29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমৰূপহীত ৰাজ্যিক ঘাইপথ মেৰামতিৰ দাবীৰে পথ অৱৰোধ কাৰ্যসূচী

ৰূপহীত ৰাজ্যিক ঘাইপথ মেৰামতিৰ দাবীৰে পথ অৱৰোধ কাৰ্যসূচী

ৰূপহীত ৰাজ্যিক ঘাইপথ মেৰামতিৰ দাবীৰে পথ অৱৰোধ কাৰ্যসূচী

দুৰ্নীতিৰ দৰ্পণ ৰূপহী হাট: নগাওঁ নলতলী সংযোগী ৰাজ্যিক ঘাইপথৰ মেৰামতিৰ দাবীৰে ৰূপহী হাটৰ ঔঅনাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী। ঔঅনাত বিধস্ত পথে জীয়াতো ভোগাইছে পথচাৰীক। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰূপহী আঞ্চলিক সমিতিৰ উদ্যোগত ৰাজ্যিক ঘাইপথ মেৰামতিৰ দাবীত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি ৰূপহীহাট আৰক্ষীৰ জৰিয়তে জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। দীৰ্ঘদিনৰ পৰাই পথছোৱাৰ মাজত মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হোৱাত জীয়াতু ভুগিছে সাধাৰণ জনতা। কোনোবা মন্ত্ৰী আহিলে কেইটামান শিল বালি পেলাই পথছোৱাৰ গাতসমূহ পুতি মন্ত্ৰী সকলক যোৱাৰ ব্যৱস্থা কৰি দিয়ে আৰু দুই তিনি দিন পিছতেই পুনৰাই পথছোৱাত জহি খহি যায়। মধ্য অসমৰ নগাঁও নলতলী এটি গুৰুত্বপূৰ্ণ পথ এই পথছোৱাৰে দৈনন্দিন উজনি নামনিৰ হাজাৰ হাজাৰ বাহন চলাচল কৰে যদিও পথছোৱা মেৰামতিৰ প্ৰতি কোনো আহৰি নাই বিভাগীয় লোক তথা চৰকাৰৰ। অতি সোনকালে পথছোৱাত মেৰামতি কৰি যাতায়তৰ সুচল কৰি নিদিলে এক সপ্তাহ পিছত পুনৰাই তীব্ৰ আন্দোল গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular