31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমহাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৮ শতাংশৰে ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি ডিব্ৰুগড়লৈ...

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৮ শতাংশৰে ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি ডিব্ৰুগড়লৈ সুনাম কঢ়িয়াই আনিছে জিয়া ফাৰাহ ইছলাম

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৮ শতাংশৰে ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি ডিব্ৰুগড়লৈ সুনাম কঢ়িয়াই আনিছে জিয়া ফাৰাহ ইছলাম

 দুৰ্নীতিৰ দৰ্পণ,প্ৰশান্ত শইকীয়া, ডিব্ৰুগড়,১০ এপ্ৰিল: অসম ৰাজ্যিক শিক্ষা পৰিষদে আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি ডিব্ৰুগড়লৈ গৌৰৱ কৰি আনে জিয়া ফাৰাহ ইছলামে। তেওঁ মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৮৮ নম্বৰ লাভ কৰি ৰাজ্য খনৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। জিয়া ফাৰাহ ইছলামে অসমীয়াত- ৯৬, ইংৰাজীত- ৯৮, অংকত ১০০, সাধাৰণ বিজ্ঞানত ৯৯, সমাজ বিজ্ঞানত ৯৫ আৰু উচ্চ গণিতত ১০০ অৰ্থাৎ ৯৮ শতাংশ নম্বৰ লাভ কৰে। সৰুৰে পৰাই অতি মেধাৰ পৰিচয় দিয়া জিয়া ফাৰাহৰ জন্ম হয় ডিব্ৰুগড়ৰ মিলন নগৰৰ ৰতনপুৰ পথত।  পিতৃ চাদেকুল ইছলাম আৰু মাতৃ জেচমিন বেগমৰ (দুয়ো গৰাকী শিক্ষক) একমাত্ৰ কন্যা জিয়া ইছলামে ডিব্ৰুগড়ৰ লিট’ল ফ্লাৱাৰ স্কুলৰ পৰা পৰীক্ষা দি এই সফলতা লাভ কৰে। স্কুলখনৰ পৰা এইবছৰ মুঠ ১৮২ গৰাকী ছাত্ৰীয়ে পৰীক্ষা দিছিল আৰু তাৰে ১৬৮ গৰাকীয়ে প্রথম বিভাগত আৰু ১৪ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় অৰ্থাৎ এশ শতাংশ ছাত্ৰীয়ে সফলতা লাভ কৰে। ফুলনি বাগিচা আৰু ৰান্ধি ভাল পোৱা জিয়া ইছলামে ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন সৰুৰে পৰা দেখি আহিছে। ডিব্ৰুগড়লৈ সুনাম কঢ়িয়াই অনা জিয়াৰ ঘৰলৈ আজি অনেক আত্মীয় আৰু বন্ধুবৰ্গই আহি শুভেচ্ছা দিয়ে। উল্লখযোগ্য যে যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অংশগ্ৰহণ কৰিছিল ৪.৩৮ লাখৰো অধিক । তথ্য অনুসৰি, সামগ্ৰিক ভাবে উত্তীৰ্ণৰ হাৰ হৈছে ৬৫.৬২%।লিংগভিত্তিক ফলাফল অনুসৰি, ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৬৭.৭৮%, আৰু ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৬৩.৯৬%। মুঠ ২,৮১,৭০১ জন ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে, যাৰ ভিতৰত ৮৫,১৮৯ জনে প্ৰথম বিভাগ লাভ কৰিছে। জিলাভিত্তিক ফলাফলত, ডিমা হাচাও জিলাই ৮৮.২৩% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষস্থান দখল কৰিছে। ইয়াৰ পিছত শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাই স্থান লাভ কৰিছে, আনহাতে কাছাৰ জিলাই ৪৯.১৩% উত্তীৰ্ণৰ হাৰেৰে সৰ্বনিম্ন স্থানত আছে।পৰিষদে ঘোষণা কৰিছে যে, উত্তৰপত্ৰ পুনঃমূল্যায়নৰ প্ৰক্ৰিয়া ১৩ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব। আনহাতে, যোগ্য প্ৰাৰ্থীসকলৰ বাবে সম্পূৰক পৰীক্ষা মে মাহত অনুষ্ঠিত কৰা হ’ব। এই বছৰত ৪.৩৮ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰ যিটো বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ ইতিহাসত অন্যতম সৰ্বাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
31.1 ° C
31.1 °
31.1 °
64 %
5.1kmh
100 %
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °
Sun
36 °

Most Popular