হাইলাকান্দীত খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বিপুল সম্ভাৱনা প্ৰস্তাৱ আহিলে অনুদান বিবেচনা কৰিব কেন্দ্ৰ: জয়ন্ত চৌধুৰী
প্ৰীতম দাস হাইলাকান্দি ২৫ ফেব্ৰুৱাৰী:
কেন্দ্ৰীয় দক্ষতা উন্নয়ন আৰু উদ্যোগিতা মন্ত্ৰালয়ৰ স্বাধীন দায়িত্বপ্ৰাপ্ত প্ৰতিমন্ত্ৰী জয়ন্ত চৌধুরী বুধবাৰে হাইলাকান্দি ভ্ৰমণ কৰি উচ্চাকাংক্ষী জিলা কাৰ্যসূচীৰ অধীনত ৰূপায়িত বিভিন্ন প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰে। এই উপলক্ষে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত তেওঁ জিলাৰ সামগ্ৰিক উন্নয়নমূলক কাৰ্যসূচীসমূহত সন্তোষ প্ৰকাশ কৰে।বৈঠকত গ্ৰাম্য জীৱিকা মিছনৰ অধীনত স্বনির্ভৰ গোটসমূহে উৎপাদন কৰা সামগ্ৰীৰ গুণগত মান পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে হাইলাকান্দিৰ পৰা খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগত বৃহৎ পৰিসৰৰ সুসংগঠিত প্ৰস্তাৱ আহিলে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা অনুদান প্ৰদানৰ বিষয়টো ইতিবাচকভাৱে বিবেচনা কৰা হ’ব। ইয়াৰ ফলত জিলাখনৰ কৃষিভিত্তিক অৰ্থনীতি অধিক শক্তিশালী হ’ব বুলি তেওঁ আশাবাদ ব্যক্ত কৰে।সভাত জনোৱা হয় যে ‘এস্পিৰেচন ডিষ্ট্ৰিক্ট’ কাৰ্যসূচীৰ আওতাত বৰ্তমান জিলাখনত ৩৬টা প্ৰকল্প দ্ৰুতগতিত ৰূপায়ণ হৈ আছে। লালাত এটা কমিউনিটি হেল্থ চেণ্টাৰ স্থাপন হোৱাত সেই অঞ্চলত স্বাস্থ্য সেৱাৰ উল্লেখযোগ্য উন্নতি ঘটিছে। লগতে কাটলিছড়াত বার্থ ৱেইটিং হোম আৰম্ভ হোৱাত ঘৰতে শিশুৰ জন্মৰ হাৰ হ্ৰাস পাইছে আৰু প্ৰাতিষ্ঠানিক প্ৰসৱৰ হাৰ বৃদ্ধি পাইছে।পশুপালন ক্ষেত্ৰত জিলাখনৰ ৬০.৩৫ শতাংশ জন্তু কৃত্ৰিম প্ৰজননৰ আওতালৈ অনা সম্ভৱ হৈছে আৰু ৩৭.৮৫ শতাংশ জন্তু টীকাকৰণৰ আওতালৈ অনা হৈছে বুলি জানিবলৈ দিয়া হয়। কৃষি ক্ষেত্ৰত এতিয়ালৈকে জিলাৰ ১০.৬১ শতাংশ কৃষিজমি মাইক্ৰো-ইৰিগেচনৰ আওতালৈ আহিছে।ইয়াৰ উপৰিও এসএস কলেজ-ত কৃত্ৰিম বুদ্ধিমত্তা-ভিত্তিক এটা ইনোভেচন হাব স্থাপন কৰিবলৈ ১০ কোটি টকাৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে বুলিও সভাত উল্লেখ কৰা হয়। ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা’ প্ৰকল্পৰ অধীনত গত বছৰত জিলাত ৭৪ জন আৰু চলিত বিত্তীয় বৰ্ষত ৩৭ জন উপভোক্তাক আৰ্থিক সহায় আগবঢ়োৱা হৈছে।মন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰায় ৬৫ হাজাৰ স্বনির্ভৰ গোটৰ সদস্যসকলে উৎপাদন কৰা সামগ্ৰীৰ ভূয়সী প্ৰশংসা কৰে। পাছত প্ৰশাসনৰ ফালৰ পৰা তেওঁৰ হাতত চয়াবিনৰ পৰা তৈয়াৰী টোফু পনীৰ, মৰিঙ্গা (সজনা) পাউডাৰ, ৰ’জেলা চাহ আৰু বিভিন্ন ধৰণৰ আচাৰসহ স্থানীয় সামগ্ৰী উপহাৰ হিচাপে আগবঢ়োৱা হয়।বৈঠকত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ অধিকর্তা ৰাহুল পাচৰি, চিএছটিএআৰ অধিকর্তা টি. ৰঘুলান, এনএছডিচিৰ কনছালটেণ্ট স্বাতী ৰাহাল, জিলা আয়ুক্ত অভিষেক জৈন, ডিডিচি নৰসিং বে, জিলা পৰিষদৰ চিইঅ’ ৰুথলিয়েঙথাঙকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
হাইলাকান্দীত খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বিপুল সম্ভাৱনা প্ৰস্তাৱ আহিলে অনুদান বিবেচনা কৰিব কেন্দ্ৰ: জয়ন্ত চৌধুৰী
Lucknow
overcast clouds
34.4
°
C
34.4
°
34.4
°
50 %
5kmh
100 %
Wed
36
°
Thu
36
°
Fri
34
°
Sat
36
°
Sun
35
°

