39 C
New Delhi
Thursday, June 4, 2026
spot_img
Homeআঞ্চলিককোকৰাঝাৰৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বিক্ৰী-তথা-প্ৰদৰ্শন কাউন্টাৰেৰে এৰী ছিল্কৰ জীৱিকাক সুদৃঢকৰণ এনটিপিচি, বঙাইগাঁৱৰ

কোকৰাঝাৰৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বিক্ৰী-তথা-প্ৰদৰ্শন কাউন্টাৰেৰে এৰী ছিল্কৰ জীৱিকাক সুদৃঢকৰণ এনটিপিচি, বঙাইগাঁৱৰ

কোকৰাঝাৰৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বিক্ৰী-তথা-প্ৰদৰ্শন কাউন্টাৰেৰে এৰী ছিল্কৰ জীৱিকাক সুদৃঢকৰণ এনটিপিচি, বঙাইগাঁৱৰ

কোকৰাঝাৰ, পিএন চি, ২৮ ফেব্ৰুৱাৰী:

এনটিপিচি, বঙাইগাঁৱে ইয়াৰ চিএছআৰ পদক্ষেপৰ অধীনত বড়োলেণ্ড ছেৰিকালচাৰ মিছনলৈ সমৰ্থন আগবঢ়াইছে। এই মিছন হৈছে এৰী ছিল্কৰ ওপৰত গুৰুত্ব আৰোপেৰে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (BTR) চৰকাৰে ২০২৩-ত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ পৰম্পৰাগত ছিল্ক খণ্ডক এটি বহনক্ষম, উচ্চ-আয়ৰ জীৱিকা বাতাবৰণলৈ ৰূপান্তৰিতকৰণৰ অৰ্থে গ্ৰহণ কৰা এক ধ্বজাবাহী পদক্ষেপ।

এই পদক্ষেপৰ অংশ হিচাপে “ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত এৰী ছিল্ক আৰু হস্ততাঁত গাঁৱৰ প্ৰচাৰ” প্ৰকল্পৰ অধীনত ,বৃহস্পতিবাৰে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় দুই কিমি দূৰত্বত অৱস্থিত মথাম্বিল বন গাঁৱত এটি বিক্ৰী-তথা-প্ৰদৰ্শন কাউন্টাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।

এই কাৰ্য্যসূচীত বিটিআৰ চৰকাৰৰ কাৰ্য্যবাহী সদস্য (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ)  দেৰহাসত বসুমতাৰী, বিটিচি-ৰ ছেৰিকালচাৰৰ সঞ্চালক  ভানুলতা মুছাহাৰী, বিটিচি-ৰ সহকাৰী সঞ্চালক  ৰঞ্জিত কুমাৰ গগৈ, এনটিপিচি, বঙাইগাঁৱৰ অতিৰিক্ত মহা প্ৰৱন্ধক (এইচআৰ)  অমিত কুমাৰ আস্থানা, বিটিআৰ-ৰ ছেৰিকালচাৰৰ প্ৰাক্তন সঞ্চালক  এ.কে. চক্ৰৱৰ্তী, ডিজিএম (এইচআৰ)  ৰোশন ডুংডুং, কাৰ্য্যবাহী (চিএছআৰ) শ্ৰীমতী স্মৃতি দাস তথা এনটিপিচি আৰু বিটিচি-ৰ আন-আন বিষয়াসকলে অংশগ্ৰহণ কৰে। 

