32.9 C
New Delhi
Friday, June 5, 2026
spot_img
Homeঅসমজনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ পানী যোগান আঁচনিসমূহৰ পৰিচালনা আৰু মেৰামতি সন্দৰ্ভত

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ পানী যোগান আঁচনিসমূহৰ পৰিচালনা আৰু মেৰামতি সন্দৰ্ভত

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ পানী যোগান আঁচনিসমূহৰ পৰিচালনা আৰু মেৰামতি সন্দৰ্ভত

দুৰ্নীতিৰ দৰ্পন ,মৰিগাঁও , ৫ মাৰ্চ: মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত অনমিকা তেৱাৰীৰ সভাপতিত্বত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত হিতাধিকাৰীৰ পৰা নিয়মীয়া শুল্ক সংগ্ৰহৰ জৰিয়তে এই আঁচনিসমূহৰ পৰিচালনা আৰু দীৰ্ঘ-স্থায়িত্ব সুনিশ্চিত কৰাৰ বিষয়ে আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে উন্নয়ন খণ্ড বিষয়া আৰু গাওঁ পঞ্চায়তৰ সচিবসকলক জল মিত্ৰসকলৰ কাম-কাজৰ ওপৰত চকু ৰাখিবলৈ নিৰ্দেশ দিয়ে। তেওঁ জল ব্যৱহাৰকাৰী সমিতিসমূহক সমূহীয়া অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে ব্যাপক সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়। তেওঁ প্ৰতিটো পৰিয়ালৰ পৰা নূন্যতম ৩০ৰ পৰা ৫০ টকাৰ শুল্ক নিয়মীয়াকৈ সংগ্ৰহ কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায় যাতে আঁচনিসমূহ সুচাৰুৰূপে পৰিচালনা কৰিব পৰা যায়। জিলা আয়ুক্তগৰাকীয়ে নৱনিযুক্ত পঞ্চায়ত সচিবসকলক গ্ৰামাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে উদ্ভাৱনী চিন্তাধাৰাৰে আগবাঢ়িব আহিবলৈ আহ্বান জনায়। সভাত ভাষণ দি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈয়ে উল্লেখ কৰে যে মেৰামতিৰ কাম কৰিবলৈ প্ৰতিখন গাঁও পঞ্চায়ততে একোখন নিৰ্মাণ সমিতি গঠন কৰিব লাগিব। তেওঁ সমিতি গঠনৰ বাবে প্ৰয়োজনীয় চৰ্ত আৰু নিয়মসমূহৰ বিষয়ে উল্লেখ কৰে। সভাত অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰাই পানী যোগান আঁচনিসমূহত বিদ্যুতৰ অপব্যৱহাৰ যেনে ই-বাহন চাৰ্জ কৰা বা অন্যান্য ব্যক্তিগত ব্যৱহাৰ আদি কঠোৰভাৱে ৰোধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা বাবুল বড়ো, উন্নয়ন খণ্ড বিষয়া আৰু জিলাখনৰ পঞ্চায়ত সচিবসকল উপস্থিত আছিল।

RELATED ARTICLES
Lucknow
broken clouds
34.5 ° C
34.5 °
34.5 °
28 %
0.5kmh
76 %
Fri
42 °
Sat
41 °
Sun
44 °
Mon
45 °
Tue
45 °

Most Popular