মাজবাটত সদৌ অসম গোঁড় সমাজৰ ১৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উৎযাপন
দুৰ্নীতিৰ দৰ্পন, মাজবাট, ২৮ মাৰ্চ – সদৌ অসম গোঁড় সমাজৰ ১৬ সংখ্যক কেন্দ্ৰী প্ৰতিষ্ঠা দিৱস উৎযাপন কৰা হয় ওদালগুৰি জিলাৰ মাজবাটত৷ মাজবাটৰ বামনিগাওঁ প্ৰাথমিক বিদ্যালয়ৰ খেল পথাৰত ওদালগুৰি জিলা গোঁড় সমাজৰ উদ্যোগত ও মাজবাট আঞ্চলিক সমিতিৰ সহযোগত এদিনিয়া কাৰ্যসুচীৰে উৎযাপন কৰে কেন্দ্ৰীয় প্ৰতিষ্ঠ দিৱস৷ উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাতিপুৱা ৮-৪৫ বজাত গোড় সমাজৰ কেন্দ্ৰী সমিতিৰ পতাকা উত্তোলন কৰে সভাপৰি ৰামকৰণ গোঁড়ে৷ কেন্দ্ৰী পতাকা উত্তোলনৰ লগে লগে ওদালগুৰি জিলা আৰু মাজবাট আঞ্চলিক সমিতিৰ পতাকা উত্তোলন কৰে ক্ৰমে জিলা সভাপতি ৰতন গোঁড় আৰু আঞ্চলিক সমিতিৰ সভাপতি ৰূপন গোঁড়ে৷ ৯-৩০ বজাত স্মিতি তৰ্পণ কৰে মাজবাট আঞ্চলিক সমিতিৰ উপদেষ্টা বিশ্বনাথ গোঁড়ে৷ দুপৰীয়া ১ বজাত জিলা সভাপতি ৰতন গোঁড়ৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা৷ মুকলি সভাত গোঁড় সমাজৰ কেন্দ্ৰী সভাপতি ৰামকৰণ গোঁড়ে জাতিটোৰ আৰ্থ সামাজিক উন্নয়ন, শিক্ষা, জাতীয় সাজপাৰ, নিজস্ব ভাষা আদিৰ ওপৰত ভাষণ প্ৰদান কৰে৷ উক্ত কাৰ্যসূচী সুচাৰূপে পৰিচালনা কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি বিনয় শিং গোঁড়ে৷
মাজবাটত সদৌ অসম গোঁড় সমাজৰ ১৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উৎযাপন
Lucknow
overcast clouds
29.4
°
C
29.4
°
29.4
°
74 %
3.7kmh
85 %
Wed
36
°
Thu
36
°
Fri
35
°
Sat
36
°
Sun
35
°

