32 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমদেৱাশিষ চক্ৰৱৰ্তী ৰাষ্ট্ৰীয় সম্পাদক নিযুক্ত;  আছাম বিশ্ববিদ্যালয় পৰিয়ালত আনন্দ

দেৱাশিষ চক্ৰৱৰ্তী ৰাষ্ট্ৰীয় সম্পাদক নিযুক্ত;  আছাম বিশ্ববিদ্যালয় পৰিয়ালত আনন্দ

দেৱাশিষ চক্ৰৱৰ্তী ৰাষ্ট্ৰীয় সম্পাদক নিযুক্ত;  আছাম বিশ্ববিদ্যালয় পৰিয়ালত আনন্দ

 শিলচৰ,পিএন চি,  ২৫ ফেব্ৰুৱাৰীঃ ফেডাৰেচন অৱ চেণ্ট্ৰেল ইউনিভাৰ্চিটিজ ষ্টাফৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি লাভ কৰিছে দেৱাশিষ চক্ৰৱৰ্তীৱে।  বৰ্তমান তেওঁ আছাম  বিশ্ববিদ্যালয়ৰ অশিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।  এই নিযুক্তিৰ লগে লগে তেওঁ এতিয়া ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ অশিক্ষক কৰ্মচাৰীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত  নেতৃত্ব দিব পাৰিব।

 সূত্ৰ অনুসৰি চক্ৰৱৰ্তীক ২০২৫ চনৰ ছেপ্টেম্বৰৰ পৰা ২০৩০ চনৰ ছেপ্টেম্বৰ মাহলৈকে পাঁচ বছৰৰ বাবে মনোনীত কৰা হৈছে।শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত হোৱা সন্থাটোৰ ৰাষ্ট্ৰীয় বৈঠকত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।  দেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ প্ৰতিনিধিসকল এই বৈঠকত উপস্থিত আছিল।

 দেৱাশীষ চক্ৰৱৰ্তীয়ে দীৰ্ঘদিন ধৰি অশিক্ষক কৰ্মচাৰীৰ বৈধ অধিকাৰ, কৰ্মক্ষেত্ৰৰ সংস্কৃতিৰ উন্নতি, আৰু প্ৰশাসনিক স্বচ্ছতাৰ পোষকতা কৰি আহিছে।  সহকৰ্মীসকলৰ মতে এই নতুন দায়িত্ব তেওঁৰ সাংগঠনিক দক্ষতা আৰু দূৰদৰ্শী নেতৃত্বৰ স্বীকৃতি।  নিযুক্তিৰ খবৰ বিয়পি পৰাৰ লগে লগে আছাম বিশ্ববিদ্যালয় সমাজত আনন্দৰ জোৱাৰে বিয়পি পৰিছে।  উপাচাৰ্য, অধ্যাপক সদস্য, বিষয়া, কৰ্মচাৰীয়ে তেওঁক অভিনন্দন জ্ঞাপন কৰে।

 মঙলবাৰে বিশ্ববিদ্যালয়খনত  এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ।  উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পন্তৰ উপস্থিতিত অনুষ্ঠিত হয় এই অনুষ্ঠান।  চক্ৰৱৰ্তীৰ লগতে সন্থাটোৰ কাৰ্যবাহী সদস্য হিচাপে মনোনীত হোৱা  কানু ধৰকো উষ্ম সম্বৰ্ধনা জনোৱা হয়।

 অনুষ্ঠানত বক্তাসকলে আশা প্ৰকাশ কৰে যে পদোন্নতি নীতি, দৰমহাৰ গাঁথনি, খালী পদ পূৰণ, কৰ্মচাৰীৰ কল্যাণ আৰু সুৰক্ষাকে ধৰি কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহে সন্মুখীন হোৱা মূল সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত চক্ৰৱৰ্তীয়ে নিৰ্ণায়ক ভূমিকা পালন কৰিব। 

 তেওঁলোকে দেৱাশীষ চক্ৰৱৰ্তী আৰু কানু ধৰৰ নিযুক্তিক কেৱল ব্যক্তিগত কৃতিত্বই নহয়  আছাম বিশ্ববিদ্যালয়ৰ বাবেও গৌৰৱৰ বিষয় বুলি অভিহিত কৰে।  তেওঁলোকে আস্থা প্ৰকাশ কৰে যে তেওঁলোকৰ নেতৃত্বত অনাগত বছৰবোৰত সন্থাটো  অধিক সক্ৰিয় আৰু শক্তিশালী হ’ব।  এই উপলক্ষে ভাষণ দিয়াসকলৰ ভিতৰত আছিল পৰীক্ষা নিয়ন্ত্ৰক সুপ্ৰবীৰ দত্তৰায়, বিত্ত বিষয়া শুভদীপ ধৰ,  সগ্নিক চৌধুৰী, ৰানেন্দ্ৰ চক্ৰৱৰ্তী, অনুপ কুমাৰ ভাৰ্মা, কল্লোল দাস তালুকদাৰ আৰু সুচৰিতা ৰায়।  কিংকৰ পুৰকায়স্থৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানত, ধন্যবাদ জ্ঞাপন কৰে ৰঞ্জিত দাসে।

RELATED ARTICLES
Lucknow
broken clouds
33 ° C
33 °
33 °
70 %
3.6kmh
58 %
Fri
36 °
Sat
34 °
Sun
33 °
Mon
33 °
Tue
36 °

Most Popular