31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমনলবাৰীত বিশ্ব শান্তিৰ্থে শ্ৰী শ্ৰী হনুমান আৰু লক্ষ্মী দেৱী যজ্ঞ আৰম্ভ*

নলবাৰীত বিশ্ব শান্তিৰ্থে শ্ৰী শ্ৰী হনুমান আৰু লক্ষ্মী দেৱী যজ্ঞ আৰম্ভ*

নলবাৰীত বিশ্ব শান্তিৰ্থে শ্ৰী শ্ৰী হনুমান আৰু লক্ষ্মী দেৱী যজ্ঞ আৰম্ভ*

*ভাগ্যশ্ৰী মটৰচ্‌ত ষষ্ঠ বাৰ্ষিক হনুমান-লক্ষ্মী যজ্ঞ আৰু এঘাৰ হাজাৰ অখণ্ড হনুমান চালিশা পাঠ*

ষ্টাফৰিপোৰ্টাৰ দুৰ্নীতিৰ দৰ্পন ২৮ ফেব্ৰুৱাৰীঃ-নলবাৰী জিলাৰ গণেশ মন্দিৰ চ’কৰ সমীপত থকা ভাগ্যশ্ৰী মটৰচ্‌ত অইন বেলিৰ দৰে এইবেলিও তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ষষ্ঠ বাৰ্ষিক শ্ৰী শ্ৰীহনুমান আৰু লক্ষ্মী দেৱী যজ্ঞ লগতে এঘাৰ হাজাৰ অখণ্ড হনুমান চালিশা পাঠ কৰা হয়।

শনিবাৰৰ পৰা সোমবাৰলৈ অনুষ্ঠিত হনুমান-লক্ষ্মী যজ্ঞৰ আজি অৰ্থাৎ শনিবাৰ প্ৰথম দিনা  জল আৰোহণৰে যজ্ঞৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।ভাগ্যশ্ৰী মটৰচ্‌ৰ পৰিচালন সঞ্চালক দিলীপ কুমাৰ দাস সহিতে ভাগ্যশ্ৰী পৰিয়ালে পাগলাদিয়াৰ পৰা জল আৰোহণ কৰে।ইয়াৰ পিছত বন্তি প্ৰজ্বলন ও স্তুতি পাঠ কৰা হয়।তৃতীয় কাৰ্যসূচী অনুযায়ী ভাগ্যশ্ৰী মটৰচ্‌স্থিত প্ৰয়াত যমুনা দাসৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্ঞলন ও মাল্যাৰ্পন কৰা হয়।ইয়াৰ লগে-লগে শ্ৰী শ্ৰী লক্ষ্মী-হনুমান পাঠ ও যজ্ঞ আৰম্ভ হয়।।দুপৰীয়া ভোগৰ ব্যৱস্থা কৰা হয় য’ত কেইবা শতাধিক ভক্তই ভোগ গ্ৰহণ কৰা পৰিলক্ষিত হয়।সন্ধিয়া বন্তি প্ৰজ্বলন ও আতাচবাছী প্ৰজ্বলন কৰা হয়।ইয়াৰ পিছত আৰতি আৰু পুষ্পাঞ্জলি প্ৰদানৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ সামৰণী পৰে।।একেদৰে ৰবিবাৰ আৰু সোমবাৰেও ভালেমান কাৰ্যসূচীৰে লক্ষ্মী-হনুমান যজ্ঞ ৰূপায়ণ কৰা হব আৰু এই যজ্ঞত সমূহ ৰাইজৰ উপস্থিতি ভাগ্যশ্ৰী পৰিয়ালে শ্ৰদ্ধাৰে কামনা কৰে।

উল্লেখ্য ভাগ্যশ্ৰী মটৰচ্‌ৰ পৰিচালন সঞ্চালক দিলীপ কুমাৰ দাসে উল্লেখ কৰে যে এগৰাকী সনাতণী হিন্দু হিচাপে প্ৰতি বছৰে এই যজ্ঞ ভাগী কৰি আহিছে আৰু আগন্তক সময়তো কৰি যাব।বিশ্বত যাতে শান্তি-সমৃদ্ধি বিৰাজমান হৈ থাকে তাৰ বাবে মা লক্ষ্মী আৰু বীৰ হনুমানক যজ্ঞৰ মাধ্যমৰে সেৱা-প্ৰাৰ্থনা জনাই।

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular