ক্ষুদ্ৰবিষ্টুপুৰ প্ৰাথমিক বিদ্যালয়ত পঞ্চাদশ বিত্তীয় আয়োগৰ ২ লাখ ৫৫ হাজাৰ টকাৰে পকী বেৰ নিৰ্মাণৰ শুভাৰম্ভণী , অসমত উন্নয়নৰ ধাৰা বৈছে- হিতেশ ব্ৰহ্ম
ষ্টাফৰিপোৰ্টাৰ দুৰ্নীতিৰ দৰ্পন, নলবাৰী, ৫ মাৰ্চ :: বিজেপি চৰকাৰ আৰু অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ আৰু কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত অসমত উন্নয়নৰ ধাৰা বৈছে ৷ এই মন্তব্য পশ্চিম বনভাগ জিলা পৰিষদৰ সদস্য তথা নলবাৰী জিলা পৰিষদৰ উপ সভাপতি হিতেশ ব্ৰহ্মৰ । আজি নলবাৰী জিলাৰ ৩৯ নং নলবাৰী বিধান সভা সমষ্টিৰ ঘগ্রাপাৰ ৰাজহ চক্ৰৰ, বড়িগোগ বনভাগ শিক্ষাখণ্ডৰ অৰ্ন্তগত এখন আগশাৰীৰ চৰকাৰী শিক্ষানুষ্ঠান ক্ষুদ্ৰবিষ্টুপুৰ প্ৰাথমিক বিদ্যালয়ত পঞ্চাদশ বিত্তীয় আয়োগৰ (২০২৪-২৫) আনটাইড ধনৰ অধীনত ২ লাখ ৫৫ হাজাৰ টকাৰে নিৰ্মাণ হবলগীয়া পকী বেৰ শুভাৰম্ভণী অনুষ্ঠানত আধাৰশিলা স্থাপন কৰি হিতেশ ব্ৰহ্ম কয় যে-
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনে শিক্ষা , স্বাস্থ্য , ক্ৰীড়া , ৰাস্তা ঘাটকে ধৰি বিভিন্ন ক্ষেত্ৰত উন্নয়ন কৰিছে ৷ আজি পকী বেৰ আধাৰশিলা স্থাপন কৰাটো চৰকাৰৰ উন্নয়নৰ এটা অংশ ৷ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীত যথেষ্টখিনি উন্নয়ন কৰিছে বুলি উল্লেখ কৰি বিদ্যালয়খনত নিৰ্মাণ হ’বলগীয়া পকী বেৰে ছাত্ৰ ছাত্ৰীৰ দীর্ঘদিনীয়া সমস্যা সমাধান হব বুলি মন্তব্য কৰে। বিদ্যালয় খনৰ শিক্ষক গৌতম গোস্বামী আৰু বিজেপি কৰ্মী প্ৰণৱ শৰ্মা আঁত ধৰা শুভাৰম্ভণী অনুষ্ঠানটোত বিদ্যালয়ৰ প্ৰধান শিক্ষক ত্ৰৈলোক্য বৰ্মন, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মুনিন্দ্ৰ কলিতা , প্ৰাক্তন ছাত্ৰ তথা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য উৎপল কলিতা , বৰুণ ৰাজবংশী , ঘগ্ৰাপাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অৰবিন্দ বৰ্মন , ১৫ নং সাগৰকুছি বিষ্টুপুৰ গাও পঞ্চায়তৰ আঞ্চলিক সদস্যা লতিকা ৰাজবংশী বৰ্মন, সভানেত্ৰী প্ৰণিতা কলিতা, ক্ষুদ্ৰবিষ্টুপুৰ সাহানবিষ্টুপুৰ গাও সভাৰ সদস্যা যুতিকা বনিয়া ৰাজবংশী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ সহকাৰী সম্পাদক শংকৰ কলিতা, ঘগ্ৰাপাৰ মণ্ডল কৃষান মৰ্চাৰ সভাপতি প্ৰতুল চৌধুৰী , ক্ষুদ্ৰবিষ্টুপুৰ বুথ সভাপতি নাৰায়ণ কলিতা , বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্র- ছাত্রী , প্ৰাক্তন ছাত্ৰ ছাত্ৰী ,
অভিভাৱক অভিভাৱিকা , দলীয় নেতা কৰ্মীকে ধৰি ৰাইজ উপস্থিত থাকে ৷
ক্ষুদ্ৰবিষ্টুপুৰ প্ৰাথমিক বিদ্যালয়ত পঞ্চাদশ বিত্তীয় আয়োগৰ ২ লাখ ৫৫ হাজাৰ টকাৰে পকী বেৰ নিৰ্মাণৰ শুভাৰম্ভণী , অসমত উন্নয়নৰ ধাৰা বৈছে- হিতেশ ব্ৰহ্ম
Lucknow
overcast clouds
36
°
C
36
°
36
°
41 %
6.1kmh
100 %
Wed
35
°
Thu
36
°
Fri
34
°
Sat
35
°
Sun
35
°