এনটিপিচি, বঙাইগাঁৱৰ চিএছআৰ-ৰ সমৰ্থনত বিটিচি চৰকাৰে ছেৰিকালচাৰ বিভাগৰ সহযোগত ৰূপায়ণ কৰা এই প্ৰকল্পৰ বাবে মুঠ ৩০.০০ লাখ টকা ব্যয় কৰা হৈছে। এৰী ছিল্ক পালন আৰু হস্ততাঁত বয়নৰ জৰিয়তে পৰিবেশ-পৰ্যটন সংযুক্ত জীৱিকা উন্নয়নক প্ৰসাৰিতকৰণৰ অৰ্থে মথাম্বিল বন গাঁৱক প্ৰকল্প ক্ষেত্ৰ হিচাপে চিনাক্ত কৰা হৈছে। এই পদক্ষেপে ৮৯ গৰাকী পালনকাৰী আৰু ৩৬ গৰাকী বয়নকাৰীক সামৰি ১২৫ গৰাকী মহিলা হিতাধিকাৰীক প্ৰত্যক্ষভাৱে উপকৃত কৰিছে তথা সমীপৱৰ্তী সমগ্ৰ অঞ্চলটোৰ ৭৭৯ জনৰো অধিক হিতাধিকাৰী আৰু ১,৭০০ ৰো অধিক গাঁওবাসীক পৰোক্ষভাৱে সহায় কৰিছে।

ইয়াত ভাষণ প্ৰদানেৰে  দেৰহাসত বসুমতাৰীয়ে কয় যে অঞ্চলটোৰ গ্ৰামীণ জীৱিকাক সম্প্ৰসাৰণৰ ক্ষেত্ৰত বড়োলেণ্ড ছেৰিকালচাৰ মিছনে মূল চালিকা শক্তিৰ ভূমিকা পালন কৰিছে। ইয়াৰ জৰিয়তে মহিলা-চালিত অৰ্থনৈতিক কাৰ্য্যকলাপত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। তেওঁ উল্লেখ কৰে যে মথাম্বিল বন গাঁৱত গ্ৰহণ কৰা এই পদক্ষেপে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, পৰিবেশ-পৰ্যটন আৰু বড়ো সমাজৰ পৰম্পৰাগত ছিল্ক ঐতিহ্যৰ এক অৰ্থপূৰ্ণ অভিসৰণক সূচিত কৰে। তেওঁ আৰু কয় যে এনটিপিচি, বঙাইগাঁৱে আগবঢ়োৱা বিক্ৰী-তথা-প্ৰদৰ্শন কাউন্টাৰৰ জৰিয়তে ফৰৱাৰ্ড মাৰ্কেট লিংকেজ সৃষ্টিৰ ফলশ্ৰুতিত বয়নকাৰীসকলে তেওঁলোকৰ সামগ্ৰীৰ উচিত মূল্য লাভৰ লগতে ইয়াৰ জৰিয়তে যুৱক-যুৱতী আৰু মহিলাসকল স্থানীয় সম্পদ আৰু দক্ষতাৰে বদ্ধমূল বহনক্ষম জীৱিকাৰ পদ্ধতিৰে জড়িত হ’বলৈ উৎসাহিত হ’ব।

ইয়াত  অমিত কুমাৰ আস্থানাই কয় যে এনটিপিচি, বঙাইগাঁও ইয়াৰ চিএছআৰ কাৰ্য্যক্ৰমৰ জৰিয়তে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত সমাজ-কেন্দ্ৰিক উন্নয়নমূলক পদক্ষেপসমূহলৈ সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত অংগীকাৰবদ্ধ হৈ আছে। ইয়াৰ জৰিয়তে জীৱিকা সৃষ্টি, দক্ষতা বিকাশ আৰু নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে এৰী ছিল্ক আৰু হস্ততাঁত গাঁও পদক্ষেপে স্থানীয় সংস্কৃতি আৰু পাৰিপাৰ্শ্বিক বহনক্ষমতাৰ সৈতে অৰ্থনৈতিক সুযোগসমূহক সংযুক্তকৰণৰ অৰ্থে এনটিপিচি-ৰ পন্থাকে প্ৰতিফলিত কৰিছে। প্ৰকল্পটোৱে তৃণমূল পৰ্য্যায়ৰ উদ্যমিতাক সুদৃঢ়কৰণ, মহিলা হিতাধিকাৰীসকলৰ আয়ৰ সুযোগ বৃদ্ধি আৰু অঞ্চলটোৰ চহকী হস্ততাঁত পৰম্পৰাক সংৰক্ষণ কৰাত অৰিহণা যোগোৱাৰ লগতে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে এক অনন্য পৰিবেশ-পৰ্যটন অভিজ্ঞতা সৃষ্টি কৰিব বুলি আশা কৰা হৈছে বুলি শ্ৰী আস্থানাই লগতে কয়।

