35.1 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমবিশ্বনাথ জিলাত প্ৰথম পৰ্যায়ত উপকৃত হ'ব ২০৫৮টা পৰিয়াল

বিশ্বনাথ জিলাত প্ৰথম পৰ্যায়ত উপকৃত হ’ব ২০৫৮টা পৰিয়াল

বিশ্বনাথ জিলাত প্ৰথম পৰ্যায়ত উপকৃত হ’ব ২০৫৮টা পৰিয়াল।
চাহ বাগিচাৰ শ্রমিক পৰিয়ালৰ বাবে লেবাৰ লাইন ভূমি বন্দৱস্তিৰ ডিজিটেল পট্টাৰ আনুষ্ঠানিক বিতৰণ।

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ১৪ মাৰ্চ :

বিশ্বনাথ জিলাৰ অন্তৰ্গত চাহ বাগিচা সমুহৰ শ্রমিক/শ্রমিক পৰিয়ালৰ বাবে লেবাৰ লাইন ভূমি বন্দৱস্তিৰ ডিজিটেল পট্টা আনুষ্ঠানিকভাৱে শণিবাৰে বিতৰণ কৰা হয়। সেই অনুসৰি বিশ্বনাথ ৰাজহ চক্ৰৰ অন্তৰ্গত নীলপুৰ চাহ বাগিচা আৰু মোনাবাৰী চাহ বাগিচাত, হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ভোলাগুৰি চাহ বাগিচা আৰু ব্ৰহ্মাজান চাহ বাগিচাত আৰু নদুৱাৰ ৰাজহ চক্ৰ (অংশ)ৰ দিকৰাই চাহ বাগিচাত আজি পৃথকে পৃথকে অনুষ্ঠিত হোৱা পাঁচখনকৈ সভাত আনুষ্ঠানিকভাৱে ভূমি বন্দবস্তিৰ এই ডিজিটেল পট্টা সমুহ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত জিলাখনৰ তিনিটা ৰাজহ চক্ৰৰ পাঁচখন চাহ বাগিচাত মুঠ ২০৫৮ গৰাকী ব্যক্তি তথা পৰিয়াল এই ব্যৱস্থাৰ দ্বাৰা উপকৃত হ’ব। ইয়াৰে বিশ্বনাথ ৰাজহ চক্ৰত ৯২৫ খন, হেলেম ৰাজহ চক্ৰত ৮১০ খন আৰু নদুৱাৰ ৰাজহ চক্ৰ (অংশ)ত ৩২৩ খন পট্টা বিতৰণ কৰা হয়। আজিৰ এই বিশেষ কাৰ্যসুচীত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, বিহালী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাল, বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী সুনীতা তাঁতী, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, গহপুৰৰ চক্ৰ বিষয়া চম্পক ডেকা, বিশ্বনাথৰ চক্ৰ বিষয়া সুনাম দাস, হেলেমৰ চক্ৰ বিষয়া জাহ্নৱী সোণোৱাল, নদুৱাৰৰ চক্ৰ বিষয়া বিশ্বজিৎ বৰা, সহকাৰী আয়ুক্ত সকল ক্ৰমে জিন্টু শৰ্মা, মঞ্জুশ্ৰী বৰা, সংযুক্তা গগৈ, সংশ্লিষ্ট পঞ্চায়তৰ প্ৰতিনিধিসকল প্ৰমুখ্যে সন্মানীয় ব্যক্তিসকল উপস্থিত আছিল।

RELATED ARTICLES
Lucknow
overcast clouds
31.2 ° C
31.2 °
31.2 °
65 %
7.9kmh
96 %
Fri
34 °
Sat
36 °
Sun
35 °
Mon
31 °
Tue
29 °

Most Popular