চুৰি মটৰ চাইকেল সন্দৰ্ভত হাজো আৰক্ষীৰ তীব্ৰতৰ অভিযান , ঘটনা স্থলীৰ পৰা এগৰাকীক লোকক আটক
দুৰ্নীতিৰ দৰ্পণ হাজো ১৩মে, হাজো ৰাজহ চক্ৰৰ অধীনস্থ ২নংশলমাৰীত হাজো আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি মটৰ চাইকেল চুৰি চক্ৰৰ লগত জৰিত এগৰাকী লোকক আটক কৰে। ঘটনাৰ বিবৰণী অনুসৰি আৰক্ষীৰ অভিযানত এখন হি’ৰ গ্লেমাৰ মটৰ চাইকেল উদ্ধাৰ কৰে। এনে চুৰি চক্ৰৰ লগত জড়িত থকা লোক গৰাকী ২নং শলমাৰীৰ প্ৰয়াত ৰমজান আলীৰ পুত্ৰ আজগৰ আলী (৪৫) বুলি জানিব পৰা গৈছে। উদ্ধাৰ হোৱা মটৰ চাইকেল খনৰ বিৱৰণ নিৰ্মাতা/মডেল -GLAMOUR(HE)(DRUM-SET-CAST)চেচিচ নং-MAJ101KGF32339, ইঞ্জিন নংJA 06ERKGF29773, আৰক্ষীৰ প্ৰাথমিক সোধ পোছৰ অন্ততঃ উল্লেখিত মটৰ চাইকেল খন প্ৰায় ৭মাহ পুৰ্বে মালিগাঁৱ(গোশালা) অঞ্চলৰ পৰা নাইকীয়া হৈছিল। ইফালে মটৰ চাইকেল খন নোহোৱা সন্দৰ্ভত গৰাকীয়ে মালিগাঁৱ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল। ইয়াৰোপৰি অভিযুক্তই মটৰ চাইকেল খনৰ মূল নম্বৰ প্লেটৰ সৈতে হস্তক্ষেপ কৰিছিল আৰু নিজৰ পৰিচয় গোপন কৰিবলৈ উক্ত মটৰ চাইকেল খনত আন এখন নম্বৰ প্লেট ব্যৱহাৰ কৰিছিল। অভিযুক্তৰ পৰা উদ্ধাৰ হোৱা মটৰ চাইকেল সন্দৰ্ভত পৰবৰ্তীকালত আইনী প্ৰক্ৰিয়াৰ বাবে ৰামদিয়া আৰক্ষী চকীত হাজিৰ কৰাৰ উপৰিও অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখে।