আনুমানিক ৫.৯০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত বিক্ৰী-তথা-প্ৰদৰ্শন কাউন্টাৰটোক স্থানীয়ভাৱে উৎপাদিত এৰী ছিল্ক আৰু হস্ততাঁত সামগ্ৰীৰাজিক থূপাই-প্ৰদৰ্শনৰ অৰ্থে সমৰ্পিত প্ৰদৰ্শন ব্যৱস্থাৰে পৰম্পৰাগত আছাম টাইপৰ ৰূপত গঢ়ি তোলা হৈছে। ইয়াক গাঁওখনৰ মহিলা হিতাধিকাৰীসকলে পৰিচালনা কৰিব। ইয়াৰ ফলশ্ৰুতিত তেওঁলোকৰ সামগ্ৰী সমূহৰ বাবে প্ৰত্যক্ষ বজাৰ প্ৰৱেশ আৰু মূল্য নিৰ্ধাৰণ সম্ভৱ হৈ উঠিব। ইয়াৰ জৰিয়তে অঞ্চলটোৰ মহিলাসকলৰ জীৱিকা আৰু অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ ঘটিব।

বিস্তৃত প্ৰকল্প হস্তক্ষেপসমূহৰ ভিতৰত আছে এৰী ছিল্ক পলু পালনৰ বাবে কেছেৰু (কেষ্টৰ আৰু টাপিঅ’কা) ৰোপণ, পালন গৃহ নিৰ্মাণ, সামূহিক গোটসমূহক কটা মেচিন প্ৰদান, আনুষংগিক সামগ্ৰীৰ সৈতে উন্নত প্ৰমাণিত তাঁতশাল যোগান, মানসম্পন্ন এৰী সূতাৰ যোগান আৰু এই সমৰ্পিত বিক্ৰী মঞ্চ গঢ়ি তোলা।

এই পদক্ষেপে পৰিবেশ-পৰ্যটন ব্যৱস্থাক প্ৰসাৰিত কৰি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক ঐতিহ্যক বড়ো সমাজৰ চহকী সাংস্কৃতিক পৰম্পৰাৰ সৈতে একত্ৰিত কৰিছে। ৱাইল্ডলাইফ ছাফাৰী, ট্ৰেকিং আৰু পক্ষী দৰ্শনৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা দৰ্শনাৰ্থীসকলে পৰম্পৰাগত এৰী ছিল্ক পালন, কটা কাৰ্য্য আৰু বয়ন পদ্ধতি প্ৰত্যক্ষ কৰাৰো সুযোগ লাভ কৰিব। একেদৰে তেওঁলোকে স্থানীয় শিল্পীসকলৰ পৰা পোনপটীয়াকৈ প্ৰামাণিক হস্ততাঁত সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

এই প্ৰকল্পই বজাৰ সংযোগক সুদৃঢ়কৰণ, মহিলাৰ অৰ্থনৈতিক সবলীকৰণক প্ৰসাৰিতকৰণ, পৰম্পৰাগত শিল্পকৰ্মক সংৰক্ষণ আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত বহনক্ষম জীৱিকাৰ উন্নয়ন সাধনত সহায় কৰিব বুলি আশা কৰা হৈছে।

RELATED ARTICLES
Lucknow
few clouds
35.3 ° C
35.3 °
35.3 °
29 %
2.2kmh
18 %
Wed
34 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular