ্যে ৫০.৬৫ কোটি টকা ব্যয়ে সাতটা নতুন দলঙা নিৰ্মাণ প্ৰকল্পৰ ভিত্তিপ্ৰস্তৰ স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। এই দলঙাসমূহ নিৰ্মাণ হ’লে জিলাৰ বিভিন্ন গ্ৰাম্য অঞ্চলৰ লোকসকলৰ যাতায়াত ব্যৱস্থা অধিক সহজ হ’ব বুলি আশা প্ৰকাশ কৰা হয়।অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে বৰাক উপত্যকাৰ সামগ্ৰিক উন্নয়নৰ বাবে ধাৰাবাহিকভাৱে বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰি আহিছে। বিশেষকৈ অবকাঠামোগত উন্নয়নৰ জৰিয়তে দূৰৱৰ্তী অঞ্চলসমূহলৈ চৰকাৰী সেৱা আগবঢ়োৱাটো চৰকাৰৰ অন্যতম প্ৰধান লক্ষ্য বুলি তেওঁ উল্লেখ কৰে।
উক্ত অনুষ্ঠানত উপস্থিত আছিল বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়, পশুপালন আৰু পশুচিকিৎসা মন্ত্ৰী কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্য আৰু কনাদ পুৰকায়স্থ, মুখ্য সচিব ৰবি কোটা সহ একাধিক বিধায়ক প্ৰশাসনিক বিষয়া আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
হাইলাকান্দীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু ভিত্তিপ্ৰস্তৰ স্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Lucknow
overcast clouds
31.2
°
C
31.2
°
31.2
°
65 %
7.9kmh
96 %
Fri
34
°
Sat
36
°
Sun
35
°
Mon
31
°
Tue
29
°

